--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিজ্ঞানীসকলে কৈছে যে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন আৰু এল নিনোৰ প্ৰভাৱে সমগ্র ইউৰোপত প্রবল গ্ৰীষ্মপ্ৰৱাহৰ সৃষ্টি কৰে।

ডিজিটেল ডেস্ক: জুন মাহৰ শেষৰ ফালে সমগ্র ইউৰোপ মহাদেশত প্রবল গ্রীষ্ম প্ৰৱাহে অভিলেখৰ সৃষ্টি কৰে। চৰকাৰী তথ্য অনুসৰি, পশ্চিমৰ মহাদেশখনত জুন মাহৰ শেষৰ পৰা এতিয়ালৈকে ১০ হাজাৰ লোকে প্রাণ হেৰুৱাইছে। ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ইউৰোপীয় কেন্দ্র আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত 'ইউৰো এম অ' এম অ' নামৰ এটা সংস্থাই প্রকাশ কৰিছে এই বিস্ফোৰক তথ্য। 


সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, উৎকট গৰমত পশ্চিমীয়া মহাদেশখনৰ বিভিন্ন দেশত ৬৫ বছৰ আৰু ঊৰ্বৰ বয়সৰ প্রায় ৯০০০ লোকৰ মৃত্যু হৈছে। অতিপাত গৰমৰ ফলত হিট ষ্ট্ৰ'ক অথবা হৃদৰোগ, শ্বাস-প্রশ্বাসজনিত ৰোগত অধিকাংশ বয়স্ক লোকে প্রাণ হেৰুৱাইছে। 


সংস্থাটোৰ মতে, বিজ্ঞানীসকলে কৈছে যে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন আৰু এল নিনোৰ প্ৰভাৱে সমগ্র ইউৰোপত প্রবল গ্ৰীষ্মপ্ৰৱাহৰ সৃষ্টি কৰে। জুন মাহৰ ২২ তাৰিখৰ পৰা ২৮ তাৰিখলৈ ফ্রান্স, স্পেইন, ব্রিটেইন, ইটালি আৰু অন্য ইউৰোপীয় দেশত গ্রীষ্মপ্রবাহে তাণ্ডৱলীলা চলায়। কভিড-১৯ মহামাৰীৰ পাছত ইউৰোপত এইবাৰ গ্ৰীষ্মপ্ৰৱাহে জুন মাহৰ অন্তিম সপ্তাহটোত ১০,৬৫০ গৰাকী লোকৰ প্ৰাণ লৈছে। ইউৰো এম অ' এম অ'ৰ পৰিসংখ্যা অনুসৰি, এটা সপ্তাহত গড় হিচাপত প্রতিখন ইউৰোপীয় দেশত উৎকট গৰমৰ বাবে ৫০০জনকৈ লোকৰ মৃত্যু হৈছে। 


উল্লেখযোগ্য যে অতিপাত গ্ৰীষ্মপ্ৰৱাহৰ বাবে জুনৰ শেষৰ সপ্তাহত ফ্রান্স, স্পেইন আৰু ব্রিটেইনত শক্তি যোগান ব্যাহত হৈছিল আৰু স্কুল-কলেজ বন্ধ ৰখা হৈছিল। উৎকট গৰমে দেশকেইখনত জনজীৱন স্তব্ধ কৰি তুলিছিল।

উৎস : দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ