--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মৰ পাছত অহা বাৰিষাৰ ফলত পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হয়, বতৰ সলনি হোৱাৰ লগতে আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰো পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় যাতে স্বাস্থ্যৰ ওপৰত ইয়াৰ কোনো বেয়া প্ৰভাৱ নপৰে।কাৰণ পৰিৱেশ পৰিৱৰ্তনৰ ফলত বহু ৰোগ আৰু সংক্ৰমণৰ আশংকা বাঢ়ি যায়, গতিকে ইয়াৰ প্ৰতিৰোধ হিচাপে আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰো পৰিৱৰ্তন কৰা উচিত।

বাৰিষাৰ সময়ত আমিষ খাদ্য গ্ৰহণ কৰাটো কিয় বিপদজনক?

ধৰ্মীয় দৃষ্টিকোণৰ পৰা চালে ভগৱান শিৱৰ পূজাৰ বাবে শাওণ মাহত আমিষ খাদ্য গ্ৰহণ কৰা হয়, কিন্তু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও এই সময়ছোৱাত মিষ খাদ্য গ্ৰহণৰ পৰা বিৰত থকা উচিত। ইয়াৰ কাৰণসমূহ হৈছে-

. বাৰিষাত কালত বৰষুণৰ বাবে বতাহত আৰ্দ্ৰতা বৃদ্ধি পায়, ফলত ভেঁকুৰৰ সংক্ৰমণৰ আশংকা বাঢ়িবলৈ ধৰে আৰু খাদ্য-সামগ্ৰীসমূহ স্বাভাৱিকতকৈ কম সময়ৰ ভিতৰত নষ্ট ধৰিবলৈ ধৰে। কাৰণ বাৰিষাৰ বতৰপ্ৰত্যক্ষ সূৰ্য্যৰ তাপ আৰু পোহৰৰ অভাৱ হ’বলৈ ধৰে।

. বৰষুণৰ সময়ত বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি পায় যাৰ ফলত আমাৰ পাচন প্ৰক্ৰিয়া হ্ৰাস পাবলৈ ধৰে। যিহেতু আমিষ খাদ্য হজম হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হয় সেয়েহে এনে খাদ্য অন্ত্ৰতে পচিবলৈ আৰম্ভ কৰে আৰু খাদ্য বিষক্ৰিয়াৰ আশংকা দেখা দিয়ে।

. বাৰিষাৰ সময়ত পোক-পৰুৱাৰ সংখ্যা যথেষ্ট বৃদ্ধি পায় ফলত চিকুংগুনিয়া আৰু ডেংগু মহ বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ বাবে জীৱ-জন্তুবোৰো অসুস্থ হৈ পৰে, গতিকে এনে গৰু-ম’হৰ মাংস খোৱাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে।

. মাছ খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী, কিন্তু বাৰিষাত সময়ত ধাৰাসাৰ বৰষুণৰ ফলত সকলো ধৰণৰ মলি পানীলৈ বৈ যায়, ফলত মাছবোৰ প্ৰদূষিত হৈ পৰে আৰু এনে মাছ খোৱাৰ ফলত আপুনি অসুস্থ হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ