--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কৰ মাজত সোমাই পৰিছে অভিনেত্ৰী নয়নতৰা। 'অন্নপূৰ্ণী' ছবিখনৰ অভিনেত্ৰী নয়নতৰাই 'জয় শ্ৰী ৰাম' লিখি ক্ষমা বিচাৰিবলগীয়া হৈছে। তেওঁৰ চলচ্চিত্ৰখনত ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ছবি খনত ভগৱান ৰামক আমিষভোজী হিচাপে বৰ্ণনা কৰাৰ লগতে ব্ৰাহ্মণ ছোৱালীয়ে নামাজড পঢ়ি গো-মাংসৰে বিৰিয়ানী ৰন্ধাৰ দৰে দৃশ্যৰ বাবে ছবিখন বিতৰ্কৰ মাজত সোমাই পৰিছে। 

'জোৱান' বোলছবিখনত শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰা  নয়নতৰাই তেওঁৰ ইনষ্টা একাউণ্টত লিখিছে যে  'জয় শ্ৰী ৰাম' লিখি  কাকো আঘাত কৰা উদ্দেশ্য তেওঁৰ  নাছিল।বিতৰ্কৰ পিছত ছবিখন অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ পৰা আঁতৰাই দিয়া হৈছে।  ছবিখনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে। ছবিখনে  সামাজিক মাধ্যমতো যথেষ্ট বিৰোধিতাৰ সন্মুখীন হৈছে। নয়নতৰাই তাইৰ ইনষ্টাগ্ৰাম একাউণ্টত ছবি খনকলৈ হোৱা বিতৰ্ক সন্দৰ্ভত ক্ষমা বিচাৰি লিখাৰ সময়তে প্ৰথমে  জয় শ্ৰী ৰাম বুলি লিখিছিল।

তেওঁ লিখিছে "আমাৰ ছবি 'অন্নপূৰ্ণী'কলৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে মই গভীৰভাবে  আৰু আন্তৰিক আকাংক্ষাৰে এই টোকাটো লিখিছো। মই সকলো দেশবাসীক ক'ব বিচাৰো যে মোৰ ছবিৰ দলটো আৰু মোৰ কাৰো অনুভূতিক আঘাত কৰাৰ কোনো ইচ্ছা নাছিল। "

নয়নতৰাই আৰু লিখিছে, "মোৰ বাবে যিসকলৰ অনুভূতিত আঘাত লাগিছে তেওঁলোকৰ ওচৰত মই আন্তৰিকতাৰে ক্ষমা বিচাৰোঁ। যোৱা দুটা দশকত চলচ্চিত্ৰ উদ্যোগত মোৰ যাত্ৰাত মোৰ কেৱল এটা অভিপ্ৰায় আছে - ইতিবাচকতা চিন্তা  বিয়পোৱা আৰু ইজনে সিজনৰ পৰা শিক্ষা গ্ৰহণ কৰা। "

চলচ্চিত্ৰখন ২০২৩ চনৰ ১ ডিচেম্বৰত ছবিগৃহত আৰু ২৯ ডিচেম্বৰ ২০২৩ ত নেটফ্লিক্সত মুক্তি দিয়া হৈছিল। এই ছবিখনৰ কাহিনীয়ে হিন্দুসকলৰ ধৰ্মীয় অনুভূতি আঘাত হনাৰ অভিযোগ উঠিছিল।

ছবি খনত নয়নতৰাই এগৰাকী নাৰীৰ চৰিত্ৰত অভিনয় কৰিছে , যি মন্দিৰৰ পুৰোহিতৰ জীয়ৰী। ছবি খনৰ  কিছুমান দৃশ্যত, নয়নতৰাক মন্দিৰৰ কাপোৰত দেখুওৱা হৈছে। কিন্তু বিৰিয়ানী বনোৱাৰ আগতে  এই ব্ৰাহ্মণ কন্যাই বোৰ্খা পিন্ধি নামাজ পঢ়ি থকা দেখুওৱা হৈছে। লগতে ভগৱান ৰামক আমিষভোজী বুলিও ছবি খনত  বৰ্ণনা কৰা হৈছে।

ছবি খনৰ নিৰ্মাতাসকলে সমালোচনাৰ পিছত ক্ষমা বিচাৰিছে আৰু কৈছে যে তেওঁলোকে ছবি খন সম্পাদনা কৰিব আৰু পুনৰ মুক্তি দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক