--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ দুই  কিংবদন্তী শচীন তেণ্ডুলকাৰ আৰু মহেন্দ্ৰ সিং ধোনীৰ নামত ভুৱা  ক্ৰেডিট কাৰ্ড প্ৰস্তুত কৰি লাখ লাখ টকাৰ প্ৰতাৰনা কৰাৰ কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পূব দিল্লীৰ চাইবাৰ চেল আৰক্ষীয়ে চক্ৰটোৰ পাঁচ জনক আটক কৰাৰ পিছতে সমগ্ৰ  বিষয়টো পোহৰলৈ আহে৷ 

প্ৰৱঞ্চকৰ দলটোৱে শচীন আৰু ধোনীকে ধৰি অভিষেক বচ্চন, আলিয়া ভাট আৰু আন  ৯৫ গৰাকী  বিখ্যাত চেলিব্ৰিটিৰ নামতো ভুৱা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড প্ৰস্তুত কৰাৰ পিছত বেংকৰ পৰা ক্ৰেডিট কাৰ্ড লাভ কৰিছিল। ইয়াৰ পিছত, দলটোৱে  কমেও ৫০ লাখ টকাৰ প্ৰতাৰনা কৰিছিল৷ দলটোৱে এই সকল চেলিব্ৰিটিৰ  চিবিআইএল নম্বৰো নষ্ট কৰিছিল।

পুনেস্থিত ক্ৰেডিট কাৰ্ড কোম্পানীৰ সৈতে কাম কৰা প্ৰেম শ্বেখাৱত নামৰ লোক এজনে  এই সন্দৰ্ভত অভিযোগ কৰিছিল আৰু কৈছিল যে কিছুমান লোকে ভুৱা নথিৰ ভিত্তিত শচীন তেণ্ডুলকাৰ, ঐশ্বৰ্য ৰায় আৰু আনসকলৰ নামত ক্ৰেডিট কাৰ্ড প্ৰস্তুত কৰিছে।আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে  আৰু তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰতাৰকৰ চক্ৰটোৱে দলটোৱে দিল্লী আৰ  জয়পুৰৰ পৰা কাম কৰি আছিল। জয়পুৰত অভিযান চলাই আৰক্ষীয়ে  এজন অভিযুক্ত সুনীল কুমাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লোক জনে আৰক্ষীক দিয়া ভাষ্য অনুসৰি  তেওঁলোকে বহু চেলিব্ৰিটিৰ নামত প্ৰায় ১ কোটি টকাৰ ঋণ এপ, বেংক আৰু ক্ৰেডিট কাৰ্ডেৰে বহু  কোম্পানীক প্ৰতাৰনা কৰিছে।

অভিযুক্তজনে এইবুলিও  কৈছে  যে তেওঁলোকে গুগলৰ জৰিয়তে সকলো চেলিব্ৰিটিৰ জন্মৰ তাৰিখ জানিব পাৰিছিল। ইয়াৰ পিছত তেওঁলোকে  সকলো ভুৱা কাগজ প্ৰস্তুত কৰিছিল আৰু  পেন কাৰ্ডো প্ৰস্তুত কৰি লৈছিল৷  একেদৰে আধাৰ কাৰ্ড পোৱাৰ পিছততেওঁলোকে  ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ