--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছোভিয়েট ৰাছিয়াৰ য়ুৰী গাগৰিনে ১৯৬১ চনত প্রথমজন মানৱ হিচাপে চন্দ্রত পদার্পণ কৰাৰ সময়ৰে পৰা ৰাছিয়াই চন্দ্ৰত মহাকাশ অভিযান চলাই আছে।

ডিজিটেল ডেস্ক : ৰাছিয়াই অহা ১০ বছৰৰ ভিতৰত চন্দ্ৰত এটা পাৰমাণৱিক শক্তি প্রকল্প নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। বিশ্বৰ অন্যতম শক্তিধৰ দেশ ৰাছিয়াই পৃথিৱীৰ একমাত্র উপগ্ৰহটোৰ অন্বেষণ প্রক্রিয়া বৃদ্ধি কৰাৰ সময়তে এই তথ্য প্ৰকাশ কৰিছে।


ৰাছিয়াৰ চৰকাৰী মহাকাশ প্রতিষ্ঠান, ৰছকচমচে শেহতীয়াকৈ এটা বিবৃতিযোগে প্রকাশ কৰে যে ২০৩৬ চনৰ ভিতৰত দেশখনে চন্দ্ৰত পাৰমাণবিক শক্তি প্রকল্প নিৰ্মাণ কৰি উলিয়াব। ছোভিয়েট ৰাছিয়াৰ য়ুৰী গাগৰিনে ১৯৬১ চনত প্রথমজন মানৱ হিচাপে চন্দ্রত পদার্পণ কৰাৰ সময়ৰে পৰা ৰাছিয়াই চন্দ্ৰত মহাকাশ অভিযান চলাই আছে। অৱশ্যে, শেহতীয়া দশকবোৰত আমেৰিকা আৰু চীনৰ তুলনাত ৰাছিয়াৰ মহাকাশ অভিযানৰ কিছু ছন্দ পতন হৈছে।


লক্ষণীয়ভাবে ২০২৩ চনৰ আগষ্ট মাহত ৰাছিয়াৰ চন্দ্ৰ অভিযানত কিছু প্রত্যাহ্বান আহে। ৰুছ মানৱবিহীন লুনা-২৫ অভিযান চন্দ্ৰপৃষ্ঠত ধ্বংস হোৱাৰ পাছতে দেশখনৰ মহাকাশ অভিযানলৈ গভীৰ প্ৰত্যাহ্বান আহে। আনহাতে, ৰাছিয়াই ইয়াৰ চন্দ্ৰ মহাকাশ কাৰ্যসূচীৰ সমর্থনত ২০৩৬ চনৰ ভিতৰত এটা পাৰমাণৱিক শক্তি প্রকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ লগতে চন্দ্রপৃষ্ঠত ৰাছিয়া-চীনৰ এটা যুটীয়া মহাকাশ গৱেষণা কেন্দ্রও স্থাপন কৰা হ'ব। ৰছকচমচে বিবৃতিটোত কয় যে এই চন্দ্ৰ পাৰমাণৱিক শক্তি প্রকল্পটো বিকশিত কৰিবলৈ ৰুছ চৰকাৰে লেভস্কিন এছ'চিয়েশ্যনৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ