--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত আমি অতি সাধাৰণ খাদ্যৰ গুৰুত্ব বুজি নাপাওঁ। বহুতো গুৰুতৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰিব পৰা গুণ থাকে সাধাৰণ খাদ্যৰ। সেউজীয়া বা কেঁচা জলকীয়া আমাৰ সকলোৰে অতি চিনাকি পাচলি। যিকোনো ৰন্ধা-বঢ়াত কেঁচা জলকীয়া অতি প্ৰয়োজনীয়। নিৰামিষ আৰু আমিষ সকলো ব্যঞ্জনতে জলকীয়াৰ ব্যৱহাৰ হয়। সেউজীয়া জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। এই জলকীয়াৰ আছে যথেষ্ট উপকাৰিতা। 

আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন 'চি’ৰে সমৃদ্ধ। কেৱল ভিটামিন 'চিয়েই নহয়, ইয়াত ভিটামিন “বি৬", ভিটামিন এ, আইৰণ, কপাৰ, পটাছিয়াম তথা শর্কৰাও থাকে- যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। কেঁচা জলকীয়াত কেপছেইকিন নামৰ এক উপাদান থাকে, যাৰ বাবেই ইয়াৰ সোৱাদ জ্বলা হয়। তদুপৰি ই ডায়েটাৰী ফাইবাৰেৰেও পৰিপূৰ্ণ, যি আমাৰ হজম শক্তিৰ বাবে অতি উপকাৰী। কেঁচা জলকীয়াৰ অন্য কিছু স্বাস্থ্যসন্মত উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

১) হজম শক্তি বৃদ্ধি কৰে: কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰে। ভিটামিন ‘চি’ৰ আধিক্যৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয়। সেউজীয়া জলকীয়াত অধিক পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে পাচনত সহায় কৰে।

২)উজ্জ্বল ছাল: কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে। ইয়াত থকা ভিটামিন 'চিয়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে।


৩)ওজন নিয়ন্ত্ৰণ কৰে: শৰীৰত থকা অতিৰিক্ত চৰ্বি গলাবলৈ ই সহায় কৰে, গতিকে ওজন কমাবলৈ কেঁচা জলকীয়া অতি ফলপ্ৰসূ। লগতে ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে।

৪)ডায়েবেটিছঃ ডায়েবেটিছ ৰোগীৰ খাদ্যত কেঁচা জলকীয়া অন্তৰ্ভুক্ত কৰিব লাগে। কাৰণ ই চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে।

৫)কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: কেঁচা জলকীয়াত এন্টি অক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও পুৰুষৰ প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সেউজীয়া জলকীয়া অতি ফলপ্ৰসূ। লগতে সেউজীয়া জলকীয়া খালে নানান স্নায়ুৰ সমস্যা কমি যায়।

৬)এষ্টিঅ'পেৰ'ছিছঃ কেঁচা জলকীয়া ভিটামিন ‘কে’ ৰে পৰিপূৰ্ণ। ই এষ্টিঅ'পেৰ'ছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে।

৭)বিষ উপশমঃ কেঁচা জলকীয়া খালে বিষ উপশম হয়। ইয়াত থকা এণ্ডৰফিন নামৰ উপাদানে সেই কাৰ্যত সহায় কৰে।

৮)ছালৰ সংক্রমণ ৰোধঃ কেঁচা জলকীয়াৰ এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্রমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গতিকে কেঁচা জলকীয়াৰ গুৰুত্ব বুজি আপুনি দৈনিক খোৱাৰ অভ্যাস গঢ়ি তোলক।












FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান