--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে মিঠা বা সোৱাদ ভাল পাওঁ। এই সোৱাদৰ আঁৰত মানুহবোৰ মুগ্ধ হৈ পৰে। কিন্তু এই বিষয়ে বেছিকৈ চিন্তা কৰি লাভ নাই। কাৰণ মিঠাই খাব পাৰি। কিন্তু বেছিকৈ খোৱাতো‌ নকৰিব ।আচলতে মিঠাই (Sweets) বা চেনি (Sugar) ত বহুত কেলৰি থাকে। এই কেলৰিবোৰ শৰীৰৰ বাবে বেয়া। এনে ক্ষেত্ৰত শৰীৰৰ প্ৰয়োজন নোহোৱাকৈ কেলৰি শৰীৰত  সোমাই যায়। গতিকে এনে সময়তে সমস্যাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত ওজন বৃদ্ধি পায়। ইয়াত এটা কথা সচেতন হ’ব লাগে যে অতিৰিক্ত চেনি শৰীৰত উপনীত হৈ প্ৰায়ে চৰ্বিলৈ ৰূপান্তৰিত হয়। আৰু অতিৰিক্ত চৰ্বি শৰীৰৰ বাবে বেয়া। গতিকে প্ৰতিজন ব্যক্তিয়ে এই কথা মনত ৰাখিব লাগিব।

এতিয়া মানুহ স্বাস্থ্যৰ বিষয়ে অতি সচেতন । গতিকে তেওঁলোকে যিমান পাৰে ৰোগৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। আৰু এই কাৰণেই তেওঁলোকে ডায়েট চেঞ্জ লয়। এই ক্ষেত্ৰত প্ৰথমে তেওঁলোকে খাদ্য তালিকাৰ পৰা চেনি আৰু মিঠাই বাদ দিয়ে।

মিঠাই বা চেনি কম খালে শৰীৰৰ পৰা বহুত চুগাৰৰ পৰিমাণ কমি যাব। সেইটো এটা ভাল কথা। চেনি (Sugar Detox) নোখোৱা শৰীৰৰ বাবে বহুতো উপকাৰীতা আছে। কিন্তু এই ক্ষেত্ৰত হঠাতে চেনি নোখোৱাৰ ফলত শৰীৰত কিছু সমস্যা হব পাৰে, সেই বিষয়ে জানো আহক

ক্লান্তি হ’ব পাৰে- প্ৰায়ে দেখা যায় যে মিঠাই বা চেনি নোখোৱাকৈ শৰীৰ ভাগৰি পৰে। মিঠাই নাপালে ভাগৰ বা দুৰ্বলতা হ’ব পাৰে। গতিকে প্ৰতিজন ব্যক্তিয়েই সাৱধান হ’ব লাগিব।

মূৰৰ বিষ- চেনি এৰি দিয়াৰ আঁৰৰ অন্যতম কাৰণ হ’ব পাৰে মূৰৰ বিষ। আচলতে দেখা গৈছে যে ইমান দিন চেনি খোৱাৰ পিছত হঠাতে বন্ধ কৰিলে শৰীৰটো বেয়া হৈ পৰিব পাৰে। ইয়াৰ ফলত মূৰৰ বিষ হয়।

টোপনিৰ সমস্যা - আচলতে বিভিন্ন মানসিক গৱেষণাৰ পৰা দেখা গৈছে যে এই ক্ষেত্ৰত টোপনি সঠিকভাৱে নাহে। গতিকে প্ৰতিজন ব্যক্তিয়েই এই বিষয়টোৰ ওপৰত সতৰ্ক হোৱা উচিত। এনে অৱস্থাত টোপনি সমস্যা হ'লেও সাৱধান হওক। অপ্ৰয়োজনত আতংকিত নহ’ব। কিন্তু জটিলতাৰ প্ৰতি সচেতন হোৱাটো নিশ্চিতভাৱে ভাল।

উল্লেখযোগ্য যে এই প্ৰবন্ধটো কেৱল সজাগতাৰ উদ্দেশ্যে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক্ আৰু সুস্থ থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ