--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত ওজন বৃদ্ধি হোৱাটো সাধাৰণ কথা, কাৰণ ঠাণ্ডাৰ বাবে মানুহে প্ৰায়ে ঘৰৰ পৰা কমকৈ ওলাই যায় আৰু লেপ-কম্বলৰ তলত লুকাই থাকিবলৈ পছন্দ কৰে, যাৰ বাবে শাৰীৰিক কাৰ্য্যকলাপ বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ উপৰিও আমি কিছু গধুৰ আৰু গৰম মছলাযুক্ত খাদ্য গ্ৰহণ কৰো যিয়ে কেলৰি আৰু চৰ্বি বৃদ্ধি কৰে। ইয়াৰ প্ৰভাৱ আমাৰ পেট আৰু কঁকালত স্পষ্টকৈ দেখা যায়।এনে পৰিস্থিতিত যদি আপুনি শীতকালত ফিট হ’ব বিচাৰে তেন্তে আপুনি কিছুমান স্বাস্থ্যকৰ খাদ্য চেষ্টা কৰিব পাৰে।

১) ডালিমঃ ডালিম অতি সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ ফল, ইয়াক পুষ্টিকৰ পদাৰ্থৰ শক্তি ঘৰ বুলিও কোৱা হয় য’ত এণ্টিঅক্সিডেণ্ট আৰু আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ চৰ্বি জ্বলোৱা গুণো আছে। কিছুমানে ডালিমৰ ৰস খাই ভাল পায়।

২) ছাইট্ৰাছ ফলঃ শীতকালত ছাইট্ৰাছ ফল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু লগতে ওজন হ্ৰাস কৰাত সহায় কৰে। কমলা, মৌচুম্বী, আঙুৰ আদি বস্তু দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব।

৩) বন্ধাকবিঃ সেউজীয়া পাতৰ শাক-পাচলিৰ ভিতৰত বন্ধাকবি অতি পুষ্টিকৰ বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন, খনিজ পদাৰ্থ, আঁহ আৰু কম কেলৰি থাকে যিয়ে আপোনাৰ ওজন বজাই ৰখাত সহায় কৰে।

৪) আখৰোটঃ আখৰোটব্যয়বহুল হ’ব পাৰে, কিন্তু ইয়াত স্বাস্থ্যকৰ চৰ্বি, প্ৰ’টিন, আঁহ আদি পুষ্টিকৰ উপাদানৰ সমৃদ্ধ উৎস আৰু ইয়াত এণ্টিঅক্সিডেণ্ট থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। শীতকালত শৰীৰক গৰম কৰি ৰখাৰ লগতে ওজন বজাই ৰখাতো সহায় কৰে।

৫) আদাঃ আমি প্ৰায়ে আদাক মছলা হিচাপে খাওঁ যিয়ে বিপাকীয় ক্ৰিয়া শক্তিশালী কৰাই নহয় ওজন কমোৱাতো সহায় কৰে। ই হজম শক্তি উন্নত কৰে আৰু ফুলা কমায়। আদা শাক-পাচলিৰ লগত মিহলাই খাব পাৰে বা কেঁচাকৈও খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ