--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই পদক্ষেপেৰে বিশ্ববিদ্যালয়খনে উত্তৰ-পূৰ্বাঞ্চললৈ মহাকাশ বিজ্ঞানৰ প্রায়োগিক সম্প্ৰসাৰিত কৰাৰ ক্ষেত্রত এক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে

ডিজিটেল ডেস্ক: অসম ডনবস্ক' বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ হিচাপে উৎক্ষেপণৰ বাবে সাজু কৰি তুলিছে লাচিত-১। এই পদক্ষেপেৰে বিশ্ববিদ্যালয়খনে উত্তৰ-পূৰ্বাঞ্চললৈ মহাকাশ বিজ্ঞানৰ প্রায়োগিক সম্প্ৰসাৰিত কৰাৰ ক্ষেত্রত এক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে।


বিশ্ববিদ্যালয়খনৰ অধ্যাপক বিক্রমজিৎ কাকতিৰ নেতৃত্বত এই ঐতিহাসিক উদ্ভাৱনত অংশ লৈছে অসম, মেঘালয় নগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ২০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৰু তেওঁলোকক নেতৃত্ব দিছে ক্রমে সুবাসনা বৰুৱা, পার্থিৱ ভূঞা, জলী সিনহা, লেডী চিৰাগ মমিন আৰু হেৰিক ক্লিভেন কুৰবাহে। আনহাতে, এই কৃত্রিম উপগ্রহ প্রস্তুত কৰোঁতে এই দলটোৱে সহায় লৈছে হায়দৰাবাদৰ ধ্ৰুৱ স্পেচ প'লাৰ একছেছ-১ কাৰ্যসূচীৰ। বিশ্ববিদ্যালয়খনৰ শিক্ষক-ছাত্ৰৰ দলটোৱে সাজু কৰি তোলা লাচিত-১ উপগ্ৰহটোৱে যোগাযোগৰ ব্যৱস্থাটো অধিক সুগম কৰি তোলাত সহায় কৰিব। এই উপগ্ৰহটোহে তলৰ ষ্টেছনবোৰে প্ৰেৰণ কৰা সৰু সৰু বাৰ্তাবোৰ সংৰক্ষণ কৰি ৰাখিব। 


এই ব্যৱস্থাটো বানপানী, ভূমিস্খলন আদিৰ দৰে দুৰ্যোগৰ সময়ত যেতিয়া উত্তৰ-পূবৰ আন আন যোগাযোগৰ মাধ্যমসমূহ বিকল হৈ পৰিব তেতিয়া অত্যন্ত ফলপ্রসূ হিচাপে বিবেচিত হ'ব। অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ উপাচার্য জ'ছ পালেলিয়ে লাচিত-১ কেৱল এক উপগ্রহ উৎক্ষেপণ কার্যসূচী নহয়, এয়া হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ মানসিকতা বুলি অভিহিত কৰিছে। তেওঁ কয় যে শিক্ষার্থীসকলক এটা উপগ্রহ ডিজাইন কৰাৰ পৰা আৰম্ভ, কৰি প্ৰস্তুত কৰি তাক কক্ষপথত স্থাপন কৰালৈকে দিয়া শিক্ষাই ভৱিষ্যতৰ বিজ্ঞানী, অভিযন্তা আৰু নেতাৰ বীজ প্ৰতিপালন কৰা হৈছে বুলি মন্তব্য কৰে। 


উল্লেখযোগ্য যে এই উপগ্রহটো উৎক্ষেপণ কৰাৰ পাছত ই বিশ্বৰ পঞ্জীয়নভুক্ত ৰেডিঅ' অ'পাৰেটৰসকলৰ বাবেও উপলব্ধ হ'ব আৰু বিশ্ব সমুদায়ো এই উপগ্ৰহৰ জৰিয়তে তথ্য প্ৰেৰণৰ পৰীক্ষা-নিৰীক্ষাৰ অংশ হ'ব পাৰিব। এই প্ৰসংগতে উল্লেখযোগ্য যে নাকৰ 'এ' গ্রেডপ্রাপ্ত ডনবস্ক' বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে গৱেষণা আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দক্ষতাৰ বাবে জি এছ আই আৰ অ'ৰ এছ আই আৰ অ' 'চার্টিফিকেট' লাভ কৰিবলৈ সক্ষম হৈছে। অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা লাচিত-১-ক উৎক্ষেপণ কৰি কক্ষপথত স্থাপন কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ