--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে নিজৰ অতীতক লৈ এক ডাঙৰ কথা প্ৰকাশ কৰিছে। এটা সাক্ষাৎকাৰৰ সময়ত তেওঁ নিজৰ সংগ্ৰামৰ বিষয়ে কয়। ইয়াৰ লগতে তেওঁৰ এটা ডাঙৰ গোপন কথা উদঙাই দিওঁতে তেওঁ কয় যে কেনেকৈ তেওঁ এগৰাকী ছোৱালীৰ লগত বহুদিন প্ৰেমৰ ভাও ধৰিবলগীয়া হৈছিল।

তেওঁ কয় যে, ‘‘মই দশম শ্ৰেণীৰ ছোৱালী এজনীৰ প্ৰেমত পৰাৰ অভিনয় কৰিছিলোঁ। মানুহে আজিকালি যিটো অপমানজনক সুৰত ‘গে’, ‘ফেগ’ বা ‘হোমো’ বুলি কয়, সেই সময়ত ইয়াক ‘পেন্সি’ বুলি কোৱা হৈছিল আৰু ই এনেকুৱা এটা শব্দ আছিল যিয়ে মোক বহুত হতাশ কৰিছিল আৰু এন্ধাৰলৈ ঠেলি দিছিল।’’ 

কৰণে লগতে প্ৰকাশ কৰে যে শ্বাহৰুখ খান একমাত্ৰ ব্যক্তি যিয়ে তেওঁক কেতিয়াও হীনমন্যতাত ভুগিবলৈ দিয়া নাছিল।

কৰণে লগতে কয় যে ‘‘সমকামিতাক মানুহে ঘৃণাৰ চকুৰে চায় সেইটোৱে মোক সঁচাকৈয়ে আমনি কৰে। আপুনি মোৰ যৌনতাক কি বুলি ভাবে সেই বিষয়ে ক'ব পাৰে, সেয়া আপোনাৰ বিশেষাধিকাৰ, কিন্তু যদি আপুনি অশ্লীল মন্তব্য কৰি আছে আৰু সমকামীক বেয়া শব্দৰে থকাসৰকা কৰি আছে তেতিয়াই মোৰ সমস্যা হয় কাৰণ তাৰ অৰ্থ হ'ল আপোনাৰ মনটো অসুস্থ, অশান্ত মানসিকতা আৰু অশিক্ষিত চিন্তা প্ৰক্ৰিয়া।’’  

উল্লেখ্য যে কৰণে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ ছবিৰে প্ৰায় সাত বছৰৰ মূৰত পৰিচালকৰ ৰূপত ঘূৰি আহিছে। ছবিখনত অভিনয় কৰিছে ৰণবীৰ সিং, আলিয়া ভাট, ধৰ্মেন্দ্ৰ, শ্বাৱানা আজমী, জয়া বচ্চনৰ দৰে তাৰকা শিল্পীয়ে। ছবিখনে বক্স অফিচত দৰ্শকৰ পৰা অতি উত্তম সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰিও চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কৰণৰ ধৰ্ম প্ৰডাকচনৰ বেনাৰত কেইবাখনো ছবি আহি আছে। ইয়াৰ ভিতৰত আছে সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰাশী খান্না অভিনীত একচন থ্ৰিলাৰ ‘যোদ্ধা’, ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ আৰু ‘মেৰে মেহবুব মেৰে সনম’। ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ত ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰ অভিনয় কৰিছে আৰু ‘মেৰে মেহবুব মেৰে সনম’ত বিকি কৌশল আৰু তৃপ্তী ডিমৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু