--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেয়া খাদ্য আৰু বেয়া জীৱনশৈলীয়ে মানুহক ৰোগত পেলাইছে। ইয়াৰ ভিতৰত কলেষ্টেৰল বৃদ্ধিৰ সমস্যাটোৱেই আটাইতকৈ সাধাৰণ হৈ পৰিছে। কলেষ্টেৰল দুবিধ, ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল। আমি ইয়াক এইচ ডি এল আৰু এল ডি এল কলেষ্টেৰল বুলিও কওঁ। শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধিৰ বাবে আন বহুতো ডাঙৰ ৰোগৰ আশংকা থাকে। সেইবাবেই শৰীৰত ভাৰসাম্যপূৰ্ণ কলেষ্টেৰল থকাটো অতি প্ৰয়োজনীয়। কলেষ্টেৰল বৃদ্ধিৰ বাবে তেজৰ সোঁতত বিশেষ প্ৰভাৱ পৰে।

এনে পৰিস্থিতিত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ লক্ষণ কি কি সেয়া জানিব লাগে। শৰীৰৰ কিছুমান অংশত ইয়াৰ লক্ষণ স্পষ্টকৈ দেখা যায়। ইয়াৰ জৰিয়তে আপুনি সতৰ্ক হ’ব পাৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে। শৰীৰৰ কোনবোৰ অংশই কলেষ্টেৰল বৃদ্ধিৰ দিশত ইংগিত দিয়ে জানো আহক।

১) চকুৰ সংকেতঃ যেতিয়া শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পায় তেতিয়া প্ৰথমে ইয়াৰ লক্ষণ আপোনাৰ চকুত দেখা যায়। যদি আপুনি চকুৰ দৃষ্টিশক্তিৰ সৈতে জড়িত কোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে বুজি লওক যে এইটো কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ। আচলতে যিজন ব্যক্তিৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বেছি থাকে, তেওঁৰ চকুৰ কৰ্ণিয়াৰ বাহিৰৰ ফালে নীলা বা বগা ৰঙৰ গম্বুজৰ দৰে আকৃতি দেখা দিবলৈ আৰম্ভ কৰে।

২) হাতৰ বিষঃ হাতৰ বিষ হ’লে কলেষ্টেৰল বেছি হোৱাৰ লক্ষণ হ’ব পাৰে। যদি আপোনাৰ হাতত প্ৰায়ে বিষ হয়, তেন্তে ই বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ লক্ষণ। আচলতে যেতিয়া প্লেক অৰ্থাৎ চৰ্বি আমাৰ ধমনীবোৰৰ ভিতৰৰ স্তৰত জমা হয়, যিটো কোষীয় আৱৰ্জনা, চৰ্বি সমৃদ্ধ পদাৰ্থ আৰু কেলচিয়ামৰ দ্বাৰা গঠিত। ইয়াৰ বাবেই তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়। যাৰ বাবে হাতৰ বিষ হয়।

৩) ছালত চিন থাকেঃ ছালৰ যিকোনো ধৰণৰ পৰিৱৰ্তন, যেনে চকুৰ তলৰ ছালখন সামান্য হালধীয়া হোৱা, কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। এই ধৰণৰ ৰেখাডাল আপুনি নিশ্চয় কিছুমান মানুহৰ চকুৰ তলত দেখিছে। ইয়াৰ বাহিৰেও যদি আপুনি হাতৰ তলুৱা আৰু ভৰিৰ তলৰ অংশত এই ধৰণৰ ৰং বা ৰেখা দেখা পায় তেন্তে ইয়াক সহজভাৱে লোৱাৰ ভুল নকৰিব আৰু লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক