--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চনক এজন লোকে ক’লে যে আপোনাৰ পুত্ৰ অভিষেক বচ্চন আপোনাতকৈ ভাল অভিনেতা। বলীউডৰ এজন ফ্লপ অভিনেতা হিচাপে অভিষেক বচ্চনক জনা যায় তেনেস্থলত কোনে কলে যে মেগাষ্টাৰ অমিতাভ বচ্চনতকৈ অভিষেক বেছি ভাল অভিনেতা। 'কৌন বনেগা কৰোড়পতি’ ১৪ৰ শেষৰ খণ্ডটোত এজন প্ৰতিযোগীয়ে অমিতাভ বচ্চনক কৈছিল এই কথা। অমিতাভে এই কথা শুনি আনন্দিত হৈ পৰিছিল।

প্ৰতিযোগীগৰাকীৰ নাম ৰূপিন শৰ্মা। বিগ বিয়ে তেওঁৰ শ্ব’ত ৰূপিন শৰ্মাক উষ্ম আদৰণি জনায়। ৰূপিন শৰ্মা নাগালেণ্ডৰ ডিজিপি (ডাইৰেক্টৰ জেনেৰেল প্ৰিজনছ)। ৰূপিন শৰ্মাক অমিতাভ বচ্চনে ছাৰ বুলি সম্বোধন কৰিছিল। অমিতাভ বচ্চনে এটা ভিডিঅ’ বজাইছিল, য’ত ৰূপিন শৰ্মাৰ চমু পৰিচয় দিয়া হৈছিল। নাগালেণ্ডৰ লোকসকলে ৰূপিন শৰ্মাৰ কৰ্ম আৰু সামাজিক পদক্ষেপৰ শলাগ লোৱা দেখা যায়। ভিডিঅ’টো চোৱাৰ পিছত শৰ্মাই আপাত দৃষ্টিত আৱেগিক হৈ পৰাৰ লগতে তেওঁক ইমান মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

শ্ব' চলি থকাৰ মাজতে ৰূপিন শৰ্মাই অমিতাভ বচ্চনক কয় যে “মই শেহতীয়াকৈ অভিষেক বচ্চনৰ দশৱী খন চালো। ছাৰ মই আপোনাক এটা কথা ক'ব বিচাৰো। হয়তো আপুনি এই কথা শুনি বেয়া পাবও পাৰে কিন্তু মই ভাবো যে এয়া আপোনাৰ বাবে এক গৌৰৱৰ মুহূৰ্তহে হ'ব। মই ভাবো যে অভিষেক আপোনাতকৈ ভাল অভিনেতা।” অমিতাভে এই কথা শুনি ক’লে “আপুনি একদম ঠিক কথা কৈছে ছাৰ। বহুত বহুত ধন্যবাদ ছাৰ। অভিষেকে এই কথা শুনি বহুত সুখী হ’ব।”

ৰূপিন শৰ্মা আৰু অমিতাভ বচ্চনৰ এই কথা-বতৰা বৰ্তমান ভাইৰেল হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’