--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনি দেৱক ন্যায় আৰু ফলাফলৰ দাতা হিচাপে গণ্য কৰা হয়। শনিয়ে মানুহক বেয়া কামৰ শাস্তি দিয়াৰ সমান্তৰালকৈ শুভ ফলো প্ৰদান কৰে। শনিৰ ক্ৰোধক সকলোৱে ভয় কৰে কাৰণ শনিৰ কূপ-দৃষ্টিৰ তলত থকা সকলে জীৱনত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যদি শনি দেৱক ভালদৰে পূজা কৰা হয়, তেন্তে তেওঁ ভক্তসকলৰ দুখ-কষ্ট হ্ৰাস কৰে। শনি দেৱৰ বাহিৰেও যদি মানুহে শনিদোষক পৰিহাৰ কৰিবলৈ তিনি দেৱতাক পূজা কৰে তেন্তে শনিৰ আশীৰ্বাদ পায়। কিছুমান কামত শনি দেৱৰ খং উঠে।যেনে-

১. কোনো নাৰী, বয়োজ্যেষ্ঠ আৰু বিধৱাক কেতিয়াও অপমান নকৰিব। মহিলাৰ লগত যিকোনো ধৰণৰ মানসিক, আৱেগিক বা শাৰীৰিক হিংসা কৰিলে শনি দেৱৰ খং উঠে। যিসকল লোকে ব্যভিচাৰ কৰে, বা নাৰীৰ প্ৰতি ভুল চিন্তা কৰে, এনে লোকে শনি দেৱৰ ক্ৰোধ সহ্য কৰিব লগা হয়।

২. যেতিয়া কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে কাৰোবাৰ ধন ঘূৰাই নিদিয়ে, তেতিয়া সেই ব্যক্তিজনে শনি ভগৱানৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হয়। গতিকে যদি আপুনি কাৰোবাৰ পৰা ধাৰ লৈছে তেন্তে সোনকালে ঘূৰাই দিয়ক। লগতে শনি দেৱ জীৱ-জন্তু বিশেষকৈ কুকুৰক হত্যা আৰু অত্যাচাৰ কৰাসকলৰ প্ৰতি অসন্তুষ্ট হয়।

৩. যেতিয়া আপোনাৰ কাম নষ্ট হ’বলৈ আৰম্ভ কৰে, আৰু আপুনি মাজে মাজে মিছা কথা ক’বলৈ আৰম্ভ কৰে, তেতিয়া বুজিব লাগে যে আপোনাৰ কিছুমান কামত শনি দেৱ খং উঠে। শনিদেৱৰ খং উঠিলে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। আদালতৰ গোচৰৰ বিষয় বা বিবাদত জড়িত হ’ব পাৰে। মনত সদায় অস্থিৰতা থাকে। ইয়াৰ সমান্তৰালকৈ হঠাৎ ধনৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে।

শাওন মাহত শনি দেৱক সন্তুষ্ট কৰাৰ উপায়

১. সূৰ্যাস্তৰ পিছত শনি দেৱক পূজা কৰা হয়। শাওণৰ শনিবাৰে সূৰ্যাস্তৰ পিছত মন্দিৰত থকা আহঁত গছৰ তলত চাকি জ্বলাব লাগে।এই প্ৰতিকাৰে আৰ্থিক সমস্যাৰ পৰা সকাহ দিয়ে বুলি বিশ্বাস কৰা হয়।

২. শাওনৰ শনিবাৰে শনি দেৱক সৰিয়হ বা তিল তেলৰ লগতে নীলা ফুল আগবঢ়াওক। ইয়াৰ পিছত শনি চলিছা আবৃত্তি কৰক। এটা কথা মনত ৰাখিব যে আবৃত্তি কৰি থাকোঁতে শনি দেৱৰ মূৰ্তিলৈ নাচাব।

৩. শনিবাৰে আহঁত গছত সাতবাৰ ঘূৰক। 

৪. দুখীয়া আৰু আৰ্তজনক সহায় কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে দৰিদ্ৰতা দূৰ হয়।

৫. শাওনৰ শনিবাৰে নিজৰ সামৰ্থ্য অনুযায়ী তেল দান কৰক।

৬. শাওনৰ শনিবাৰে ভগৱান শিৱৰ জলাভিষেক কৰক আৰু শিৱ চলিছা পাঠ কৰক।












FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা