--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মৰ পাছত অহা বাৰিষাৰ ফলত পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হয়, বতৰ সলনি হোৱাৰ লগতে আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰো পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় যাতে স্বাস্থ্যৰ ওপৰত ইয়াৰ কোনো বেয়া প্ৰভাৱ নপৰে।কাৰণ পৰিৱেশ পৰিৱৰ্তনৰ ফলত বহু ৰোগ আৰু সংক্ৰমণৰ আশংকা বাঢ়ি যায়, গতিকে ইয়াৰ প্ৰতিৰোধ হিচাপে আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰো পৰিৱৰ্তন কৰা উচিত।

বাৰিষাৰ সময়ত আমিষ খাদ্য গ্ৰহণ কৰাটো কিয় বিপদজনক?

ধৰ্মীয় দৃষ্টিকোণৰ পৰা চালে ভগৱান শিৱৰ পূজাৰ বাবে শাওণ মাহত আমিষ খাদ্য গ্ৰহণ কৰা নহয়, কিন্তু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও এই সময়ছোৱাত আমিষ খাদ্য গ্ৰহণৰ পৰা বিৰত থকা উচিত। ইয়াৰ কাৰণসমূহ হৈছে-

১. বাৰিষাত কালত বৰষুণৰ বাবে বতাহত আৰ্দ্ৰতা বৃদ্ধি পায়, ফলত ভেঁকুৰৰ সংক্ৰমণৰ আশংকা বাঢ়িবলৈ ধৰে আৰু খাদ্য-সামগ্ৰীসমূহ স্বাভাৱিকতকৈ কম সময়ৰ ভিতৰত নষ্ট ধৰিবলৈ ধৰে। কাৰণ বাৰিষাৰ বতৰত প্ৰত্যক্ষ সূৰ্য্যৰ তাপ আৰু পোহৰৰ অভাৱ হ’বলৈ ধৰে।

২. বৰষুণৰ সময়ত বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি পায় যাৰ ফলত আমাৰ পাচন প্ৰক্ৰিয়া হ্ৰাস পাবলৈ ধৰে। যিহেতু আমিষ খাদ্য হজম হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হয় সেয়েহে এনে খাদ্য অন্ত্ৰতে পচিবলৈ আৰম্ভ কৰে আৰু খাদ্য বিষক্ৰিয়াৰ আশংকাই দেখা দিয়ে।

৩. বাৰিষাৰ সময়ত পোক-পৰুৱাৰ সংখ্যা যথেষ্ট বৃদ্ধি পায় ফলত চিকুংগুনিয়া আৰু ডেংগু মহ বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ বাবে জীৱ-জন্তুবোৰো অসুস্থ হৈ পৰে, গতিকে এনে গৰু-ম’হৰ মাংস খোৱাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে।

৪. মাছ খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী, কিন্তু বাৰিষাত সময়ত ধাৰাসাৰ বৰষুণৰ ফলত সকলো ধৰণৰ মলি পানীলৈ বৈ যায়, ফলত মাছবোৰ প্ৰদূষিত হৈ পৰে আৰু এনে মাছ খোৱাৰ ফলত আপুনিও অসুস্থ হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু