--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই পদত্যাগ কৰাৰ পাছত অস্থিৰ হৈ পৰিছে শ্ৰীলংকা৷ সেনাৰ হাতলৈ ৰাষ্ট্ৰৰ শাসন গুচি যোৱাৰ পাছত অধিক অৱনতি ঘটিছে শ্ৰীলংকাৰ পৰিস্থিতি৷ ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ পদত্যাগ সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে ক্ৰিকেট তাৰকা সনথ জয়সূৰ্যই৷ সনথ জয়সূৰ্যই কেতিয়াও ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব বুলি ভবা নাছিল বুলি উল্লেখ কৰে৷

শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যই এক বিশেষ সাক্ষাৎকাৰত কয় যে অভূতপূৰ্ব অৰ্থনৈতিক সংকটক লৈ হোৱা প্ৰতিবাদৰ মাজতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে দেশৰ পৰা পলায়ন কৰিব বুলি তেওঁ আশা কৰা নাছিল। মই কেতিয়াও ভবা নাছিলোঁ যে এনেধৰণৰ ঘটনা হব আৰু আমি ভাবিছিলোঁ যে তেওঁ পদত্যাগ কৰিব আৰু দেশত থাকিব। দুৰ্ভাগ্যবশতঃ সেয়া হোৱা নাছিল। তেওঁ আজি পুৱা দেশ এৰি মালদ্বীপলৈ গৈছে৷

জয়সূৰ্যই কয়, শ্ৰীলংকাৰ লোকসকলে যোৱা কেইমাহমানত ইন্ধন, বিদ্যুৎ, গেছ আৰু স্বাস্থ্যৰ সংকট দেখিছে। মানুহে বিচৰা বস্তুবোৰ তাত নাই। তেওঁলোকে দীৰ্ঘদিন ধৰি সকলো চাপ শুহি লৈ আহিছে আৰু প্ৰতিবাদত মানুহ ৰাজপথলৈ ওলাই আহিছে৷

বিদ্যুতৰ ব্লেকআউট, মৌলিক সামগ্ৰীৰ অভাৱ আৰু বৰ্ধিত মূল্যৰ বাবে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে দীৰ্ঘদিন ধৰি ৰাজপাক্ষেক পদত্যাগ কৰিবলৈ দাবী জনাই আহিছিল। কিন্তু শেহতীয়া দিনবোৰত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰৱেশ কৰে, প্ৰধানমন্ত্ৰীৰ বাসগৃহত জুই লগাই দিয়ে আৰু ৰাষ্ট্ৰপতি ৰাজপাক্ষেক দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰোৱায়৷

প্ৰাক্তন ক্ৰিকেটাৰজনে কৈছিল যে কেইমাহমানৰ বাবে এখন সুস্থিৰ চৰকাৰ গঠন কৰাটো অধ্যক্ষ আৰু ৰাজনৈতিক দলসমূহৰ ওপৰত নিৰ্ভৰ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে দেখিব যে আমাৰ দেশ স্থিৰ, তেতিয়াহে তেওঁলোকে আহি শ্ৰীলংকাক সহায় কৰিবলৈ আগ্ৰহী হ, তেওঁ কয়।

তেওঁ পুনৰ কয়, ইয়াৰ পূৰ্বে কেৱল ভাৰতে আমাক এই সংকটৰ পৰা ওলাই আহিবলৈ ৪ বিলিয়ন ডলাৰ দিছিল। কিন্তু তথাপিও আমি নোৱাৰিলোঁ। আমাক আন দেশৰ পৰাও সহায়ৰ প্ৰয়োজন৷

ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ বাবে শ্ৰীলংকাই আজি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ পদত্যাগৰ প্ৰতিশ্ৰুতি দিয়া ৭৩ বছৰীয়া নেতা গোটাবায়া ৰাজপাক্ষে য়ে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেই দেশৰ পৰা পলাই যোৱাৰ কেইঘণ্টামান পিছত কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছে।

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে লংকাৰ পতাকা উৰুৱাই জৰুৰীকালীন অৱস্থাক অমান্য কৰিছিল আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ভৱনটো ঘেৰি ধৰিছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰে যিয়ে এটা বেৰিকেড ভাঙি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু তেওঁৰ পদত্যাগৰ আহ্বান জনাইছিল।

যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেই কৈছিল যে শ্ৰীলংকা এতিয়া দেউলীয়া দেশ কিয়নো দেশখনে দশকৰ ভিতৰত আটাইতকৈ বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে