--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অতিশীঘ্ৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস হ'ব পাৰে ভাৰতত৷ এই সিদ্ধান্ত লোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে ভাৰতৰ বিত্ত মন্ত্ৰালয়ে৷ ভাৰতত আকাশলম্ভী পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ মাজতে এতিয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আবকাৰী শুল্ক হ্ৰাস কৰা বিকল্পৰ ওপৰত বিবেচনা কৰি আছে৷

আৰু পঢ়িব পাৰিব :বিশ্বনাথৰ চাহ বাগিচাত চাহপাত ছিঙি শ্ৰমিকৰে সৈতে বাৰ্তালাপ প্ৰিয়ংকাৰ

বিগত ১০ মাহত অশোধিত তেলৰ মূল্য দুগুণ বৃদ্ধি কৰি সৰ্বসাধাৰণক মাধমা সোধাইছিল। যাৰ ফলত সাধাৰণ ৰাইজে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্যৰ প্ৰায় ৬০% কৰ আৰু শুল্ক পৰিশোধ কৰিবলগীয়া হৈছে৷ কৰ'না মহামাৰীয়ে ভাৰতৰ অৰ্থিক কাৰ্য-কলাপক বাৰুকৈ হানি কৰিছিল৷ আৰু এনে সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিগত ১২মাহত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত দুবাৰ কৰ বৃদ্ধি কৰিছিল৷ যাৰ ফলত যোৱা বছৰ উপভোক্তাসকলকে তেলৰ মূল্য দুগুন পৰিশোধ কৰিবলগীয়া হয়৷

আৰু পঢ়িব পাৰিব :ভেৰগাঁৱত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱঃ ৭ পৰিয়ালৰ ক্ষতিসাধন

এনে অভাৱনীয় মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিত্ত মন্ত্ৰালয়ে এতিয়া কৰ হ্ৰাস কৰা সম্পৰ্কত বিবেচনা কৰিবলৈ বিভিন্ন ৰাজ্য, তেল কোম্পানী আৰু তেল মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি আছে। সূত্ৰৰ মতে কেন্দ্ৰই এইটোও চাব লাগিব যে, কৰ হ্ৰাস কৰাৰ দ্বাৰা ইয়াৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ নপৰে যাতে। ‘আমি দাম কেনেদৰে স্থিৰ ৰাখিব লাগে সেই বিষয়ে আলোচনা কৰি আছো। মাৰ্চৰ মাজভাগলৈ, ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু