--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছোভিয়েট ৰাছিয়াৰ য়ুৰী গাগৰিনে ১৯৬১ চনত প্রথমজন মানৱ হিচাপে চন্দ্রত পদার্পণ কৰাৰ সময়ৰে পৰা ৰাছিয়াই চন্দ্ৰত মহাকাশ অভিযান চলাই আছে।

ডিজিটেল ডেস্ক : ৰাছিয়াই অহা ১০ বছৰৰ ভিতৰত চন্দ্ৰত এটা পাৰমাণৱিক শক্তি প্রকল্প নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। বিশ্বৰ অন্যতম শক্তিধৰ দেশ ৰাছিয়াই পৃথিৱীৰ একমাত্র উপগ্ৰহটোৰ অন্বেষণ প্রক্রিয়া বৃদ্ধি কৰাৰ সময়তে এই তথ্য প্ৰকাশ কৰিছে।


ৰাছিয়াৰ চৰকাৰী মহাকাশ প্রতিষ্ঠান, ৰছকচমচে শেহতীয়াকৈ এটা বিবৃতিযোগে প্রকাশ কৰে যে ২০৩৬ চনৰ ভিতৰত দেশখনে চন্দ্ৰত পাৰমাণবিক শক্তি প্রকল্প নিৰ্মাণ কৰি উলিয়াব। ছোভিয়েট ৰাছিয়াৰ য়ুৰী গাগৰিনে ১৯৬১ চনত প্রথমজন মানৱ হিচাপে চন্দ্রত পদার্পণ কৰাৰ সময়ৰে পৰা ৰাছিয়াই চন্দ্ৰত মহাকাশ অভিযান চলাই আছে। অৱশ্যে, শেহতীয়া দশকবোৰত আমেৰিকা আৰু চীনৰ তুলনাত ৰাছিয়াৰ মহাকাশ অভিযানৰ কিছু ছন্দ পতন হৈছে।


লক্ষণীয়ভাবে ২০২৩ চনৰ আগষ্ট মাহত ৰাছিয়াৰ চন্দ্ৰ অভিযানত কিছু প্রত্যাহ্বান আহে। ৰুছ মানৱবিহীন লুনা-২৫ অভিযান চন্দ্ৰপৃষ্ঠত ধ্বংস হোৱাৰ পাছতে দেশখনৰ মহাকাশ অভিযানলৈ গভীৰ প্ৰত্যাহ্বান আহে। আনহাতে, ৰাছিয়াই ইয়াৰ চন্দ্ৰ মহাকাশ কাৰ্যসূচীৰ সমর্থনত ২০৩৬ চনৰ ভিতৰত এটা পাৰমাণৱিক শক্তি প্রকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ লগতে চন্দ্রপৃষ্ঠত ৰাছিয়া-চীনৰ এটা যুটীয়া মহাকাশ গৱেষণা কেন্দ্রও স্থাপন কৰা হ'ব। ৰছকচমচে বিবৃতিটোত কয় যে এই চন্দ্ৰ পাৰমাণৱিক শক্তি প্রকল্পটো বিকশিত কৰিবলৈ ৰুছ চৰকাৰে লেভস্কিন এছ'চিয়েশ্যনৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু