--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই পদক্ষেপেৰে বিশ্ববিদ্যালয়খনে উত্তৰ-পূৰ্বাঞ্চললৈ মহাকাশ বিজ্ঞানৰ প্রায়োগিক সম্প্ৰসাৰিত কৰাৰ ক্ষেত্রত এক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে

ডিজিটেল ডেস্ক: অসম ডনবস্ক' বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ হিচাপে উৎক্ষেপণৰ বাবে সাজু কৰি তুলিছে লাচিত-১। এই পদক্ষেপেৰে বিশ্ববিদ্যালয়খনে উত্তৰ-পূৰ্বাঞ্চললৈ মহাকাশ বিজ্ঞানৰ প্রায়োগিক সম্প্ৰসাৰিত কৰাৰ ক্ষেত্রত এক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে।


বিশ্ববিদ্যালয়খনৰ অধ্যাপক বিক্রমজিৎ কাকতিৰ নেতৃত্বত এই ঐতিহাসিক উদ্ভাৱনত অংশ লৈছে অসম, মেঘালয় নগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ২০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৰু তেওঁলোকক নেতৃত্ব দিছে ক্রমে সুবাসনা বৰুৱা, পার্থিৱ ভূঞা, জলী সিনহা, লেডী চিৰাগ মমিন আৰু হেৰিক ক্লিভেন কুৰবাহে। আনহাতে, এই কৃত্রিম উপগ্রহ প্রস্তুত কৰোঁতে এই দলটোৱে সহায় লৈছে হায়দৰাবাদৰ ধ্ৰুৱ স্পেচ প'লাৰ একছেছ-১ কাৰ্যসূচীৰ। বিশ্ববিদ্যালয়খনৰ শিক্ষক-ছাত্ৰৰ দলটোৱে সাজু কৰি তোলা লাচিত-১ উপগ্ৰহটোৱে যোগাযোগৰ ব্যৱস্থাটো অধিক সুগম কৰি তোলাত সহায় কৰিব। এই উপগ্ৰহটোহে তলৰ ষ্টেছনবোৰে প্ৰেৰণ কৰা সৰু সৰু বাৰ্তাবোৰ সংৰক্ষণ কৰি ৰাখিব। 


এই ব্যৱস্থাটো বানপানী, ভূমিস্খলন আদিৰ দৰে দুৰ্যোগৰ সময়ত যেতিয়া উত্তৰ-পূবৰ আন আন যোগাযোগৰ মাধ্যমসমূহ বিকল হৈ পৰিব তেতিয়া অত্যন্ত ফলপ্রসূ হিচাপে বিবেচিত হ'ব। অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ উপাচার্য জ'ছ পালেলিয়ে লাচিত-১ কেৱল এক উপগ্রহ উৎক্ষেপণ কার্যসূচী নহয়, এয়া হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ মানসিকতা বুলি অভিহিত কৰিছে। তেওঁ কয় যে শিক্ষার্থীসকলক এটা উপগ্রহ ডিজাইন কৰাৰ পৰা আৰম্ভ, কৰি প্ৰস্তুত কৰি তাক কক্ষপথত স্থাপন কৰালৈকে দিয়া শিক্ষাই ভৱিষ্যতৰ বিজ্ঞানী, অভিযন্তা আৰু নেতাৰ বীজ প্ৰতিপালন কৰা হৈছে বুলি মন্তব্য কৰে। 


উল্লেখযোগ্য যে এই উপগ্রহটো উৎক্ষেপণ কৰাৰ পাছত ই বিশ্বৰ পঞ্জীয়নভুক্ত ৰেডিঅ' অ'পাৰেটৰসকলৰ বাবেও উপলব্ধ হ'ব আৰু বিশ্ব সমুদায়ো এই উপগ্ৰহৰ জৰিয়তে তথ্য প্ৰেৰণৰ পৰীক্ষা-নিৰীক্ষাৰ অংশ হ'ব পাৰিব। এই প্ৰসংগতে উল্লেখযোগ্য যে নাকৰ 'এ' গ্রেডপ্রাপ্ত ডনবস্ক' বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে গৱেষণা আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দক্ষতাৰ বাবে জি এছ আই আৰ অ'ৰ এছ আই আৰ অ' 'চার্টিফিকেট' লাভ কৰিবলৈ সক্ষম হৈছে। অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা লাচিত-১-ক উৎক্ষেপণ কৰি কক্ষপথত স্থাপন কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভোগালী বিহুৰ পূৰ্বে 'পহলে ইণ্ডিয়া ফাউণ্ডেশ্যন'ৰ ভয়ংকৰ তথ্য ; গুৱাহাটীৰ বজাৰৰ থলুৱা মাছত মাৰাত্মক আছেনিক-সীহ
'২৬ অস্কাৰৰ দৌৰত দুখন ভাৰতীয় চিনেমা
পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ অসমৰ চাইবাৰ অপৰাধ ; ডুবাই হৈ পাকিস্তানলৈ প্ৰেৰণ কৰা হয় ধন
ভাৰতীয় সেনাত অত্যাধুনিক 'ভৈৰৱ বেটেলিয়ন', শেহতীয়া যুদ্ধ কৌশলত পাকৈত নতুন সৈন্যবলক মোতায়েন কৰিব সীমান্তত
ড'নাল্ড ট্রাম্পৰ হুংকাৰ; ভাৰতৰ বিৰুদ্ধে আৰোপ কৰিব ৫০০% শুল্ক
দহ বছৰত ১০২ সাংসদৰ সম্পত্তি ১১০% বৃদ্ধি, 'এ ডি আৰ', 'নেশ্যনেল ইলেকশ্যন ৱা'ৰ প্ৰতিবেদনত প্রকাশিত তথ্য
বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই গভাইত চোৰ
বিধ্বংসী আক্ৰমণৰ ১০০০ বছৰ; সোমনাথ জ্যোতিৰ্লিংগ মন্দিৰত ‘সোমনাথ স্বাভিমান পৰ্ব’ৰ আয়োজন
ধান উৎপাদনত বিশ্বৰ শীৰ্ষ স্থানত ভাৰত; মার্কিন গৱেষণা সংস্থা 'ইউনাইটেড ষ্টেট্‌ছ ডিপার্টমেন্ট অব্ এগ্রিকালচাৰ'ৰ তথ্যত প্ৰকাশ
ইখনৰ পিছত সিখন ৰাষ্ট্ৰক ৰঙা চকু ট্রাম্পৰ; ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ধমকি দিলে ট্রাম্পে
ম'হ যুঁজৰ বাবে সাজু মৰিগঞা ম'হ গোৱাল, গোনা মহে শিং ধৰাইছে মৰিগাঁৱত
সত্ৰাধিকাৰৰ পৰিয়ালত মিঞা, ভোটাৰ তালিকাত ব্যাপক বিসংগতি, হতভম্ব ধিঙৰ নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়াল
"মোদীৰ সৈতে মোৰ সম্পৰ্ক অতি ভাল, কিন্তু তেওঁ মোৰ ওপৰত অসন্তুষ্ট" ভাৰতৰ সৈতে সম্পৰ্ক সন্দৰ্ভত কি ক’লে ট্ৰাম্পে?
ট্রাম্পক প্রত্যাহ্বান কলম্বিয়াৰ ৰাষ্ট্ৰপতি পেট্ৰ'ৰ, হোৱাইট হাউছ দখলৰ হুংকাৰ মাডুৰোৰ পুত্ৰ নিকোলাছৰ