--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দীঘলীয়া অসুস্থতাৰ পাছত জীৱনাৱসান ঘটিল উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ। ছেপছিছ আৰু শৰীৰৰৰ একাধিক অংগ বিকল হৈ পৰাৰ ফলতে জ্যেষ্ঠ ৰাজনীতিকজনৰ মৃত্যু হয়। শনিবাৰে নিশাৰ ভাগত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৮৯ বছৰ। সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল ছাইন্সেজৰ আইচিইউত তেওঁ দীঘলীয়া সময় ধৰি চিকিতসাধীন হৈ আছিল।

৪জুলাইতে তেওঁক চিকিতসালয়খনত ভৰ্তি কৰোঁৱা হৈছিল। শুকুৰবাৰে তেওঁ অৱস্থাৰ অধিক অৱনতি ঘটে। কল্যাণ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা টুইটত তেওঁ কল্যাণ সিঙৰ অৱদানৰ কথা স্মৰণ কৰে। তেওঁ লিখিছে সমাজৰ অৱহেলিত স্তৰৰ অসংখ্য লোকক কণ্ঠ দিছিল কল্যাণ সিঙে।

যুৱ সমাজ, কৃষক আৰু মহিলাৰ সৱলীকৰণৰ বাবে তেওঁ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল বুলিও মোদীয়ে টুইটটোত উল্লেখ কৰে। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সিং দুবাৰলৈ উত্তৰ প্ৰদেশ মুখ্যমন্ত্ৰী হোৱাৰ লগতে, ৰাজস্থানৰ ৰাজ্যপালৰূপেও সেৱা আগবঢ়াইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ