--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জ্যেষ্ঠ সাংবাদিক ৰাহুল কানৱালৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ‘ইণ্ডিয়া টুডে কনক্লেভ’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ক্ৰোধৰ বলি হোৱাৰ সময়ত সমস্যাত পৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকী৷ জ্যেষ্ঠ সাংবাদিকজনৰ প্ৰতি শ্বাহৰ খঙাল উত্তৰে দেওবাৰে বেচ চৰ্চা লাভ কৰে সামাজিক মাধ্যমত।

ঘটনাটো শুকুৰবাৰে নতুন দিল্লীৰ ‘ইণ্ডিয়া টুডে কনক্লেভ’ত সংঘটিত হৈছিল, য’ত কানৱালে ভাৰতীয় সংবিধান সলনি কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ ওপৰত বিতৰ্কিত মন্তব্যৰ বিষয়ে প্ৰশ্ন সুধিছিল। কানৱালে সোধা প্ৰশ্নত গৃহমন্ত্ৰী অসন্তুষ্ট হৈছিল।

শ্বাহে কানৱালক বাধা দি ক’লে, অপেক্ষা কৰক, মই উত্তৰ নিদিয়াকৈ এৰিব নোৱাৰো। যেতিয়া এজন সাংসদে এটা বিবৃতি দিছিল, বিজেপিয়ে সাংসদজনৰ পৰা নিজকে আঁতৰাই ৰাখিছিল আৰু জাননী জাৰি কৰিছিল। ৰাহুল গান্ধীৰ দৰে সাংসদে যেতিয়া দেশখনক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতত বিভক্ত কৰাৰ বিষয়ে মন্তব্য কৰিছিল তেতিয়া আপুনি ইয়াৰ বিৰুদ্ধে একো কোৱা নাছিল৷

শ্বাহে ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট ঘোষণাৰ পাছত কংগ্ৰেছৰ বেংগালুৰু গ্ৰাম্যৰ সাংসদ ডি কে সুৰেশে কৰা মন্তব্যৰ কথা উল্লেখ কৰিছিল। উত্তৰ ভাৰতৰ ৰাজ্যসমূহক দিয়া বেছিভাগ পুঁজিক লৈ অসন্তুষ্ট হৈ সুৰেশে কয় যে যদি কেন্দ্ৰই দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ সমস্যাসমূহ উপেক্ষা কৰি থাকে, শীঘ্ৰে তেওঁলোকে এখন পৃথক দেশৰ দাবী কৰিব।

গৃহমন্ত্ৰীয়ে কানৱালৰ ওপৰত পক্ষপাতদুষ্ট সাংবাদিকতাৰো অভিযোগ উত্থাপন কৰিছিল। তেওঁ কৈছিল, ইয়াতকৈ বেছি পক্ষপাতিত্বমূলক সাংবাদিকতা থাকিব নোৱাৰে। আপুনি দুদিনৰ বাবে সংবিধান পৰিৱৰ্তনৰ বিষয়ে মন্তব্যৰ বিষয়ে আলোচনা কৰিছিল, কিন্তু ভাৰত বিভাজন সম্পৰ্কীয় মন্তব্যৰ ওপৰত অনুষ্ঠানো কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী