--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে এতিয়াৰে পৰা শ্ৰমিকসকলে লাভ কৰিব ১২৫ দিনৰ কৰ্মসংস্থাপন। লগতে, সময়মতে মজুৰি নাপালে সুতসহ ধন আদায় দিব চৰকাৰে।

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন পদক্ষেপ! গাঁৱৰ উন্নয়ন আৰু শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱানৰ।


পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে এতিয়াৰে পৰা শ্ৰমিকসকলে লাভ কৰিব ১২৫ দিনৰ কৰ্মসংস্থাপন। লগতে, সময়মতে মজুৰি নাপালে সুতসহ ধন আদায় দিব চৰকাৰে। 


গ্ৰামাঞ্চলৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱানে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, শ্ৰমিকসকলৰ বাবে পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে এতিয়া ১২৫ দিনৰ কৰ্মদিন নিশ্চিত কৰা হৈছে।



কৃষিৰ সময়ত কৃষকসকলে শ্ৰমিকৰ অভাৱত যাতে ভুগিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থা অনুসৰি, চৰকাৰে নিজৰ ফালৰ পৰা ৬০ দিনৰ কাম বন্ধ ৰাখি শ্ৰমিকসকলক কৃষিকৰ্মত নিয়োজিত হোৱাৰ সুযোগ প্ৰদান কৰিব।


লগতে, মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰে ১৫ দিনৰ ভিতৰত শ্ৰমিকক মজুৰি দিব নোৱাৰে, তেন্তে সুতৰ সৈতে সেই ধন প্ৰদান কৰা হ’ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ কৰিবলৈ এতিয়াৰে পৰা শ্ৰমিকসকলৰ বাবে KYC বাধ্যতামূলক কৰা হৈছে আৰু সমগ্ৰ ব্যৱস্থাটো ১০০% ডিজিটেল কৰা হ’ব।


মন কৰিবলগীয়া যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ পুঁজিৰ অনুপাত পূৰ্বৰ দৰেই ৯০:১০ হৈ থাকিব। এই নতুন পদক্ষেপে গ্ৰামাঞ্চলৰ অৰ্থনীতিত এক নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু