--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক গুলজাৰৰ আজি জন্মদিন। আজি গুলজাৰে ৮৮ বছৰত ভৰি দিয়ে। ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাত (বৰ্তমান পাকিস্তান) জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে।তেওঁৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১৮ আগষ্টত। 

গুলজাৰৰ প্ৰকৃত নাম আছিল সম্পূৰণ সিং কাল্‌ৰা। সংগীত পৰিচালক এছ.ডি.বৰ্মনৰ লগত ১৯৬৩ চনত মুক্তি লাভ কৰা ছবি 'বন্দীনী'ত গীতিকাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল গুলজাৰে। বলীউডক সমৃদ্ধ কৰি ৰখাত গুলজাৰৰ অৱদান বহুত। গুলজাৰৰ গীতৰ দৰেই জনপ্ৰিয় তেওঁৰ শ্বায়েৰীসমূহো। এগৰাকী মহান শিল্পীৰ ওপজা দিনত এক বিশেষ উপহাৰ আগবঢ়ালে জনপ্ৰিয় কণ্ঠশিল্পী পাপনে। পাপনে গুলজাৰৰ জন্মদিন উপলক্ষে শ্ৰোতা সমাজলৈ আগবঢ়াই দিলে 'কহানী কয়ী'(Kahani Koyi) শীৰ্ষক এটি নতুন গীত। গীতটি লিখিছে গুলজাৰে। গীতটি গোৱাৰ লগতে সুৰ কৰিছে পাপনে। 

পাপনৰ ইউটিউৱ চেনেলত গানটো মুক্তি দিয়া হৈছে। এই সন্দৰ্ভত পাপনে কয় যে ''মোৰ হৃদয়ৰ অতি ওচৰৰ আৰু সকলো প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ জন্মদিনত এটা গীত উৎসৰ্গিত কৰিলো। কিংবদন্তি গুলজাৰ চাহাবলৈ মোৰ সংগীত উপহাৰ, তেওঁৰ জন্মদিনত! জন্মদিনৰ অলেখ শুভেচ্ছা থাকিল গুলজাৰ চাহাব। আপোনাৰ কথাৰে আমাক আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।'' এই গীতটো সংগীতপ্ৰেমীসকলৰ মাজলৈ আগবঢ়াই দি বৰ আনন্দ পোৱা বুলি জনাইছে পাপনে। গীতটিৰ সংগীত ব্যৱস্থাপনা আনোৱাৰ হুছেইনৰ, গীটাৰত ঈশান দাস আৰু বেছ গীটাৰত প্রিন্স গগৈ। মিক্স আৰু মাষ্টাৰ কৰিছে আয়ান দে'ই। 

আনহাতে গীতটিৰ ভিডিঅ' পৰিচালনা আৰু চিনেমাটোগ্ৰাফী কৰিছে পৰাশৰ বৰুৱাই। সহযোগী পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ অনিৰুদ্ধ বৰুৱা। সম্পাদনা আৰু কালাৰ কৰিছে ৰফিক ৰাজাই আৰু প্ৰমো সম্পাদনা কৰিছে পাৰ্থ বৰুৱাই। পাপনৰ এই নতুন গীতটি সকলোৱে আদৰি ল'ব বুলি আশা কৰিছে পাপনৰ লগতে গীতটিৰ লগত জড়িত প্ৰতিজন কলা-কুশলীয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র