--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কৰ মাজত সোমাই পৰিছে অভিনেত্ৰী নয়নতৰা। 'অন্নপূৰ্ণী' ছবিখনৰ অভিনেত্ৰী নয়নতৰাই 'জয় শ্ৰী ৰাম' লিখি ক্ষমা বিচাৰিবলগীয়া হৈছে। তেওঁৰ চলচ্চিত্ৰখনত ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ছবি খনত ভগৱান ৰামক আমিষভোজী হিচাপে বৰ্ণনা কৰাৰ লগতে ব্ৰাহ্মণ ছোৱালীয়ে নামাজড পঢ়ি গো-মাংসৰে বিৰিয়ানী ৰন্ধাৰ দৰে দৃশ্যৰ বাবে ছবিখন বিতৰ্কৰ মাজত সোমাই পৰিছে। 

'জোৱান' বোলছবিখনত শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰা  নয়নতৰাই তেওঁৰ ইনষ্টা একাউণ্টত লিখিছে যে  'জয় শ্ৰী ৰাম' লিখি  কাকো আঘাত কৰা উদ্দেশ্য তেওঁৰ  নাছিল।বিতৰ্কৰ পিছত ছবিখন অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ পৰা আঁতৰাই দিয়া হৈছে।  ছবিখনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে। ছবিখনে  সামাজিক মাধ্যমতো যথেষ্ট বিৰোধিতাৰ সন্মুখীন হৈছে। নয়নতৰাই তাইৰ ইনষ্টাগ্ৰাম একাউণ্টত ছবি খনকলৈ হোৱা বিতৰ্ক সন্দৰ্ভত ক্ষমা বিচাৰি লিখাৰ সময়তে প্ৰথমে  জয় শ্ৰী ৰাম বুলি লিখিছিল।

তেওঁ লিখিছে "আমাৰ ছবি 'অন্নপূৰ্ণী'কলৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে মই গভীৰভাবে  আৰু আন্তৰিক আকাংক্ষাৰে এই টোকাটো লিখিছো। মই সকলো দেশবাসীক ক'ব বিচাৰো যে মোৰ ছবিৰ দলটো আৰু মোৰ কাৰো অনুভূতিক আঘাত কৰাৰ কোনো ইচ্ছা নাছিল। "

নয়নতৰাই আৰু লিখিছে, "মোৰ বাবে যিসকলৰ অনুভূতিত আঘাত লাগিছে তেওঁলোকৰ ওচৰত মই আন্তৰিকতাৰে ক্ষমা বিচাৰোঁ। যোৱা দুটা দশকত চলচ্চিত্ৰ উদ্যোগত মোৰ যাত্ৰাত মোৰ কেৱল এটা অভিপ্ৰায় আছে - ইতিবাচকতা চিন্তা  বিয়পোৱা আৰু ইজনে সিজনৰ পৰা শিক্ষা গ্ৰহণ কৰা। "

চলচ্চিত্ৰখন ২০২৩ চনৰ ১ ডিচেম্বৰত ছবিগৃহত আৰু ২৯ ডিচেম্বৰ ২০২৩ ত নেটফ্লিক্সত মুক্তি দিয়া হৈছিল। এই ছবিখনৰ কাহিনীয়ে হিন্দুসকলৰ ধৰ্মীয় অনুভূতি আঘাত হনাৰ অভিযোগ উঠিছিল।

ছবি খনত নয়নতৰাই এগৰাকী নাৰীৰ চৰিত্ৰত অভিনয় কৰিছে , যি মন্দিৰৰ পুৰোহিতৰ জীয়ৰী। ছবি খনৰ  কিছুমান দৃশ্যত, নয়নতৰাক মন্দিৰৰ কাপোৰত দেখুওৱা হৈছে। কিন্তু বিৰিয়ানী বনোৱাৰ আগতে  এই ব্ৰাহ্মণ কন্যাই বোৰ্খা পিন্ধি নামাজ পঢ়ি থকা দেখুওৱা হৈছে। লগতে ভগৱান ৰামক আমিষভোজী বুলিও ছবি খনত  বৰ্ণনা কৰা হৈছে।

ছবি খনৰ নিৰ্মাতাসকলে সমালোচনাৰ পিছত ক্ষমা বিচাৰিছে আৰু কৈছে যে তেওঁলোকে ছবি খন সম্পাদনা কৰিব আৰু পুনৰ মুক্তি দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু