--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই পদত্যাগ কৰাৰ পাছত অস্থিৰ হৈ পৰিছে শ্ৰীলংকা৷ সেনাৰ হাতলৈ ৰাষ্ট্ৰৰ শাসন গুচি যোৱাৰ পাছত অধিক অৱনতি ঘটিছে শ্ৰীলংকাৰ পৰিস্থিতি৷ ৰাষ্ট্ৰপতি ৰাজাপাক্ষেৰ পদত্যাগ সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে ক্ৰিকেট তাৰকা সনথ জয়সূৰ্যই৷ সনথ জয়সূৰ্যই কেতিয়াও ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব বুলি ভবা নাছিল বুলি উল্লেখ কৰে৷

শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যই এক বিশেষ সাক্ষাৎকাৰত কয় যে অভূতপূৰ্ব অৰ্থনৈতিক সংকটক লৈ হোৱা প্ৰতিবাদৰ মাজতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে দেশৰ পৰা পলায়ন কৰিব বুলি তেওঁ আশা কৰা নাছিল। মই কেতিয়াও ভবা নাছিলোঁ যে এনেধৰণৰ ঘটনা হব আৰু আমি ভাবিছিলোঁ যে তেওঁ পদত্যাগ কৰিব আৰু দেশত থাকিব। দুৰ্ভাগ্যবশতঃ সেয়া হোৱা নাছিল। তেওঁ আজি পুৱা দেশ এৰি মালদ্বীপলৈ গৈছে৷

জয়সূৰ্যই কয়, শ্ৰীলংকাৰ লোকসকলে যোৱা কেইমাহমানত ইন্ধন, বিদ্যুৎ, গেছ আৰু স্বাস্থ্যৰ সংকট দেখিছে। মানুহে বিচৰা বস্তুবোৰ তাত নাই। তেওঁলোকে দীৰ্ঘদিন ধৰি সকলো চাপ শুহি লৈ আহিছে আৰু প্ৰতিবাদত মানুহ ৰাজপথলৈ ওলাই আহিছে৷

বিদ্যুতৰ ব্লেকআউট, মৌলিক সামগ্ৰীৰ অভাৱ আৰু বৰ্ধিত মূল্যৰ বাবে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে দীৰ্ঘদিন ধৰি ৰাজপাক্ষেক পদত্যাগ কৰিবলৈ দাবী জনাই আহিছিল। কিন্তু শেহতীয়া দিনবোৰত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰৱেশ কৰে, প্ৰধানমন্ত্ৰীৰ বাসগৃহত জুই লগাই দিয়ে আৰু ৰাষ্ট্ৰপতি ৰাজপাক্ষেক দেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰোৱায়৷

প্ৰাক্তন ক্ৰিকেটাৰজনে কৈছিল যে কেইমাহমানৰ বাবে এখন সুস্থিৰ চৰকাৰ গঠন কৰাটো অধ্যক্ষ আৰু ৰাজনৈতিক দলসমূহৰ ওপৰত নিৰ্ভৰ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে দেখিব যে আমাৰ দেশ স্থিৰ, তেতিয়াহে তেওঁলোকে আহি শ্ৰীলংকাক সহায় কৰিবলৈ আগ্ৰহী হ, তেওঁ কয়।

তেওঁ পুনৰ কয়, ইয়াৰ পূৰ্বে কেৱল ভাৰতে আমাক এই সংকটৰ পৰা ওলাই আহিবলৈ ৪ বিলিয়ন ডলাৰ দিছিল। কিন্তু তথাপিও আমি নোৱাৰিলোঁ। আমাক আন দেশৰ পৰাও সহায়ৰ প্ৰয়োজন৷

ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ বাবে শ্ৰীলংকাই আজি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ পদত্যাগৰ প্ৰতিশ্ৰুতি দিয়া ৭৩ বছৰীয়া নেতা গোটাবায়া ৰাজপাক্ষে য়ে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেই দেশৰ পৰা পলাই যোৱাৰ কেইঘণ্টামান পিছত কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছে।

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে লংকাৰ পতাকা উৰুৱাই জৰুৰীকালীন অৱস্থাক অমান্য কৰিছিল আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ভৱনটো ঘেৰি ধৰিছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰে যিয়ে এটা বেৰিকেড ভাঙি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু তেওঁৰ পদত্যাগৰ আহ্বান জনাইছিল।

যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেই কৈছিল যে শ্ৰীলংকা এতিয়া দেউলীয়া দেশ কিয়নো দেশখনে দশকৰ ভিতৰত আটাইতকৈ বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি