--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনি দেৱক ন্যায় আৰু ফলাফলৰ দাতা হিচাপে গণ্য কৰা হয়। শনিয়ে মানুহক বেয়া কামৰ শাস্তি দিয়াৰ সমান্তৰালকৈ শুভ ফলো প্ৰদান কৰে। শনিৰ ক্ৰোধক সকলোৱে ভয় কৰে কাৰণ শনিৰ কূপ-দৃষ্টিৰ তলত থকা সকলে জীৱনত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যদি শনি দেৱক ভালদৰে পূজা কৰা হয়, তেন্তে তেওঁ ভক্তসকলৰ দুখ-কষ্ট হ্ৰাস কৰে। শনি দেৱৰ বাহিৰেও যদি মানুহে শনিদোষক পৰিহাৰ কৰিবলৈ তিনি দেৱতাক পূজা কৰে তেন্তে শনিৰ আশীৰ্বাদ পায়। কিছুমান কামত শনি দেৱৰ খং উঠে।যেনে-

১. কোনো নাৰী, বয়োজ্যেষ্ঠ আৰু বিধৱাক কেতিয়াও অপমান নকৰিব। মহিলাৰ লগত যিকোনো ধৰণৰ মানসিক, আৱেগিক বা শাৰীৰিক হিংসা কৰিলে শনি দেৱৰ খং উঠে। যিসকল লোকে ব্যভিচাৰ কৰে, বা নাৰীৰ প্ৰতি ভুল চিন্তা কৰে, এনে লোকে শনি দেৱৰ ক্ৰোধ সহ্য কৰিব লগা হয়।

২. যেতিয়া কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে কাৰোবাৰ ধন ঘূৰাই নিদিয়ে, তেতিয়া সেই ব্যক্তিজনে শনি ভগৱানৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হয়। গতিকে যদি আপুনি কাৰোবাৰ পৰা ধাৰ লৈছে তেন্তে সোনকালে ঘূৰাই দিয়ক। লগতে শনি দেৱ জীৱ-জন্তু বিশেষকৈ কুকুৰক হত্যা আৰু অত্যাচাৰ কৰাসকলৰ প্ৰতি অসন্তুষ্ট হয়।

৩. যেতিয়া আপোনাৰ কাম নষ্ট হ’বলৈ আৰম্ভ কৰে, আৰু আপুনি মাজে মাজে মিছা কথা ক’বলৈ আৰম্ভ কৰে, তেতিয়া বুজিব লাগে যে আপোনাৰ কিছুমান কামত শনি দেৱ খং উঠে। শনিদেৱৰ খং উঠিলে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। আদালতৰ গোচৰৰ বিষয় বা বিবাদত জড়িত হ’ব পাৰে। মনত সদায় অস্থিৰতা থাকে। ইয়াৰ সমান্তৰালকৈ হঠাৎ ধনৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে।

শাওন মাহত শনি দেৱক সন্তুষ্ট কৰাৰ উপায়

১. সূৰ্যাস্তৰ পিছত শনি দেৱক পূজা কৰা হয়। শাওণৰ শনিবাৰে সূৰ্যাস্তৰ পিছত মন্দিৰত থকা আহঁত গছৰ তলত চাকি জ্বলাব লাগে।এই প্ৰতিকাৰে আৰ্থিক সমস্যাৰ পৰা সকাহ দিয়ে বুলি বিশ্বাস কৰা হয়।

২. শাওনৰ শনিবাৰে শনি দেৱক সৰিয়হ বা তিল তেলৰ লগতে নীলা ফুল আগবঢ়াওক। ইয়াৰ পিছত শনি চলিছা আবৃত্তি কৰক। এটা কথা মনত ৰাখিব যে আবৃত্তি কৰি থাকোঁতে শনি দেৱৰ মূৰ্তিলৈ নাচাব।

৩. শনিবাৰে আহঁত গছত সাতবাৰ ঘূৰক। 

৪. দুখীয়া আৰু আৰ্তজনক সহায় কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে দৰিদ্ৰতা দূৰ হয়।

৫. শাওনৰ শনিবাৰে নিজৰ সামৰ্থ্য অনুযায়ী তেল দান কৰক।

৬. শাওনৰ শনিবাৰে ভগৱান শিৱৰ জলাভিষেক কৰক আৰু শিৱ চলিছা পাঠ কৰক।












FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ