--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ‘অপাৰেচন সিন্দূৰ’ত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল এছ-৪০০ ব্যৱস্থা। সেই সময়ত কাৰিকৰী ইনপুটৰ বিশ্লেষণৰ বাবে এই তথ্য তৎক্ষণাত ৰাজহুৱা কৰা হোৱা নাছিল।

ডিজিটেল ডেস্কঃ  বেংগালুৰুত বায়ুসেনাৰ মুৰব্বী বায়ু প্ৰধান মাৰ্শ্বাল এ.পি. য়ে দাবী কৰে যে, ভাৰতীয় বায়ুসেনাই ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত পাকিস্তানক কঠোৰ উত্তৰ দি ৬ খন যুঁজাৰু বিমান ধ্বংস কৰিছে। ইয়াৰ ভিতৰত আছিল ৫খন যুঁজাৰু বিমান আৰু এখন এয়াৰবৰ্ণ আৰ্লি ৱাৰ্নিং এণ্ড কণ্ট্ৰল আৰু ইলেক্ট্ৰনিক ইনটেলিজেন্স বিমান।


এই কাৰ্যত ভাৰতে জেকববাদ বিমান ঘাটিত ৰখাই থোৱা কিছু বিমানকো লক্ষ্য কৰি লৈছিল।


বায়ুসেনাৰ তথ্য অনুসৰি বোলাৰী বিমানঘাটিত সংঘটিত হোৱা নিৰ্দিষ্ট আক্ৰমণত পাকিস্তানৰ এয়াৰবৰ্ণ আৰ্লি ৱাৰ্নিং এণ্ড কণ্ট্ৰল আৰু ইলেক্ট্ৰনিক ইনটেলিজেন্স বিমানকো ধ্বংস কৰা হয়। এই বিমানখন আকাশী চোৰাংচোৱাগিৰি আৰু চোৰাংচোৱা সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই কাৰ্য্যৰ বাবে বিশেষ চোৰাংচোৱাৰ ইনপুট ব্যৱহাৰ কৰা হৈছিল।


‘অপাৰেচন সিন্দূৰ’ত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল এছ-৪০০ ব্যৱস্থা। সেই সময়ত কাৰিকৰী ইনপুটৰ বিশ্লেষণৰ বাবে এই তথ্য তৎক্ষণাত ৰাজহুৱা কৰা হোৱা নাছিল। ভাৰতীয় বায়ুসেনাই যোৱা ৭ মে’ত পাকিস্তানৰ ছয়খন বিমানক ধ্বংস কৰে, যিটো পাকিস্তানৰ বাবে বৃহ ক্ষতি।


আচলতে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈছিল ভাৰতে। য’ত ২৬জন নিৰীহ পৰ্যটকক পাকিস্তানী সংগঠন ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টি আৰ এফ)ৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। ইয়াৰ পিছত ভাৰতে পাকিস্তানৰ ভিতৰত আৰু পাকিস্তান দখল কৰা কাশ্মীৰত থকা সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহক লক্ষ্য কৰি ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ কৰে।


ভাৰতীয় সেনাৰ এই আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়। ইয়াৰ প্ৰতিশোধ হিচাপে পাকিস্তানে ভাৰতৰ সামৰিক আৰু অসামৰিক ঘাটিক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। ভাৰতীয় সেনাই ইয়াৰ বহু বিমান ঘাটি আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ