--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত ওজন বৃদ্ধি হোৱাটো সাধাৰণ কথা, কাৰণ ঠাণ্ডাৰ বাবে মানুহে প্ৰায়ে ঘৰৰ পৰা কমকৈ ওলাই যায় আৰু লেপ-কম্বলৰ তলত লুকাই থাকিবলৈ পছন্দ কৰে, যাৰ বাবে শাৰীৰিক কাৰ্য্যকলাপ বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ উপৰিও আমি কিছু গধুৰ আৰু গৰম মছলাযুক্ত খাদ্য গ্ৰহণ কৰো যিয়ে কেলৰি আৰু চৰ্বি বৃদ্ধি কৰে। ইয়াৰ প্ৰভাৱ আমাৰ পেট আৰু কঁকালত স্পষ্টকৈ দেখা যায়।এনে পৰিস্থিতিত যদি আপুনি শীতকালত ফিট হ’ব বিচাৰে তেন্তে আপুনি কিছুমান স্বাস্থ্যকৰ খাদ্য চেষ্টা কৰিব পাৰে।

১) ডালিমঃ ডালিম অতি সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ ফল, ইয়াক পুষ্টিকৰ পদাৰ্থৰ শক্তি ঘৰ বুলিও কোৱা হয় য’ত এণ্টিঅক্সিডেণ্ট আৰু আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ চৰ্বি জ্বলোৱা গুণো আছে। কিছুমানে ডালিমৰ ৰস খাই ভাল পায়।

২) ছাইট্ৰাছ ফলঃ শীতকালত ছাইট্ৰাছ ফল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু লগতে ওজন হ্ৰাস কৰাত সহায় কৰে। কমলা, মৌচুম্বী, আঙুৰ আদি বস্তু দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব।

৩) বন্ধাকবিঃ সেউজীয়া পাতৰ শাক-পাচলিৰ ভিতৰত বন্ধাকবি অতি পুষ্টিকৰ বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন, খনিজ পদাৰ্থ, আঁহ আৰু কম কেলৰি থাকে যিয়ে আপোনাৰ ওজন বজাই ৰখাত সহায় কৰে।

৪) আখৰোটঃ আখৰোটব্যয়বহুল হ’ব পাৰে, কিন্তু ইয়াত স্বাস্থ্যকৰ চৰ্বি, প্ৰ’টিন, আঁহ আদি পুষ্টিকৰ উপাদানৰ সমৃদ্ধ উৎস আৰু ইয়াত এণ্টিঅক্সিডেণ্ট থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। শীতকালত শৰীৰক গৰম কৰি ৰখাৰ লগতে ওজন বজাই ৰখাতো সহায় কৰে।

৫) আদাঃ আমি প্ৰায়ে আদাক মছলা হিচাপে খাওঁ যিয়ে বিপাকীয় ক্ৰিয়া শক্তিশালী কৰাই নহয় ওজন কমোৱাতো সহায় কৰে। ই হজম শক্তি উন্নত কৰে আৰু ফুলা কমায়। আদা শাক-পাচলিৰ লগত মিহলাই খাব পাৰে বা কেঁচাকৈও খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু