--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক গুলজাৰৰ আজি জন্মদিন। আজি গুলজাৰে ৮৮ বছৰত ভৰি দিয়ে। ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাত (বৰ্তমান পাকিস্তান) জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে।তেওঁৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১৮ আগষ্টত। 

গুলজাৰৰ প্ৰকৃত নাম আছিল সম্পূৰণ সিং কাল্‌ৰা। সংগীত পৰিচালক এছ.ডি.বৰ্মনৰ লগত ১৯৬৩ চনত মুক্তি লাভ কৰা ছবি 'বন্দীনী'ত গীতিকাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল গুলজাৰে। বলীউডক সমৃদ্ধ কৰি ৰখাত গুলজাৰৰ অৱদান বহুত। গুলজাৰৰ গীতৰ দৰেই জনপ্ৰিয় তেওঁৰ শ্বায়েৰীসমূহো। এগৰাকী মহান শিল্পীৰ ওপজা দিনত এক বিশেষ উপহাৰ আগবঢ়ালে জনপ্ৰিয় কণ্ঠশিল্পী পাপনে। পাপনে গুলজাৰৰ জন্মদিন উপলক্ষে শ্ৰোতা সমাজলৈ আগবঢ়াই দিলে 'কহানী কয়ী'(Kahani Koyi) শীৰ্ষক এটি নতুন গীত। গীতটি লিখিছে গুলজাৰে। গীতটি গোৱাৰ লগতে সুৰ কৰিছে পাপনে। 

পাপনৰ ইউটিউৱ চেনেলত গানটো মুক্তি দিয়া হৈছে। এই সন্দৰ্ভত পাপনে কয় যে ''মোৰ হৃদয়ৰ অতি ওচৰৰ আৰু সকলো প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ জন্মদিনত এটা গীত উৎসৰ্গিত কৰিলো। কিংবদন্তি গুলজাৰ চাহাবলৈ মোৰ সংগীত উপহাৰ, তেওঁৰ জন্মদিনত! জন্মদিনৰ অলেখ শুভেচ্ছা থাকিল গুলজাৰ চাহাব। আপোনাৰ কথাৰে আমাক আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।'' এই গীতটো সংগীতপ্ৰেমীসকলৰ মাজলৈ আগবঢ়াই দি বৰ আনন্দ পোৱা বুলি জনাইছে পাপনে। গীতটিৰ সংগীত ব্যৱস্থাপনা আনোৱাৰ হুছেইনৰ, গীটাৰত ঈশান দাস আৰু বেছ গীটাৰত প্রিন্স গগৈ। মিক্স আৰু মাষ্টাৰ কৰিছে আয়ান দে'ই। 

আনহাতে গীতটিৰ ভিডিঅ' পৰিচালনা আৰু চিনেমাটোগ্ৰাফী কৰিছে পৰাশৰ বৰুৱাই। সহযোগী পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ অনিৰুদ্ধ বৰুৱা। সম্পাদনা আৰু কালাৰ কৰিছে ৰফিক ৰাজাই আৰু প্ৰমো সম্পাদনা কৰিছে পাৰ্থ বৰুৱাই। পাপনৰ এই নতুন গীতটি সকলোৱে আদৰি ল'ব বুলি আশা কৰিছে পাপনৰ লগতে গীতটিৰ লগত জড়িত প্ৰতিজন কলা-কুশলীয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?