--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেয়া খাদ্য আৰু বেয়া জীৱনশৈলীয়ে মানুহক ৰোগত পেলাইছে। ইয়াৰ ভিতৰত কলেষ্টেৰল বৃদ্ধিৰ সমস্যাটোৱেই আটাইতকৈ সাধাৰণ হৈ পৰিছে। কলেষ্টেৰল দুবিধ, ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল। আমি ইয়াক এইচ ডি এল আৰু এল ডি এল কলেষ্টেৰল বুলিও কওঁ। শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধিৰ বাবে আন বহুতো ডাঙৰ ৰোগৰ আশংকা থাকে। সেইবাবেই শৰীৰত ভাৰসাম্যপূৰ্ণ কলেষ্টেৰল থকাটো অতি প্ৰয়োজনীয়। কলেষ্টেৰল বৃদ্ধিৰ বাবে তেজৰ সোঁতত বিশেষ প্ৰভাৱ পৰে।

এনে পৰিস্থিতিত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ লক্ষণ কি কি সেয়া জানিব লাগে। শৰীৰৰ কিছুমান অংশত ইয়াৰ লক্ষণ স্পষ্টকৈ দেখা যায়। ইয়াৰ জৰিয়তে আপুনি সতৰ্ক হ’ব পাৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে। শৰীৰৰ কোনবোৰ অংশই কলেষ্টেৰল বৃদ্ধিৰ দিশত ইংগিত দিয়ে জানো আহক।

১) চকুৰ সংকেতঃ যেতিয়া শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পায় তেতিয়া প্ৰথমে ইয়াৰ লক্ষণ আপোনাৰ চকুত দেখা যায়। যদি আপুনি চকুৰ দৃষ্টিশক্তিৰ সৈতে জড়িত কোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে বুজি লওক যে এইটো কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ। আচলতে যিজন ব্যক্তিৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বেছি থাকে, তেওঁৰ চকুৰ কৰ্ণিয়াৰ বাহিৰৰ ফালে নীলা বা বগা ৰঙৰ গম্বুজৰ দৰে আকৃতি দেখা দিবলৈ আৰম্ভ কৰে।

২) হাতৰ বিষঃ হাতৰ বিষ হ’লে কলেষ্টেৰল বেছি হোৱাৰ লক্ষণ হ’ব পাৰে। যদি আপোনাৰ হাতত প্ৰায়ে বিষ হয়, তেন্তে ই বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ লক্ষণ। আচলতে যেতিয়া প্লেক অৰ্থাৎ চৰ্বি আমাৰ ধমনীবোৰৰ ভিতৰৰ স্তৰত জমা হয়, যিটো কোষীয় আৱৰ্জনা, চৰ্বি সমৃদ্ধ পদাৰ্থ আৰু কেলচিয়ামৰ দ্বাৰা গঠিত। ইয়াৰ বাবেই তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়। যাৰ বাবে হাতৰ বিষ হয়।

৩) ছালত চিন থাকেঃ ছালৰ যিকোনো ধৰণৰ পৰিৱৰ্তন, যেনে চকুৰ তলৰ ছালখন সামান্য হালধীয়া হোৱা, কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। এই ধৰণৰ ৰেখাডাল আপুনি নিশ্চয় কিছুমান মানুহৰ চকুৰ তলত দেখিছে। ইয়াৰ বাহিৰেও যদি আপুনি হাতৰ তলুৱা আৰু ভৰিৰ তলৰ অংশত এই ধৰণৰ ৰং বা ৰেখা দেখা পায় তেন্তে ইয়াক সহজভাৱে লোৱাৰ ভুল নকৰিব আৰু লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু