--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ কেইবাঠাইতো প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায়। দেশখনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে, বন্দৰ আব্বাছ আৰু ছিৰিকত প্রচণ্ড বিস্ফোৰণ হয়।

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইৰানৰ মাজত শেহতীয়াকৈ পুনৰ আৰম্ভ হোৱা যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা বৃদ্ধি পাইছে। দুয়োপক্ষৰ মাজত শেহতীয়াকৈ আৰম্ভ হোৱা সংঘাতে মহাযুদ্ধৰ ৰূপ লোৱাৰো আশংকা কৰা হৈছে। ইয়াৰ লগতে বিশ্বত পুনৰ শক্তিৰ সংকটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইৰানৰ নৌ-সেনাই হৰমুজ প্রণালী পুনৰ জাননী নিদিয়ালৈকে বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে হৰমুজ প্রণালীত পুনৰ মাইন স্থাপন কৰাৰো ভাবুকি দিয়ে।


একে সময়তে আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰানৰ কমেও ১৪০টা সামৰিক ঘাটি তথা স্থানত আক্রমণ কৰে। প্ৰত্যুত্তৰত ইৰানেও পাৰস্য উপসাগৰীয় অঞ্চলৰ ছখন দেশত থকা আমেৰিকাৰ প্ৰায় ৮০টা সামৰিক ঘাটি তথা স্থানত বিধ্বংসী আক্রমণ কৰে। ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) পৰৱৰ্তী জাননী নিদিয়ালৈকে হৰমুজ প্রণালী বন্ধ ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে আমেৰিকাৰ বায়ু সেনাই দেশখনৰ বিভিন্ন স্থানত আক্ৰমণ কৰে। আমেৰিকাই ইৰানৰ পাৰমাণৱিক প্রকল্প থকা মহানগৰ বুশ্বহৰতো আক্ৰমণ কৰে। 


হৰমুজ প্রণালীক লৈ এতিয়া ইৰান আৰু আমেৰিকাৰ মাজৰ যুদ্ধই আটাইতকৈ ভয়াৱহ ৰূপ লোৱাৰ দিশত গতি কৰিছে। উল্লেখযোগ্য যে দুয়োপক্ষৰ মাজত যুদ্ধ-বিৰতি চলি থকাৰ সময়তে পুনৰ উত্তেজনা বৃদ্ধি পাই আই আৰ জি চিয়ে হৰমুজ প্রণালীৰে পাৰ হোৱা তিনিখন জাহাজক আক্ৰমণ কৰাৰ পাছৰে পৰা এতিয়া দুয়োপক্ষৰ শান্তি আলোচনাই অনিশ্চয়তাৰ দিশে গতি কৰে। উল্লেখযোগ্য যে হৰমুজ প্রণালী পাৰ হোৱাৰ সময়ত আই আৰ জি চিয়ে এম/ভি জি এফ এছ গেলেক্সী নামৰ জাহাজখনত মুকলিকৈ আক্রমণ কৰে। ইয়াৰ প্ৰত্যুত্তৰ দি আমেৰিকাৰ সেনাই ইৰানত আক্রমণ কৰে। মার্কিন চেণ্ট্ৰেল কমাণ্ডে প্রকাশ কৰা মতে কমাণ্ডৰ বাহিনীয়ে ইৰানত তৃতীয় পৰ্যায়ৰ আক্ৰমণ কৰে। ইৰানৰ প্ৰায় ১৪০টা সামৰিক ঠিকনাত আজি পুৱাৰ ভাগত আক্রমণ কৰা হয়। মার্কিন সেনাই কয় যে ইৰানত কৰা আক্ৰমণত দেশখনৰ ড্ৰ'নৰ ভাণ্ডাৰ থকা স্থান, নৌ-সৈনিকৰ স্থান গোলা-বাৰুদ ৰখা স্থান, যোগাযোগ নেটৱৰ্ক আৰু উপকূলীয় অঞ্চলত চকু ৰক্ষা কেন্দ্ৰক লক্ষ্য কৰি লোৱা হয়। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পেট হেগছেথে আক্ৰমণৰ পাছতে কয় যে ইৰানে ভুল পথ বাছনি কৰিছে আৰু দেশখনে ইয়াৰ গুৰুতৰ পৰিণাম ভোগ কৰিব লাগিব। 


আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ কেইবাঠাইতো প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায়। দেশখনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে, বন্দৰ আব্বাছ আৰু ছিৰিকত প্রচণ্ড বিস্ফোৰণ হয়। কেছম দ্বীপতো বিস্ফোৰণৰ শব্দ শুনা পোৱা গৈছে। ইফালে আল জজিৰাই প্ৰকাশ কৰা মতে, আমেৰিকাৰ আক্ৰমণত ইৰানৰ এজন সৈনিক নিহত হয়। জাস্ক বন্দৰত আমেৰিকাই কৰা আক্ৰমণৰ সময়ত ইৰানী নৌ-সেনাৰ লেফটেনেণ্ট হামিদৰাজা দেহঘানী নিহত হয়। ইৰানৰ বিষয়াসকলে আমেৰিকাৰ এই আক্রমণক সন্ত্রাসবাদীৰ আক্ৰমণ ৰূপে অভিহিত কৰে। আমেৰিকাৰ শেহতীয়া আক্রমণত ইৰানত নিহত লোকৰ সংখ্যা ১৯জনলৈ বৃদ্ধি পাইছে আৰু শতাধিক লোক আহত হয়।


উৎস : দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু