--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সূৰ্য্য পুত্ৰ শনিক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। জ্যোতিষত শনিক অতি গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে কাৰণ শনিয়ে কৰ্ম অনুযায়ী ফলাফল দিয়ে। শনিৰ কৃপাত ভিক্ষাৰীও ৰজা হয় আৰু শনি ৰুষ্ট হলে মানুহৰ জীৱন ধ্বংস হয়। ২৩ অক্টোবৰৰ পৰা ৪ ৰাশিৰ লোকৰ ওপৰত শনিৰ অশুভ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে জ্যোতিষশাস্ত্ৰত। এনে পৰিস্থিতিত এইসকল লোকে ২০২৩ চনৰ ১৭ জানুৱাৰীলৈকে সজাগ হৈ থাকিব লাগিব।

এই ৰাশিৰ বাবে শনি অশুভ

১) মিথুন ৰাশি- শনিয়ে মিথুন ৰাশিৰ লোকক প্ৰতিকূল সময় দিব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। এলাহ পৰিহাৰ কৰক। শহুৰৰ ঘৰৰ লগত সম্পৰ্ক অৱনতি ঘটিব পাৰে।

২) বৃশ্চিক ৰাশি- শনিয়ে বৃশ্চিক ৰাশিৰ লোকসকলৰ জীৱনত অসুবিধা বৃদ্ধি কৰিব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হ’ব লাগিব। সহকৰ্মীৰ লগত তৰ্ক নকৰিব। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰক। চাকৰি-ব্যৱসায়ত সফলতা পাবলৈ হ’লে বহুত কষ্ট কৰিব লাগিব।

৩) ধনু ৰাশি- শনিয়ে ধনু ৰাশিৰ লোকৰ খৰচ বৃদ্ধি কৰিব পাৰে। ঋণ বাঢ়িব পাৰে। গতিকে বাজেট বনাই খৰচ কৰক। স্বাস্থ্যৰ যত্ন লওক। কাকো মিছা কথা নক’ব।

৪) মকৰ ৰাশি- শনি মকৰ ৰাশিত আছে আৰু এই ৰাশিত বিভিন্ন প্ৰভাৱ পৰিব। উত্তেজনা হ’ব। ব্যৱসায়ত সমস্যা হব পাৰে। খৰচ বাঢ়িব। ভাই-ভনীৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব।

শনিৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ প্ৰতিকাৰ

- প্ৰতি শনিবাৰে সৰিয়হৰ তেল দান কৰক।
- প্ৰতি শনিবাৰে পিপল গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাওক।
- শনিৰ মন্ত্ৰ জপ কৰক।
- পঢ়ক শনি চলিছা।
- আৰ্তজনক সহায় কৰক। বিশেষকৈ অসহায়, পৰিশ্ৰমী শ্ৰমিকৰ লগত সন্মানেৰে কথা পাতক।
- চাফাই কৰ্মীৰ লগত সন্মানেৰে কথা পাতিব।
- দুখীয়া লোকক খাদ্য যোগান ধৰক।
- কুকুৰক খাদ্য দিয়ক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু