--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চ কলেষ্টেৰল হৈছে বেয়া জীৱনশৈলীৰ ফলত হোৱা এক ভয়াৱহ ৰোগ, যাৰ ফলত আজি অধিকাংশ লোকেই ভোগ কৰি আছে। দীৰ্ঘদিন ধৰি উচ্চ মাত্ৰাত কলেষ্টেৰল থাকিলে শৰীৰত হৃদৰোগ, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা থাকে। এনে পৰিস্থিতিত পলম নকৰাকৈ ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়।

অৱশ্যে ঔষধৰ সহায়ত কলেষ্টেৰলৰ মাত্ৰা বজাই ৰাখিব পাৰি। কিন্তু খাদ্যাভ্যাস উন্নত কৰাটোও প্ৰয়োজনীয়। এনে পৰিস্থিতিত হাৰ্ভাৰ্ডেও এনে কিছুমান খাদ্যৰ তালিকা প্ৰকাশ কৰিছে যিবোৰ এল ডি এল কলেষ্টেৰলৰ পৰিমাণ বেছি হ’লে খাব নালাগে।

কি কি খাব নালাগে?

১) ৰঙা মাংসঃ সাধাৰণতে ৰঙা মাংসত সংপৃক্ত চৰ্বিৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও মাংসৰ ৰেচিপিবোৰতো প্ৰচুৰ পৰিমাণে চৰ্বি পোৱা যায়, যিটো উচ্চ কলেষ্টেৰল ৰোগীৰ বাবে স্বাস্থ্যকৰ নহয়। অৱশ্যে মাংস সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ প্ৰয়োজন নাই, মাজে মাজে খাব লাগে।

২) ভজা খাদ্যঃ ডিপ ফ্ৰাইড খাদ্যই কলেষ্টেৰল বৃদ্ধি কৰে। আচলতে এনেকুৱা হয় কাৰণ ডিপ ফ্ৰাই কৰিলে খাদ্যৰ কেলৰিৰ সংখ্যা বৃদ্ধি পায়। কিন্তু যদি আপুনি ভজা বস্তু খাই ভাল পায় তেন্তে এয়াৰ ফ্ৰাইয়াৰত অলিভ অইল ব্যৱহাৰ কৰিব পাৰে।

৩) প্ৰচেছড মাংসঃ হট ডগ, চচ্চেজ আৰু বেকনত চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ বাবে ইয়াত অধিক পৰিমাণৰ কলেষ্টেৰল আৰু চেচুৰেটেড ফেট থাকে। বৰঞ্চ টাৰ্কি বা কুকুৰাৰ পৰা তৈয়াৰী বেকন আৰু চচ্চেজ খাব পাৰে, কিন্তু অতি নিয়মীয়া পৰিমাণতহে খাব পাৰে।

৪) বেকড ফুডছঃ যদি আপোনাৰ কলেষ্টেৰল বেছি থাকে তেন্তে কুকিজ, কেক, পেষ্ট্ৰি আদি বেকড খাদ্য সামগ্ৰী খাব নালাগে। কাৰণ ইয়াত মাখনৰ দৰে বহু চৰ্বিযুক্ত বস্তু ব্যৱহাৰ কৰা হয়, যাৰ বাবে ইয়াত কলেষ্টেৰলৰ পৰিমাণ অতি বেছি হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক