--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিজ্ঞানীসকলে কৈছে যে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন আৰু এল নিনোৰ প্ৰভাৱে সমগ্র ইউৰোপত প্রবল গ্ৰীষ্মপ্ৰৱাহৰ সৃষ্টি কৰে।

ডিজিটেল ডেস্ক: জুন মাহৰ শেষৰ ফালে সমগ্র ইউৰোপ মহাদেশত প্রবল গ্রীষ্ম প্ৰৱাহে অভিলেখৰ সৃষ্টি কৰে। চৰকাৰী তথ্য অনুসৰি, পশ্চিমৰ মহাদেশখনত জুন মাহৰ শেষৰ পৰা এতিয়ালৈকে ১০ হাজাৰ লোকে প্রাণ হেৰুৱাইছে। ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ইউৰোপীয় কেন্দ্র আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত 'ইউৰো এম অ' এম অ' নামৰ এটা সংস্থাই প্রকাশ কৰিছে এই বিস্ফোৰক তথ্য। 


সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, উৎকট গৰমত পশ্চিমীয়া মহাদেশখনৰ বিভিন্ন দেশত ৬৫ বছৰ আৰু ঊৰ্বৰ বয়সৰ প্রায় ৯০০০ লোকৰ মৃত্যু হৈছে। অতিপাত গৰমৰ ফলত হিট ষ্ট্ৰ'ক অথবা হৃদৰোগ, শ্বাস-প্রশ্বাসজনিত ৰোগত অধিকাংশ বয়স্ক লোকে প্রাণ হেৰুৱাইছে। 


সংস্থাটোৰ মতে, বিজ্ঞানীসকলে কৈছে যে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন আৰু এল নিনোৰ প্ৰভাৱে সমগ্র ইউৰোপত প্রবল গ্ৰীষ্মপ্ৰৱাহৰ সৃষ্টি কৰে। জুন মাহৰ ২২ তাৰিখৰ পৰা ২৮ তাৰিখলৈ ফ্রান্স, স্পেইন, ব্রিটেইন, ইটালি আৰু অন্য ইউৰোপীয় দেশত গ্রীষ্মপ্রবাহে তাণ্ডৱলীলা চলায়। কভিড-১৯ মহামাৰীৰ পাছত ইউৰোপত এইবাৰ গ্ৰীষ্মপ্ৰৱাহে জুন মাহৰ অন্তিম সপ্তাহটোত ১০,৬৫০ গৰাকী লোকৰ প্ৰাণ লৈছে। ইউৰো এম অ' এম অ'ৰ পৰিসংখ্যা অনুসৰি, এটা সপ্তাহত গড় হিচাপত প্রতিখন ইউৰোপীয় দেশত উৎকট গৰমৰ বাবে ৫০০জনকৈ লোকৰ মৃত্যু হৈছে। 


উল্লেখযোগ্য যে অতিপাত গ্ৰীষ্মপ্ৰৱাহৰ বাবে জুনৰ শেষৰ সপ্তাহত ফ্রান্স, স্পেইন আৰু ব্রিটেইনত শক্তি যোগান ব্যাহত হৈছিল আৰু স্কুল-কলেজ বন্ধ ৰখা হৈছিল। উৎকট গৰমে দেশকেইখনত জনজীৱন স্তব্ধ কৰি তুলিছিল।

উৎস : দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু