--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কল্কি হৈছে ভগৱান বিষ্ণুৰ দশম আৰু অন্তিম অৱতাৰ। সনাতন ধৰ্মৰ বিশ্বাস অনুসৰি কলিযুগৰ অন্ত পৰাৰ পাছত ভগৱান বিষ্ণুৱে কল্কিৰ অৱতাৰত জন্ম গ্ৰহণ কৰি ধৰ্ম পুনৰুদ্ধাৰ কৰিব। শাওণ মাহৰ শুক্ল পক্ষৰ ষষ্ঠ দিনা ভগৱানৰ এই অৱতাৰ পৃথিৱীত অৱতৰণ কৰিব। সেইবাবেই প্ৰতি বছৰে শাওন ণ মাহত কল্কি জয়ন্তী শুক্ল পক্ষৰ ষষ্ঠ দিনা পালন কৰা হয়। এইবাৰ ৩ আগষ্ট বুধবাৰে পালন কৰা হ’ব কল্কি জয়ন্তী।

কল্কি জয়ন্তীৰ দিনা মন্দিৰত ভগৱান বিষ্ণুৰ বিশেষ পূজা কৰা হয়। কোৱা হয় যে কল্কি জয়ন্তীৰ দিনা ভগৱান বিষ্ণুক যথাযথভাৱে পূজা কৰিলে জীৱনৰ সকলো কষ্টৰ অন্ত পৰে। এই দিনটো শ্ৰীহৰিৰ ভক্ত সকলৰ অতি প্ৰিয়। বিষ্ণুৰ ভক্তসকলে কল্কি জয়ন্তীৰ দিনা ব্ৰত পালন কৰে। আৰু ভগৱান বিষ্ণুৰ প্ৰিয় বস্তুবোৰ তেওঁক অৰ্পণ কৰা হয়। এই বিশেষ দিনটোত বিষ্ণুৰ মন্ত্ৰ আৰু বিষ্ণু চালিছা আবৃত্তি কৰাটো শুভ বুলি বিবেচিত হৈছে।

শাওণ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথি ০৩ আগষ্ট বুধবাৰে পুৱা ০৫:৪১ বজাৰ পৰা আৰম্ভ হ’ব আৰু ০৪ আগষ্ট বৃহস্পতিবাৰে পুৱা ০৫:৪০ বজাত সামৰণি পৰিব। কিন্তু কল্কি জয়ন্তীৰ ব্ৰত কেৱল ০৩ আগষ্টত ৰখা হয় ।

কল্কিজয়ন্তীৰ দিনা বিষ্ণু পূজা কেনেকৈ কৰিব 

কল্কি জয়ন্তীৰ দিনা ৰাতিপুৱাই স্নান কৰি ব্ৰত প্ৰতিজ্ঞা লওক। যদি আপোনাৰ ওচৰত কল্কি অৱতাৰৰ মূৰ্তি নাই তেন্তে ভগৱান বিষ্ণুৰ মূৰ্তি প্ৰতিষ্ঠা কৰি জলাভীষেক কৰক। ইয়াৰ পিছত কুমকুমৰ লগত শ্ৰীহৰিৰ তিলক প্ৰদান কৰি তেওঁক অক্ষত আগবঢ়াওক। ভগৱান বিষ্ণুক ভুলতো ভঙা চাউল আগবঢ়াব নালাগে।

তিলক আৰু অক্ষত প্ৰদান কৰাৰ পাছত ভগৱানক ফল, ফুল, আবীৰ, ধূপ-ধূনা  আদি অৰ্পণ কৰি ভগৱানৰ সন্মুখত তেল বা ঘিউৰ প্ৰদীপ জ্বলাই দিব লাগে। ভগৱান কল্কিক পূজা কৰাৰ পাছত তেওঁৰ আৰতি কৰক। এনে কৰিলে ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি ৰৈ যায়। কল্কি অৱতাৰক পূজা কৰিলে জীৱনত চলি থকা সমস্যাবোৰ দূৰ হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ