--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ দুই  কিংবদন্তী শচীন তেণ্ডুলকাৰ আৰু মহেন্দ্ৰ সিং ধোনীৰ নামত ভুৱা  ক্ৰেডিট কাৰ্ড প্ৰস্তুত কৰি লাখ লাখ টকাৰ প্ৰতাৰনা কৰাৰ কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পূব দিল্লীৰ চাইবাৰ চেল আৰক্ষীয়ে চক্ৰটোৰ পাঁচ জনক আটক কৰাৰ পিছতে সমগ্ৰ  বিষয়টো পোহৰলৈ আহে৷ 

প্ৰৱঞ্চকৰ দলটোৱে শচীন আৰু ধোনীকে ধৰি অভিষেক বচ্চন, আলিয়া ভাট আৰু আন  ৯৫ গৰাকী  বিখ্যাত চেলিব্ৰিটিৰ নামতো ভুৱা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড প্ৰস্তুত কৰাৰ পিছত বেংকৰ পৰা ক্ৰেডিট কাৰ্ড লাভ কৰিছিল। ইয়াৰ পিছত, দলটোৱে  কমেও ৫০ লাখ টকাৰ প্ৰতাৰনা কৰিছিল৷ দলটোৱে এই সকল চেলিব্ৰিটিৰ  চিবিআইএল নম্বৰো নষ্ট কৰিছিল।

পুনেস্থিত ক্ৰেডিট কাৰ্ড কোম্পানীৰ সৈতে কাম কৰা প্ৰেম শ্বেখাৱত নামৰ লোক এজনে  এই সন্দৰ্ভত অভিযোগ কৰিছিল আৰু কৈছিল যে কিছুমান লোকে ভুৱা নথিৰ ভিত্তিত শচীন তেণ্ডুলকাৰ, ঐশ্বৰ্য ৰায় আৰু আনসকলৰ নামত ক্ৰেডিট কাৰ্ড প্ৰস্তুত কৰিছে।আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে  আৰু তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰতাৰকৰ চক্ৰটোৱে দলটোৱে দিল্লী আৰ  জয়পুৰৰ পৰা কাম কৰি আছিল। জয়পুৰত অভিযান চলাই আৰক্ষীয়ে  এজন অভিযুক্ত সুনীল কুমাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লোক জনে আৰক্ষীক দিয়া ভাষ্য অনুসৰি  তেওঁলোকে বহু চেলিব্ৰিটিৰ নামত প্ৰায় ১ কোটি টকাৰ ঋণ এপ, বেংক আৰু ক্ৰেডিট কাৰ্ডেৰে বহু  কোম্পানীক প্ৰতাৰনা কৰিছে।

অভিযুক্তজনে এইবুলিও  কৈছে  যে তেওঁলোকে গুগলৰ জৰিয়তে সকলো চেলিব্ৰিটিৰ জন্মৰ তাৰিখ জানিব পাৰিছিল। ইয়াৰ পিছত তেওঁলোকে  সকলো ভুৱা কাগজ প্ৰস্তুত কৰিছিল আৰু  পেন কাৰ্ডো প্ৰস্তুত কৰি লৈছিল৷  একেদৰে আধাৰ কাৰ্ড পোৱাৰ পিছততেওঁলোকে  ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু