--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চনক এজন লোকে ক’লে যে আপোনাৰ পুত্ৰ অভিষেক বচ্চন আপোনাতকৈ ভাল অভিনেতা। বলীউডৰ এজন ফ্লপ অভিনেতা হিচাপে অভিষেক বচ্চনক জনা যায় তেনেস্থলত কোনে কলে যে মেগাষ্টাৰ অমিতাভ বচ্চনতকৈ অভিষেক বেছি ভাল অভিনেতা। 'কৌন বনেগা কৰোড়পতি’ ১৪ৰ শেষৰ খণ্ডটোত এজন প্ৰতিযোগীয়ে অমিতাভ বচ্চনক কৈছিল এই কথা। অমিতাভে এই কথা শুনি আনন্দিত হৈ পৰিছিল।

প্ৰতিযোগীগৰাকীৰ নাম ৰূপিন শৰ্মা। বিগ বিয়ে তেওঁৰ শ্ব’ত ৰূপিন শৰ্মাক উষ্ম আদৰণি জনায়। ৰূপিন শৰ্মা নাগালেণ্ডৰ ডিজিপি (ডাইৰেক্টৰ জেনেৰেল প্ৰিজনছ)। ৰূপিন শৰ্মাক অমিতাভ বচ্চনে ছাৰ বুলি সম্বোধন কৰিছিল। অমিতাভ বচ্চনে এটা ভিডিঅ’ বজাইছিল, য’ত ৰূপিন শৰ্মাৰ চমু পৰিচয় দিয়া হৈছিল। নাগালেণ্ডৰ লোকসকলে ৰূপিন শৰ্মাৰ কৰ্ম আৰু সামাজিক পদক্ষেপৰ শলাগ লোৱা দেখা যায়। ভিডিঅ’টো চোৱাৰ পিছত শৰ্মাই আপাত দৃষ্টিত আৱেগিক হৈ পৰাৰ লগতে তেওঁক ইমান মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

শ্ব' চলি থকাৰ মাজতে ৰূপিন শৰ্মাই অমিতাভ বচ্চনক কয় যে “মই শেহতীয়াকৈ অভিষেক বচ্চনৰ দশৱী খন চালো। ছাৰ মই আপোনাক এটা কথা ক'ব বিচাৰো। হয়তো আপুনি এই কথা শুনি বেয়া পাবও পাৰে কিন্তু মই ভাবো যে এয়া আপোনাৰ বাবে এক গৌৰৱৰ মুহূৰ্তহে হ'ব। মই ভাবো যে অভিষেক আপোনাতকৈ ভাল অভিনেতা।” অমিতাভে এই কথা শুনি ক’লে “আপুনি একদম ঠিক কথা কৈছে ছাৰ। বহুত বহুত ধন্যবাদ ছাৰ। অভিষেকে এই কথা শুনি বহুত সুখী হ’ব।”

ৰূপিন শৰ্মা আৰু অমিতাভ বচ্চনৰ এই কথা-বতৰা বৰ্তমান ভাইৰেল হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?