--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে মিঠা বা সোৱাদ ভাল পাওঁ। এই সোৱাদৰ আঁৰত মানুহবোৰ মুগ্ধ হৈ পৰে। কিন্তু এই বিষয়ে বেছিকৈ চিন্তা কৰি লাভ নাই। কাৰণ মিঠাই খাব পাৰি। কিন্তু বেছিকৈ খোৱাতো‌ নকৰিব ।আচলতে মিঠাই (Sweets) বা চেনি (Sugar) ত বহুত কেলৰি থাকে। এই কেলৰিবোৰ শৰীৰৰ বাবে বেয়া। এনে ক্ষেত্ৰত শৰীৰৰ প্ৰয়োজন নোহোৱাকৈ কেলৰি শৰীৰত  সোমাই যায়। গতিকে এনে সময়তে সমস্যাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত ওজন বৃদ্ধি পায়। ইয়াত এটা কথা সচেতন হ’ব লাগে যে অতিৰিক্ত চেনি শৰীৰত উপনীত হৈ প্ৰায়ে চৰ্বিলৈ ৰূপান্তৰিত হয়। আৰু অতিৰিক্ত চৰ্বি শৰীৰৰ বাবে বেয়া। গতিকে প্ৰতিজন ব্যক্তিয়ে এই কথা মনত ৰাখিব লাগিব।

এতিয়া মানুহ স্বাস্থ্যৰ বিষয়ে অতি সচেতন । গতিকে তেওঁলোকে যিমান পাৰে ৰোগৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। আৰু এই কাৰণেই তেওঁলোকে ডায়েট চেঞ্জ লয়। এই ক্ষেত্ৰত প্ৰথমে তেওঁলোকে খাদ্য তালিকাৰ পৰা চেনি আৰু মিঠাই বাদ দিয়ে।

মিঠাই বা চেনি কম খালে শৰীৰৰ পৰা বহুত চুগাৰৰ পৰিমাণ কমি যাব। সেইটো এটা ভাল কথা। চেনি (Sugar Detox) নোখোৱা শৰীৰৰ বাবে বহুতো উপকাৰীতা আছে। কিন্তু এই ক্ষেত্ৰত হঠাতে চেনি নোখোৱাৰ ফলত শৰীৰত কিছু সমস্যা হব পাৰে, সেই বিষয়ে জানো আহক

ক্লান্তি হ’ব পাৰে- প্ৰায়ে দেখা যায় যে মিঠাই বা চেনি নোখোৱাকৈ শৰীৰ ভাগৰি পৰে। মিঠাই নাপালে ভাগৰ বা দুৰ্বলতা হ’ব পাৰে। গতিকে প্ৰতিজন ব্যক্তিয়েই সাৱধান হ’ব লাগিব।

মূৰৰ বিষ- চেনি এৰি দিয়াৰ আঁৰৰ অন্যতম কাৰণ হ’ব পাৰে মূৰৰ বিষ। আচলতে দেখা গৈছে যে ইমান দিন চেনি খোৱাৰ পিছত হঠাতে বন্ধ কৰিলে শৰীৰটো বেয়া হৈ পৰিব পাৰে। ইয়াৰ ফলত মূৰৰ বিষ হয়।

টোপনিৰ সমস্যা - আচলতে বিভিন্ন মানসিক গৱেষণাৰ পৰা দেখা গৈছে যে এই ক্ষেত্ৰত টোপনি সঠিকভাৱে নাহে। গতিকে প্ৰতিজন ব্যক্তিয়েই এই বিষয়টোৰ ওপৰত সতৰ্ক হোৱা উচিত। এনে অৱস্থাত টোপনি সমস্যা হ'লেও সাৱধান হওক। অপ্ৰয়োজনত আতংকিত নহ’ব। কিন্তু জটিলতাৰ প্ৰতি সচেতন হোৱাটো নিশ্চিতভাৱে ভাল।

উল্লেখযোগ্য যে এই প্ৰবন্ধটো কেৱল সজাগতাৰ উদ্দেশ্যে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক্ আৰু সুস্থ থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু