--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্সাৰৰ ৰোগীসকলৰ বাবে সুখবৰ৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব ৰাছিয়াত নিৰ্মিত কেন্সাৰৰ ভেকচিন।সোমবাৰে ৰাছিয়াৰ মূল চৰকাৰী সংবাদ সংস্থা আৰ আই এ নভোষ্টিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেশখনৰ গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে এই তথ্য প্ৰকাশ কৰে।

তেওঁ কয় যে ইতিমধ্যে চিকিৎসা ক্ষেত্ৰত এই ভেকচিন ব্যৱহাৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ ওচৰত অনুমোদনৰ বাবে আবেদন জনাইছে বুলি উল্লেখ কৰে। আগষ্ট মাহৰ শেষ হোৱাৰ পূৰ্বে মন্ত্ৰালয়ে হয়তো অনুমোদন দিব বুলি উল্লেখ কৰে। মন্ত্ৰালয়ে অনুমোদন দিলে অহা ছেপ্টেম্বৰৰ পৰা এই ভেকচিন চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰা সম্ভৱ হ’ব।

যদিহে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে অনুমোদন লাভ কৰিলে গামালিয়েলৰ ভেকচিন হ’ব বিশ্বৰ প্ৰথমটো কেন্সাৰ ভেকচিন। ইয়াৰ সৈতে জড়িত থকা বিশেষজ্ঞসকলে এই নতুন ভেকচিনটো mRNA প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে বুলি সদৰি কৰে। mRNA মূলতঃ এক প্ৰকাৰৰ প্ৰ’টিন যিয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক কোনো বিশেষ ৰোগ বা ৰোগৰ বিৰুদ্ধে প্ৰশিক্ষিত কৰি তোলে।

যিসকল লোকে ইতিমধ্যে কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে তেওঁলোকক এই ভেকচিন দিব পৰা যাব বুলি গিন্টছবাৰ্গে উল্লেখ কৰে। ভেকচিনৰ মূল ঔষধ মানৱ শৰীৰত প্ৰৱেশ কৰাৰ পিছত কম সময়ৰ ভিতৰতে ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বিশেষভাৱে প্ৰশিক্ষিত কৰিবলৈ আৰম্ভ কৰে। 

এই প্ৰশিক্ষিত ৰোগ প্ৰতিৰোধ ক্ষমতাই প্ৰথমে ক্ষতিকাৰক কৰ্কট কোষক চিনাক্ত কৰি ধ্বংস কৰে।কৰ্কট ৰোগৰ সাধাৰণতে ৩টা পৰ্যায় থাকে – প্ৰাথমিক, মাধ্যমিক, আৰু তৃতীয় পৰ্যায়। আৰু এই ভেকচিন প্ৰাৰম্ভিক পৰ্যায়ত আটাইতকৈ ফলপ্ৰসূ হ’ব বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে। অৱশ্যে মধ্যম পৰ্যায়ৰ কৰ্কট ৰোগীও এই ভেকচিনৰ দ্বাৰা উপকৃত হ’ব বুলি সদৰি কৰিছে গিণ্টছবাৰ্গে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী