--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ৰ’না মহামাৰীৰ বাবে জাৰি কৰা লকডাউনৰ ফলত বহু লোকৰ পৰিয়ালত দেখা দিলে অৰ্থনৈতিক সংকটে। কোনো কোনো লোকে হেৰুৱালে চাকৰি। কাৰোবাৰ বন্ধ হ'ল ব্যৱসায়। লকডাউনত নিজ কৰ্ম সংস্থাপন হেৰুৱাই আৰ্থিকভাবে জুৰুলা হৈ পৰা এজন ২৭ বছৰীয়া যুৱকে ধৰিলে কিন্নৰৰ ভেশচন। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ জেজুৰীৰ অভিষেক ৰাওচাহেব ভোৰে নামৰ এজন যুৱকে কিন্নৰৰ ভেশত বহু লোকৰ পৰা টকা-পইচা সৰকাবলৈ ধৰে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে এই 'নকলী' কিন্নৰজন।

জেজুৰী আৰক্ষীয়ে সদৰী কৰা অনুসৰি লকডাউনৰ বাবে মন্দিৰবোৰ পুনৰ মুকলি কৰা হৈছে। লোককলাৰ শিল্পীসকলে এতিয়া জেজুৰিৰ তীৰ্থস্থানত সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰিছে। জেজুৰিৰ এগৰাকী মহিলা শিল্পীক এগৰাকী সহ-অভিনেতাৰ প্ৰয়োজন আছিল। ফেচবুকত অনুসন্ধান কৰাৰ পিছত ৰাণী কিন্নৰ নামৰ এটা একাউণ্ট পোৱা গৈছিল। মহিলাগৰাকীয়ে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক সহ অভিনেতা হিচাপে লোৱাৰ প্ৰস্তাৱ আগবঢ়ায়। ৰাণী কিন্নৰৰূপী একাউণ্টটো আছিল অভিষেকৰ।

আৰু পঢ়কঃ দেউলীয়া; উপহাৰ বিক্ৰী কৰি চলিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী, এইবাৰ বিক্ৰী কৰিলে ঘড়ী

অভিষেকক কিন্নৰ বুলি ভাবি মহিলাগৰাকীয়ে ঘৰলৈ মাতি পঠিয়ায়। কিন্নৰৰ ভেশ ধৰি থকাৰ সুবিধা লৈ অভিষেকে মহিলাগৰাকীৰ ঘৰতে দুদিন কটায়। তৃতীয় দিনা কিন্নৰৰূপী অভিষেকে মহিলাগৰাকীৰ ঘৰৰ পৰা ১.৫ টোলা সোণ আৰু অন্যান্য গহনা আৰু নগদ ৬,০০০ টকা চুৰি কৰে আৰু নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পলাই যায়। মহিলাগৰাকীৰ অভিযোগৰ‌ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায় আটক কৰে অভিষেকক।

আৰক্ষীৰ জালত পৰাৰ পাছত অভিযেক ৰাওচাহেব ভোৰে

অভিষেকে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে যে লকডাউনৰ ফলত কাম হেৰুৱাই তেওঁ কিন্নৰৰ ভেশ ধৰিবলগীয়া হয়। এই বিষয়টোৱে লকডাউনে যে মানুহক কিমান সমস্যাৰ সন্মুখীন কৰালে সেই কথা স্পষ্ট কৰি তুলিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক