--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কল্কি হৈছে ভগৱান বিষ্ণুৰ দশম আৰু অন্তিম অৱতাৰ। সনাতন ধৰ্মৰ বিশ্বাস অনুসৰি কলিযুগৰ অন্ত পৰাৰ পাছত ভগৱান বিষ্ণুৱে কল্কিৰ অৱতাৰত জন্ম গ্ৰহণ কৰি ধৰ্ম পুনৰুদ্ধাৰ কৰিব। শাওণ মাহৰ শুক্ল পক্ষৰ ষষ্ঠ দিনা ভগৱানৰ এই অৱতাৰ পৃথিৱীত অৱতৰণ কৰিব। সেইবাবেই প্ৰতি বছৰে শাওন ণ মাহত কল্কি জয়ন্তী শুক্ল পক্ষৰ ষষ্ঠ দিনা পালন কৰা হয়। এইবাৰ ৩ আগষ্ট বুধবাৰে পালন কৰা হ’ব কল্কি জয়ন্তী।

কল্কি জয়ন্তীৰ দিনা মন্দিৰত ভগৱান বিষ্ণুৰ বিশেষ পূজা কৰা হয়। কোৱা হয় যে কল্কি জয়ন্তীৰ দিনা ভগৱান বিষ্ণুক যথাযথভাৱে পূজা কৰিলে জীৱনৰ সকলো কষ্টৰ অন্ত পৰে। এই দিনটো শ্ৰীহৰিৰ ভক্ত সকলৰ অতি প্ৰিয়। বিষ্ণুৰ ভক্তসকলে কল্কি জয়ন্তীৰ দিনা ব্ৰত পালন কৰে। আৰু ভগৱান বিষ্ণুৰ প্ৰিয় বস্তুবোৰ তেওঁক অৰ্পণ কৰা হয়। এই বিশেষ দিনটোত বিষ্ণুৰ মন্ত্ৰ আৰু বিষ্ণু চালিছা আবৃত্তি কৰাটো শুভ বুলি বিবেচিত হৈছে।

শাওণ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথি ০৩ আগষ্ট বুধবাৰে পুৱা ০৫:৪১ বজাৰ পৰা আৰম্ভ হ’ব আৰু ০৪ আগষ্ট বৃহস্পতিবাৰে পুৱা ০৫:৪০ বজাত সামৰণি পৰিব। কিন্তু কল্কি জয়ন্তীৰ ব্ৰত কেৱল ০৩ আগষ্টত ৰখা হয় ।

কল্কিজয়ন্তীৰ দিনা বিষ্ণু পূজা কেনেকৈ কৰিব 

কল্কি জয়ন্তীৰ দিনা ৰাতিপুৱাই স্নান কৰি ব্ৰত প্ৰতিজ্ঞা লওক। যদি আপোনাৰ ওচৰত কল্কি অৱতাৰৰ মূৰ্তি নাই তেন্তে ভগৱান বিষ্ণুৰ মূৰ্তি প্ৰতিষ্ঠা কৰি জলাভীষেক কৰক। ইয়াৰ পিছত কুমকুমৰ লগত শ্ৰীহৰিৰ তিলক প্ৰদান কৰি তেওঁক অক্ষত আগবঢ়াওক। ভগৱান বিষ্ণুক ভুলতো ভঙা চাউল আগবঢ়াব নালাগে।

তিলক আৰু অক্ষত প্ৰদান কৰাৰ পাছত ভগৱানক ফল, ফুল, আবীৰ, ধূপ-ধূনা  আদি অৰ্পণ কৰি ভগৱানৰ সন্মুখত তেল বা ঘিউৰ প্ৰদীপ জ্বলাই দিব লাগে। ভগৱান কল্কিক পূজা কৰাৰ পাছত তেওঁৰ আৰতি কৰক। এনে কৰিলে ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি ৰৈ যায়। কল্কি অৱতাৰক পূজা কৰিলে জীৱনত চলি থকা সমস্যাবোৰ দূৰ হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু