--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ৰ’না মহামাৰীৰ বাবে জাৰি কৰা লকডাউনৰ ফলত বহু লোকৰ পৰিয়ালত দেখা দিলে অৰ্থনৈতিক সংকটে। কোনো কোনো লোকে হেৰুৱালে চাকৰি। কাৰোবাৰ বন্ধ হ'ল ব্যৱসায়। লকডাউনত নিজ কৰ্ম সংস্থাপন হেৰুৱাই আৰ্থিকভাবে জুৰুলা হৈ পৰা এজন ২৭ বছৰীয়া যুৱকে ধৰিলে কিন্নৰৰ ভেশচন। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ জেজুৰীৰ অভিষেক ৰাওচাহেব ভোৰে নামৰ এজন যুৱকে কিন্নৰৰ ভেশত বহু লোকৰ পৰা টকা-পইচা সৰকাবলৈ ধৰে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এই 'নকলী' কিন্নৰজন।

জেজুৰী আৰক্ষীয়ে সদৰী কৰা অনুসৰি লকডাউনৰ বাবে মন্দিৰবোৰ পুনৰ মুকলি কৰা হৈছে। লোককলাৰ শিল্পীসকলে এতিয়া জেজুৰিৰ তীৰ্থস্থানত সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰিছে। জেজুৰিৰ এগৰাকী মহিলা শিল্পীক এগৰাকী সহ-অভিনেতাৰ প্ৰয়োজন আছিল। ফেচবুকত অনুসন্ধান কৰাৰ পিছত ৰাণী কিন্নৰ নামৰ এটা একাউণ্ট পোৱা গৈছিল। মহিলাগৰাকীয়ে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক সহ অভিনেতা হিচাপে লোৱাৰ প্ৰস্তাৱ আগবঢ়ায়। ৰাণী কিন্নৰৰূপী একাউণ্টটো আছিল অভিষেকৰ।

আৰু পঢ়কঃ দেউলীয়া; উপহাৰ বিক্ৰী কৰি চলিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী, এইবাৰ বিক্ৰী কৰিলে ঘড়ী

অভিষেকক কিন্নৰ বুলি ভাবি মহিলাগৰাকীয়ে ঘৰলৈ মাতি পঠিয়ায়। কিন্নৰৰ ভেশ ধৰি থকাৰ সুবিধা লৈ অভিষেকে মহিলাগৰাকীৰ ঘৰতে দুদিন কটায়। তৃতীয় দিনা কিন্নৰৰূপী অভিষেকে মহিলাগৰাকীৰ ঘৰৰ পৰা ১.৫ টোলা সোণ আৰু অন্যান্য গহনা আৰু নগদ ৬,০০০ টকা চুৰি কৰে আৰু নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পলাই যায়। মহিলাগৰাকীৰ অভিযোগৰ‌ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায় আটক কৰে অভিষেকক।

আৰক্ষীৰ জালত পৰাৰ পাছত অভিযেক ৰাওচাহেব ভোৰে

অভিষেকে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে যে লকডাউনৰ ফলত কাম হেৰুৱাই তেওঁ কিন্নৰৰ ভেশ ধৰিবলগীয়া হয়। এই বিষয়টোৱে লকডাউনে যে মানুহক কিমান সমস্যাৰ সন্মুখীন কৰালে সেই কথা স্পষ্ট কৰি তুলিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য