--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ কেইবাঠাইতো প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায়। দেশখনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে, বন্দৰ আব্বাছ আৰু ছিৰিকত প্রচণ্ড বিস্ফোৰণ হয়।

ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইৰানৰ মাজত শেহতীয়াকৈ পুনৰ আৰম্ভ হোৱা যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা বৃদ্ধি পাইছে। দুয়োপক্ষৰ মাজত শেহতীয়াকৈ আৰম্ভ হোৱা সংঘাতে মহাযুদ্ধৰ ৰূপ লোৱাৰো আশংকা কৰা হৈছে। ইয়াৰ লগতে বিশ্বত পুনৰ শক্তিৰ সংকটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইৰানৰ নৌ-সেনাই হৰমুজ প্রণালী পুনৰ জাননী নিদিয়ালৈকে বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে হৰমুজ প্রণালীত পুনৰ মাইন স্থাপন কৰাৰো ভাবুকি দিয়ে।


একে সময়তে আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰানৰ কমেও ১৪০টা সামৰিক ঘাটি তথা স্থানত আক্রমণ কৰে। প্ৰত্যুত্তৰত ইৰানেও পাৰস্য উপসাগৰীয় অঞ্চলৰ ছখন দেশত থকা আমেৰিকাৰ প্ৰায় ৮০টা সামৰিক ঘাটি তথা স্থানত বিধ্বংসী আক্রমণ কৰে। ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) পৰৱৰ্তী জাননী নিদিয়ালৈকে হৰমুজ প্রণালী বন্ধ ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে আমেৰিকাৰ বায়ু সেনাই দেশখনৰ বিভিন্ন স্থানত আক্ৰমণ কৰে। আমেৰিকাই ইৰানৰ পাৰমাণৱিক প্রকল্প থকা মহানগৰ বুশ্বহৰতো আক্ৰমণ কৰে। 


হৰমুজ প্রণালীক লৈ এতিয়া ইৰান আৰু আমেৰিকাৰ মাজৰ যুদ্ধই আটাইতকৈ ভয়াৱহ ৰূপ লোৱাৰ দিশত গতি কৰিছে। উল্লেখযোগ্য যে দুয়োপক্ষৰ মাজত যুদ্ধ-বিৰতি চলি থকাৰ সময়তে পুনৰ উত্তেজনা বৃদ্ধি পাই আই আৰ জি চিয়ে হৰমুজ প্রণালীৰে পাৰ হোৱা তিনিখন জাহাজক আক্ৰমণ কৰাৰ পাছৰে পৰা এতিয়া দুয়োপক্ষৰ শান্তি আলোচনাই অনিশ্চয়তাৰ দিশে গতি কৰে। উল্লেখযোগ্য যে হৰমুজ প্রণালী পাৰ হোৱাৰ সময়ত আই আৰ জি চিয়ে এম/ভি জি এফ এছ গেলেক্সী নামৰ জাহাজখনত মুকলিকৈ আক্রমণ কৰে। ইয়াৰ প্ৰত্যুত্তৰ দি আমেৰিকাৰ সেনাই ইৰানত আক্রমণ কৰে। মার্কিন চেণ্ট্ৰেল কমাণ্ডে প্রকাশ কৰা মতে কমাণ্ডৰ বাহিনীয়ে ইৰানত তৃতীয় পৰ্যায়ৰ আক্ৰমণ কৰে। ইৰানৰ প্ৰায় ১৪০টা সামৰিক ঠিকনাত আজি পুৱাৰ ভাগত আক্রমণ কৰা হয়। মার্কিন সেনাই কয় যে ইৰানত কৰা আক্ৰমণত দেশখনৰ ড্ৰ'নৰ ভাণ্ডাৰ থকা স্থান, নৌ-সৈনিকৰ স্থান গোলা-বাৰুদ ৰখা স্থান, যোগাযোগ নেটৱৰ্ক আৰু উপকূলীয় অঞ্চলত চকু ৰক্ষা কেন্দ্ৰক লক্ষ্য কৰি লোৱা হয়। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পেট হেগছেথে আক্ৰমণৰ পাছতে কয় যে ইৰানে ভুল পথ বাছনি কৰিছে আৰু দেশখনে ইয়াৰ গুৰুতৰ পৰিণাম ভোগ কৰিব লাগিব। 


আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ কেইবাঠাইতো প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায়। দেশখনৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে, বন্দৰ আব্বাছ আৰু ছিৰিকত প্রচণ্ড বিস্ফোৰণ হয়। কেছম দ্বীপতো বিস্ফোৰণৰ শব্দ শুনা পোৱা গৈছে। ইফালে আল জজিৰাই প্ৰকাশ কৰা মতে, আমেৰিকাৰ আক্ৰমণত ইৰানৰ এজন সৈনিক নিহত হয়। জাস্ক বন্দৰত আমেৰিকাই কৰা আক্ৰমণৰ সময়ত ইৰানী নৌ-সেনাৰ লেফটেনেণ্ট হামিদৰাজা দেহঘানী নিহত হয়। ইৰানৰ বিষয়াসকলে আমেৰিকাৰ এই আক্রমণক সন্ত্রাসবাদীৰ আক্ৰমণ ৰূপে অভিহিত কৰে। আমেৰিকাৰ শেহতীয়া আক্রমণত ইৰানত নিহত লোকৰ সংখ্যা ১৯জনলৈ বৃদ্ধি পাইছে আৰু শতাধিক লোক আহত হয়।


উৎস : দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ