--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে এতিয়াৰে পৰা শ্ৰমিকসকলে লাভ কৰিব ১২৫ দিনৰ কৰ্মসংস্থাপন। লগতে, সময়মতে মজুৰি নাপালে সুতসহ ধন আদায় দিব চৰকাৰে।

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন পদক্ষেপ! গাঁৱৰ উন্নয়ন আৰু শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱানৰ।


পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে এতিয়াৰে পৰা শ্ৰমিকসকলে লাভ কৰিব ১২৫ দিনৰ কৰ্মসংস্থাপন। লগতে, সময়মতে মজুৰি নাপালে সুতসহ ধন আদায় দিব চৰকাৰে। 


গ্ৰামাঞ্চলৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱানে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, শ্ৰমিকসকলৰ বাবে পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে এতিয়া ১২৫ দিনৰ কৰ্মদিন নিশ্চিত কৰা হৈছে।



কৃষিৰ সময়ত কৃষকসকলে শ্ৰমিকৰ অভাৱত যাতে ভুগিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থা অনুসৰি, চৰকাৰে নিজৰ ফালৰ পৰা ৬০ দিনৰ কাম বন্ধ ৰাখি শ্ৰমিকসকলক কৃষিকৰ্মত নিয়োজিত হোৱাৰ সুযোগ প্ৰদান কৰিব।


লগতে, মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰে ১৫ দিনৰ ভিতৰত শ্ৰমিকক মজুৰি দিব নোৱাৰে, তেন্তে সুতৰ সৈতে সেই ধন প্ৰদান কৰা হ’ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ কৰিবলৈ এতিয়াৰে পৰা শ্ৰমিকসকলৰ বাবে KYC বাধ্যতামূলক কৰা হৈছে আৰু সমগ্ৰ ব্যৱস্থাটো ১০০% ডিজিটেল কৰা হ’ব।


মন কৰিবলগীয়া যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ পুঁজিৰ অনুপাত পূৰ্বৰ দৰেই ৯০:১০ হৈ থাকিব। এই নতুন পদক্ষেপে গ্ৰামাঞ্চলৰ অৰ্থনীতিত এক নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ