--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালৰ আগমনৰ লগে লগে বহু লোকে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে। শিশুৰ পৰা বয়সস্থলৈকে ঋতুভিত্তিক ৰোগৰ বলি হ’ব পাৰে। একাংশ লোক এই বতৰত চৰ্দি-কাহত আক্ৰান্ত হোৱাৰ বিপৰীতে আন একাংশ আকৌ ছালৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। একে সময়তে শীতকালত শৰীৰৰ বিষৰ সমস্যা বাঢ়ি যায়। এই ঋতুত শৰীৰ, পিঠি, কঁকাল, নিতম্বত জঠৰতা আৰু হাত-ভৰি বিষৰ অভিযোগৰ সন্মুখীন হয়। ৩০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ প্ৰায়ে কঁকাল আৰু নিতম্বৰ বিষ হয়। শৰীৰৰ বিষৰ সমস্যাৰ কাৰণ কি? ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাসমূহ জানি লওক।

 শীতকালত শৰীৰৰ বিষৰ কাৰণ কি?

* গাঁঠিৰ বিষঃ-শীতকালত কঁকাল আৰু নিতম্বৰ বিষৰ অন্যতম কাৰণ বাতবিষ। এই বতৰত বাতবিষৰ সমস্যা বাঢ়ি যায়। যাৰ বাবে গাঁঠিবোৰত বিষ আৰু ফুলিবলৈ আৰম্ভ কৰে। বাতবিষৰ সমস্যা থাকিলে শীতকাল অহাৰ লগে লগে বিষ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

 * শাৰীৰিক ব্যায়াম হ্ৰাস পায়ঃ-বৰ্তমান জীৱনশৈলীত মানুহে যিকোনো প্ৰকাৰে শাৰীৰিক ক্ৰিয়া-কলাপ হ্ৰাস কৰে। আনহাতে, শীতকালত যেতিয়া তাপমাত্ৰা কমি যায় তেতিয়া মানুহে অধিক সময় বিছনাত কটাবলৈ ভাল পায়। এটা ঠাইত বেছি সময় বহি বা শুই থকাৰ বাবে আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ ঘটে বাবে মানুহৰ শৰীৰত বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। বেছিভাগ বিষৰ সমস্যা কঁকাল আৰু নিতম্বত হয়।

 * উষ্ণতা হ্ৰাস পায়ঃ-শীতকালত উষ্ণতা হ্ৰাস পোৱাৰ বাবে শৰীৰৰ ৰক্তবাহী নলী আৰু পেশীবোৰ সংকুচিত হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে শৰীৰত তেজৰ সঞ্চালন লেহেমীয়া হয় আৰু গাঁঠিৰ ক্ৰিয়া-কলাপত বাধাৰ সৃষ্টি হয়। এই কাৰণে কঁকাল, গাঁঠি আৰু নিতম্বৰ বিষ বাঢ়ি যায়।

 * টেণ্ডিনাইটিছঃ-শীতকালত কঁকাল আৰু নিতম্বৰ বিষ হয়। হাড়ক পেশীৰ লগত সংযোগ কৰা কলাটোৱেই হ’ল টেণ্ডন। আঘাত বা চৰ্দিৰ বাবে টেণ্ডনত ফুলা হ’লে বিষৰ অভিযোগ উত্থাপন হয়।

 শীতকালত শৰীৰৰ বিষ প্ৰতিৰোধ কৰা-

ব্যায়াম-

শৰীৰত বিষ হোৱাৰ অন্যতম কাৰণ হ’ল শাৰীৰিক গতিশীলতাৰ অভাৱ। এনে পৰিস্থিতিত পুৱা নিয়মিতভাৱে যোগ বা ব্যায়াম কৰিব লাগে। ব্যায়াম কৰিলে ৰক্ত সঞ্চালন উন্নত হয় আৰু পেশীৰ জঠৰতা দূৰ হয়।

এটা ঠাইত বেছি সময় বহি নাথাকিব-

শীতকালত পিঠি আৰু নিতম্বৰ বিষৰ পৰা হাত সাৰিবলৈ এটা ঠাইত বেছি সময় বহি নাথাকিব। কামৰ মাজে মাজে অলপ উঠি খোজকাঢ়িলে বিষৰ পৰা উপশম পাব।

পুৱাৰ ৰ’দ লওক-

পুৱাৰ সূৰ্য্যৰ পোহৰ শীতকালত উপকাৰী। শৰীৰত ভিটামিন-‘ডি’ৰ প্ৰয়োজন হয়, যিয়ে হাড় মজবুত কৰাত সহায় কৰে। সেইবাবেই প্ৰতিদিনে পুৱা ১৫ৰ পৰা ২০ মিনিট সময় ৰ’দত বহিব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু