--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু লোকৰ মুখে মুখে ইউৰিক এচিডৰ থকা অভিযোগ শুনা যায়। আৰু তাৰ বাবে ভৰি ফুলা, গাঁঠিত বিষ হোৱা আদি সমস্যা নিতৌ বৃদ্ধি পাবলৈ ধৰে। শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাৰ লক্ষণসমূহ কি কি সেয়া বহুতে সঠিকভাৱে নাজানে। ফলত চিকিৎসা আৰম্ভ কৰোতে বহু পলম হৈ যায়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞসকলে কয় যে যদি শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া বিভিন্ন লক্ষণ দেখা দিব পাৰে। বিশেষজ্ঞসকলৰ মতে সময়নুসৰি ইয়াৰ সঠিক চিকিৎসা কৰালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সহজ হৈ পৰে।

 ইউৰিক এচিড বৃদ্ধি হোৱাৰ লক্ষণসমূহ কি কি?

 ১. শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাৰ বিভিন্ন লক্ষণ দেখা যায়। ইয়াৰে এটা হৈছে ভৰি ফুলা। গাঁঠিৰ বিষ, পেশীৰ ক্ৰেম্প, ভৰি ফুলা আদি লক্ষণসমূহ হ’ব পাৰে।

২. বিশেষজ্ঞসকলৰ মতে ইউৰিক এচিড বৃদ্ধি হ’লে বৃক্কত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত বৃক্কৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা, প্ৰস্ৰাৱৰ ৰং সলনি হোৱা আদি লক্ষণ। মূৰ ঘূৰোৱা, বমি হোৱা। প্ৰস্ৰাৱত তেজ ওলোৱাৰ লগতে বেয়া গোন্ধ ওলোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কিহৰ বাবে হয়?

১. বিশেষজ্ঞসকলে কয় যে অত্যধিক সুৰাপানৰ ফলত ইউৰিক এচিডৰ সমস্যা বৃদ্ধি হ’ব পাৰে।

২. ইয়াৰ উপৰি হৃদৰোগ, বৃক্কৰ ৰোগ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু মেদবহুলতা আদিৰ ফলতো ইউৰিক এচিড বৃদ্ধি হোৱা দেখা যায়।

৩. অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে ইউৰিক এচিড বৃদ্ধি হ’ব পাৰে।

৪. পৰ্যাপ্ত পৰিমাণে টোপনি নোযোৱা বা অনাবৰতে শুই থকাৰ অভ্যাস থাকিলেও ইউৰিক এচিডৰ সমস্যা হ’ব পাৰে।

৫. কম পানী খালে ইউৰিক এচিডো বৃদ্ধি পাব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ