--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে নিজৰ অতীতক লৈ এক ডাঙৰ কথা প্ৰকাশ কৰিছে। এটা সাক্ষাৎকাৰৰ সময়ত তেওঁ নিজৰ সংগ্ৰামৰ বিষয়ে কয়। ইয়াৰ লগতে তেওঁৰ এটা ডাঙৰ গোপন কথা উদঙাই দিওঁতে তেওঁ কয় যে কেনেকৈ তেওঁ এগৰাকী ছোৱালীৰ লগত বহুদিন প্ৰেমৰ ভাও ধৰিবলগীয়া হৈছিল।

তেওঁ কয় যে, ‘‘মই দশম শ্ৰেণীৰ ছোৱালী এজনীৰ প্ৰেমত পৰাৰ অভিনয় কৰিছিলোঁ। মানুহে আজিকালি যিটো অপমানজনক সুৰত ‘গে’, ‘ফেগ’ বা ‘হোমো’ বুলি কয়, সেই সময়ত ইয়াক ‘পেন্সি’ বুলি কোৱা হৈছিল আৰু ই এনেকুৱা এটা শব্দ আছিল যিয়ে মোক বহুত হতাশ কৰিছিল আৰু এন্ধাৰলৈ ঠেলি দিছিল।’’ 

কৰণে লগতে প্ৰকাশ কৰে যে শ্বাহৰুখ খান একমাত্ৰ ব্যক্তি যিয়ে তেওঁক কেতিয়াও হীনমন্যতাত ভুগিবলৈ দিয়া নাছিল।

কৰণে লগতে কয় যে ‘‘সমকামিতাক মানুহে ঘৃণাৰ চকুৰে চায় সেইটোৱে মোক সঁচাকৈয়ে আমনি কৰে। আপুনি মোৰ যৌনতাক কি বুলি ভাবে সেই বিষয়ে ক'ব পাৰে, সেয়া আপোনাৰ বিশেষাধিকাৰ, কিন্তু যদি আপুনি অশ্লীল মন্তব্য কৰি আছে আৰু সমকামীক বেয়া শব্দৰে থকাসৰকা কৰি আছে তেতিয়াই মোৰ সমস্যা হয় কাৰণ তাৰ অৰ্থ হ'ল আপোনাৰ মনটো অসুস্থ, অশান্ত মানসিকতা আৰু অশিক্ষিত চিন্তা প্ৰক্ৰিয়া।’’  

উল্লেখ্য যে কৰণে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ ছবিৰে প্ৰায় সাত বছৰৰ মূৰত পৰিচালকৰ ৰূপত ঘূৰি আহিছে। ছবিখনত অভিনয় কৰিছে ৰণবীৰ সিং, আলিয়া ভাট, ধৰ্মেন্দ্ৰ, শ্বাৱানা আজমী, জয়া বচ্চনৰ দৰে তাৰকা শিল্পীয়ে। ছবিখনে বক্স অফিচত দৰ্শকৰ পৰা অতি উত্তম সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰিও চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কৰণৰ ধৰ্ম প্ৰডাকচনৰ বেনাৰত কেইবাখনো ছবি আহি আছে। ইয়াৰ ভিতৰত আছে সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰাশী খান্না অভিনীত একচন থ্ৰিলাৰ ‘যোদ্ধা’, ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ আৰু ‘মেৰে মেহবুব মেৰে সনম’। ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ত ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰ অভিনয় কৰিছে আৰু ‘মেৰে মেহবুব মেৰে সনম’ত বিকি কৌশল আৰু তৃপ্তী ডিমৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক