--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু লোকৰ মুখে মুখে ইউৰিক এচিডৰ থকা অভিযোগ শুনা যায়। আৰু তাৰ বাবে ভৰি ফুলা, গাঁঠিত বিষ হোৱা আদি সমস্যা নিতৌ বৃদ্ধি পাবলৈ ধৰে। শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাৰ লক্ষণসমূহ কি কি সেয়া বহুতে সঠিকভাৱে নাজানে। ফলত চিকিৎসা আৰম্ভ কৰোতে বহু পলম হৈ যায়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞসকলে কয় যে যদি শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া বিভিন্ন লক্ষণ দেখা দিব পাৰে। বিশেষজ্ঞসকলৰ মতে সময়নুসৰি ইয়াৰ সঠিক চিকিৎসা কৰালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সহজ হৈ পৰে।

 ইউৰিক এচিড বৃদ্ধি হোৱাৰ লক্ষণসমূহ কি কি?

 ১. শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাৰ বিভিন্ন লক্ষণ দেখা যায়। ইয়াৰে এটা হৈছে ভৰি ফুলা। গাঁঠিৰ বিষ, পেশীৰ ক্ৰেম্প, ভৰি ফুলা আদি লক্ষণসমূহ হব পাৰে।

২. বিশেষজ্ঞসকলৰ মতে ইউৰিক এচিড বৃদ্ধি হলে বৃক্কত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত বৃক্কৰ বিভিন্ন সমস্যাৰ সৃষ্টি হব পাৰে। প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা, প্ৰস্ৰাৱৰ ৰং সলনি হোৱা আদি লক্ষণ। মূৰ ঘূৰোৱা, বমি হোৱা। প্ৰস্ৰাৱত তেজ ওলোৱাৰ লগতে বেয়া গোন্ধ ওলোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কিহৰ বাবে হয়?

১. বিশেষজ্ঞসকলে কয় যে অত্যধিক সুৰাপানৰ ফলত ইউৰিক এচিডৰ সমস্যা বৃদ্ধি হব পাৰে।

২. ইয়াৰ উপৰি হৃদৰোগ, বৃক্কৰ ৰোগ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু মেদবহুলতা আদিৰ ফলতো ইউৰিক এচিড বৃদ্ধি হোৱা দেখা যায়।

৩. অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে ইউৰিক এচিড বৃদ্ধি হব পাৰে।

৪. পৰ্যাপ্ত পৰিমাণে টোপনি নোযোৱা বা অনাবৰতে শুই থকাৰ অভ্যাস থাকিলেও ইউৰিক এচিডৰ সমস্যা হ’ব পাৰে।

৫. কম পানী খালে ইউৰিক এচিডো বৃদ্ধি পাব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক