--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীলংকাত ৰচনা হ’ল এক নতুন ইতিহাস৷ শ্ৰীলংকাই লাভ কৰিলে তৃতীয় গৰাকী মহিলা প্ৰধান মন্ত্ৰী৷ ৫৪ বছৰ বয়সত শ্ৰীলংকাৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে  হৰিণী অমৰসূৰ্য়া৷

১৯৮৮-৮৯ চনত শ্ৰীলংকাত তামিল আন্দোলনৰ বাবে পৰিস্থিতি হিংসাত্মক হৈ পৰাৰ বাবে। এই সময়ছোৱাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ হৈ পৰিছিল। এনে পৰিস্থিতিত অধ্যয়নৰ বাবে ভাৰতলৈ আহিছিল হৰিণী অমৰসূৰ্য়া। ১৯৯০ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ত সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।

ভাৰতত শিক্ষা গ্ৰহণ কৰি অহাৰ পাছত হৰিণীয়ে ছুনামীত ক্ষতিগ্ৰস্ত শিশুসকলক সহায়ৰ বাবে এটি এন জি অ’ত যোগদান কৰি সমাজসেৱা কৰিছিল। ইয়াৰ পিছত তেওঁ পি এইচ ডি গ্ৰহণৰ বাবে তেওঁ অষ্ট্ৰেলিয়ালৈ গুচি যায়। ২০১১ চনত তেওঁ কলেজত অধ্যাপক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে৷

২০১৯ চনত তেওঁ জন বিদ্ৰোহ পাৰ্টি (জেভিপি)ত যোগদান কৰি শ্ৰীলংকাৰ ৰাজনীতিত প্ৰৱেশ কৰে । ২০২০ চনত তেওঁ সংসদলৈ নিৰ্বাচিত হয়, আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত শ্ৰীলংকাৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অঞ্জু শ্ৰীবাস্তৱে হৰিণী প্ৰধানমন্ত্ৰী হোৱাত গৌৰৱ প্ৰকাশ কৰি কয় যে হিন্দু মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী এতিয়া শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হোৱাত আমি গৌৰৱান্বিত বুলি মত প্ৰকাশ কৰে৷ 

শিক্ষা, সমাজসেৱা তথা কৰ্মনিষ্ঠাই যিকোনো ব্যক্তিক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে বুলি হৰিণী অমৰসূৰ্য়া জীৱনে তাকেই প্ৰমাণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ