--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশ্ৰীলংকাত এতিয়া জুই জ্বলিছে। এই জুই অভাৱৰ জুই, আকালৰ জুই। তীব্ৰ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা দ্বীপ ৰাষ্ট্ৰ খনৰ পৰা  ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই  পলায়ন কৰাৰ পিছতে দেশ খনত  জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

দ্বীপৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্ধৃতি দি এই কথা কোৱা হৈছে। কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ আজি  সামৰিক বাহিনীয়ে  কন্দুৱা গেছৰ  ব্যৱহাৰ কৰে৷ কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ চৌহদত শ শ  প্ৰতিবাদকাৰীয়ে অৱস্থান কৰি বাসগৃহত প্ৰৱেশৰ চেষ্টা চলাই আছে। 

শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন উপদেষ্টা এগৰাকীয়ে সংবাদমাধ্যমক কয়, "আমি বিচাৰো যে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰক। কিয়নো আমাৰ সংবিধান অনুসৰি যদি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰে তেন্তে প্ৰধানমন্ত্ৰীয়েই কাৰ্যকৰী ৰাষ্ট্ৰপতি হয়। মানুহে অৱশ্যে তেওঁলোক দুয়োৱে দেশ এৰি যোৱাটো বিচাৰে।"

 কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত বৃহৎ সংখ্যক  সামৰিক বাহিনীৰ জোৱান  মোতায়েন কৰা হৈছে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৭৩ বছৰীয়া ৰাজপাক্ষে, তেওঁৰ পত্নী আৰু দুজন দেহৰক্ষী মালদ্বীপৰ ৰাজধানী মালেলৈ পলাই গৈছে। 

শ্ৰীলংকাৰ বায়ু সেনাৰ এখন বিমানত উঠি তেওঁলোকে পলায়ন কৰা বুলি খবৰ পোৱা গৈছে।ইপিনে শ্ৰীলংকাৰ সংসদে ২০ জুলাইত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব বুলি জানিব পৰা গৈছে।

দেশ খনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ফলত সেনাই পূৰ্বতকৈ অধিক ক্ষমতা লাভ কৰিছে। অৱশ্যে যোৱা কিছুদিনত প্ৰতিবাদকাৰীৰ ওপৰত সেনাই গুলীবৰ্ষণ কৰাৰ ঘটনা ঘটা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন