--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী সমকামী মহিলা সাংসদ তথা দেশখনৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙে নিজৰ সংগী ছফী আল’চেক বিয়া কৰালে৷ দেওবাৰে ৱঙে নিজে জনায় এই কথা৷

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ৱঙে বিয়াৰ সাজ-পোছাক পিন্ধি ফুলৰ থোপা হাতত লৈ থকা ফটো এখন শ্বেয়াৰ কৰে৷ লিখে- ‘‘আমি আনন্দিত যে আমাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলে আমাৰ সৈতে এই বিশেষ দিনটোত অংশ ল’লে৷’’

দ্য ছিডনী মৰ্নিং হেৰাল্ডৰ বাতৰি অনুসৰি, প্ৰায় দুটা দশক ধৰি একেলগে থকা ৱং আৰু আলৌচে শনিবাৰে দক্ষিণ অষ্ট্ৰেলিয়াৰ ৰাজধানী এডিলেইডৰ এখন ৱাইনাৰিত বিবাহপাশত আবদ্ধ হয়। ছিনেটত দক্ষিণ অষ্ট্ৰেলিয়া ৰাজ্যক প্ৰতিনিধিত্ব কৰে ৱঙে। ২০০২ চনৰ পৰা লেবাৰৰ চিনেটৰ ৱং হৈছে এছিয়াত জন্মগ্ৰহণ কৰা প্ৰথমজন ব্যক্তি যিয়ে অষ্ট্ৰেলিয়াৰ কেবিনেটৰ পদত অধিষ্ঠিত। 

অষ্ট্ৰেলিয়াত ২০১৭ চনত সমলিংগ বিবাহ বৈধ হৈ পৰে, যিটো দেশৰ বাবে জলভাগ, য’ত ১৯৯৭ চনলৈকে সকলো ৰাজ্যতে সমকামিতাক অপৰাধমুক্ত কৰা হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক