--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশ্ৰীলংকাত এতিয়া জুই জ্বলিছে। এই জুই অভাৱৰ জুই, আকালৰ জুই। তীব্ৰ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা দ্বীপ ৰাষ্ট্ৰ খনৰ পৰা  ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই  পলায়ন কৰাৰ পিছতে দেশ খনত  জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

দ্বীপৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্ধৃতি দি এই কথা কোৱা হৈছে। কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ আজি  সামৰিক বাহিনীয়ে  কন্দুৱা গেছৰ  ব্যৱহাৰ কৰে৷ কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ চৌহদত শ শ  প্ৰতিবাদকাৰীয়ে অৱস্থান কৰি বাসগৃহত প্ৰৱেশৰ চেষ্টা চলাই আছে। 

শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন উপদেষ্টা এগৰাকীয়ে সংবাদমাধ্যমক কয়, "আমি বিচাৰো যে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰক। কিয়নো আমাৰ সংবিধান অনুসৰি যদি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰে তেন্তে প্ৰধানমন্ত্ৰীয়েই কাৰ্যকৰী ৰাষ্ট্ৰপতি হয়। মানুহে অৱশ্যে তেওঁলোক দুয়োৱে দেশ এৰি যোৱাটো বিচাৰে।"

 কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত বৃহৎ সংখ্যক  সামৰিক বাহিনীৰ জোৱান  মোতায়েন কৰা হৈছে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৭৩ বছৰীয়া ৰাজপাক্ষে, তেওঁৰ পত্নী আৰু দুজন দেহৰক্ষী মালদ্বীপৰ ৰাজধানী মালেলৈ পলাই গৈছে। 

শ্ৰীলংকাৰ বায়ু সেনাৰ এখন বিমানত উঠি তেওঁলোকে পলায়ন কৰা বুলি খবৰ পোৱা গৈছে।ইপিনে শ্ৰীলংকাৰ সংসদে ২০ জুলাইত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব বুলি জানিব পৰা গৈছে।

দেশ খনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ফলত সেনাই পূৰ্বতকৈ অধিক ক্ষমতা লাভ কৰিছে। অৱশ্যে যোৱা কিছুদিনত প্ৰতিবাদকাৰীৰ ওপৰত সেনাই গুলীবৰ্ষণ কৰাৰ ঘটনা ঘটা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি