--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ‘অপাৰেচন সিন্দূৰ’ত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল এছ-৪০০ ব্যৱস্থা। সেই সময়ত কাৰিকৰী ইনপুটৰ বিশ্লেষণৰ বাবে এই তথ্য তৎক্ষণাত ৰাজহুৱা কৰা হোৱা নাছিল।

ডিজিটেল ডেস্কঃ  বেংগালুৰুত বায়ুসেনাৰ মুৰব্বী বায়ু প্ৰধান মাৰ্শ্বাল এ.পি. য়ে দাবী কৰে যে, ভাৰতীয় বায়ুসেনাই ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত পাকিস্তানক কঠোৰ উত্তৰ দি ৬ খন যুঁজাৰু বিমান ধ্বংস কৰিছে। ইয়াৰ ভিতৰত আছিল ৫খন যুঁজাৰু বিমান আৰু এখন এয়াৰবৰ্ণ আৰ্লি ৱাৰ্নিং এণ্ড কণ্ট্ৰল আৰু ইলেক্ট্ৰনিক ইনটেলিজেন্স বিমান।


এই কাৰ্যত ভাৰতে জেকববাদ বিমান ঘাটিত ৰখাই থোৱা কিছু বিমানকো লক্ষ্য কৰি লৈছিল।


বায়ুসেনাৰ তথ্য অনুসৰি বোলাৰী বিমানঘাটিত সংঘটিত হোৱা নিৰ্দিষ্ট আক্ৰমণত পাকিস্তানৰ এয়াৰবৰ্ণ আৰ্লি ৱাৰ্নিং এণ্ড কণ্ট্ৰল আৰু ইলেক্ট্ৰনিক ইনটেলিজেন্স বিমানকো ধ্বংস কৰা হয়। এই বিমানখন আকাশী চোৰাংচোৱাগিৰি আৰু চোৰাংচোৱা সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই কাৰ্য্যৰ বাবে বিশেষ চোৰাংচোৱাৰ ইনপুট ব্যৱহাৰ কৰা হৈছিল।


‘অপাৰেচন সিন্দূৰ’ত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল এছ-৪০০ ব্যৱস্থা। সেই সময়ত কাৰিকৰী ইনপুটৰ বিশ্লেষণৰ বাবে এই তথ্য তৎক্ষণাত ৰাজহুৱা কৰা হোৱা নাছিল। ভাৰতীয় বায়ুসেনাই যোৱা ৭ মে’ত পাকিস্তানৰ ছয়খন বিমানক ধ্বংস কৰে, যিটো পাকিস্তানৰ বাবে বৃহৎ ক্ষতি।


আচলতে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈছিল ভাৰতে। য’ত ২৬জন নিৰীহ পৰ্যটকক পাকিস্তানী সংগঠন ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টি আৰ এফ)ৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। ইয়াৰ পিছত ভাৰতে পাকিস্তানৰ ভিতৰত আৰু পাকিস্তান দখল কৰা কাশ্মীৰত থকা সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহক লক্ষ্য কৰি ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ কৰে।


ভাৰতীয় সেনাৰ এই আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়। ইয়াৰ প্ৰতিশোধ হিচাপে পাকিস্তানে ভাৰতৰ সামৰিক আৰু অসামৰিক ঘাটিক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। ভাৰতীয় সেনাই ইয়াৰ বহু বিমান ঘাটি আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু