--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্সাৰৰ ৰোগীসকলৰ বাবে সুখবৰ৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব ৰাছিয়াত নিৰ্মিত কেন্সাৰৰ ভেকচিন।সোমবাৰে ৰাছিয়াৰ মূল চৰকাৰী সংবাদ সংস্থা আৰ আই এ নভোষ্টিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেশখনৰ গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে এই তথ্য প্ৰকাশ কৰে।

তেওঁ কয় যে ইতিমধ্যে চিকিৎসা ক্ষেত্ৰত এই ভেকচিন ব্যৱহাৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ ওচৰত অনুমোদনৰ বাবে আবেদন জনাইছে বুলি উল্লেখ কৰে। আগষ্ট মাহৰ শেষ হোৱাৰ পূৰ্বে মন্ত্ৰালয়ে হয়তো অনুমোদন দিব বুলি উল্লেখ কৰে। মন্ত্ৰালয়ে অনুমোদন দিলে অহা ছেপ্টেম্বৰৰ পৰা এই ভেকচিন চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰা সম্ভৱ হ’ব।

যদিহে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে অনুমোদন লাভ কৰিলে গামালিয়েলৰ ভেকচিন হ’ব বিশ্বৰ প্ৰথমটো কেন্সাৰ ভেকচিন। ইয়াৰ সৈতে জড়িত থকা বিশেষজ্ঞসকলে এই নতুন ভেকচিনটো mRNA প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে বুলি সদৰি কৰে। mRNA মূলতঃ এক প্ৰকাৰৰ প্ৰ’টিন যিয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক কোনো বিশেষ ৰোগ বা ৰোগৰ বিৰুদ্ধে প্ৰশিক্ষিত কৰি তোলে।

যিসকল লোকে ইতিমধ্যে কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে তেওঁলোকক এই ভেকচিন দিব পৰা যাব বুলি গিন্টছবাৰ্গে উল্লেখ কৰে। ভেকচিনৰ মূল ঔষধ মানৱ শৰীৰত প্ৰৱেশ কৰাৰ পিছত কম সময়ৰ ভিতৰতে ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বিশেষভাৱে প্ৰশিক্ষিত কৰিবলৈ আৰম্ভ কৰে। 

এই প্ৰশিক্ষিত ৰোগ প্ৰতিৰোধ ক্ষমতাই প্ৰথমে ক্ষতিকাৰক কৰ্কট কোষক চিনাক্ত কৰি ধ্বংস কৰে।কৰ্কট ৰোগৰ সাধাৰণতে ৩টা পৰ্যায় থাকে – প্ৰাথমিক, মাধ্যমিক, আৰু তৃতীয় পৰ্যায়। আৰু এই ভেকচিন প্ৰাৰম্ভিক পৰ্যায়ত আটাইতকৈ ফলপ্ৰসূ হ’ব বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে। অৱশ্যে মধ্যম পৰ্যায়ৰ কৰ্কট ৰোগীও এই ভেকচিনৰ দ্বাৰা উপকৃত হ’ব বুলি সদৰি কৰিছে গিণ্টছবাৰ্গে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ