--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দীঘলীয়া অসুস্থতাৰ পাছত জীৱনাৱসান ঘটিল উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ। ছেপছিছ আৰু শৰীৰৰৰ একাধিক অংগ বিকল হৈ পৰাৰ ফলতে জ্যেষ্ঠ ৰাজনীতিকজনৰ মৃত্যু হয়। শনিবাৰে নিশাৰ ভাগত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৮৯ বছৰ। সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল ছাইন্সেজৰ আইচিইউত তেওঁ দীঘলীয়া সময় ধৰি চিকিতসাধীন হৈ আছিল।

৪জুলাইতে তেওঁক চিকিতসালয়খনত ভৰ্তি কৰোঁৱা হৈছিল। শুকুৰবাৰে তেওঁ অৱস্থাৰ অধিক অৱনতি ঘটে। কল্যাণ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা টুইটত তেওঁ কল্যাণ সিঙৰ অৱদানৰ কথা স্মৰণ কৰে। তেওঁ লিখিছে সমাজৰ অৱহেলিত স্তৰৰ অসংখ্য লোকক কণ্ঠ দিছিল কল্যাণ সিঙে।

যুৱ সমাজ, কৃষক আৰু মহিলাৰ সৱলীকৰণৰ বাবে তেওঁ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল বুলিও মোদীয়ে টুইটটোত উল্লেখ কৰে। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সিং দুবাৰলৈ উত্তৰ প্ৰদেশ মুখ্যমন্ত্ৰী হোৱাৰ লগতে, ৰাজস্থানৰ ৰাজ্যপালৰূপেও সেৱা আগবঢ়াইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক