--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কানাডাত পোহৰলৈ আহিল আন এক চাঞ্চল্যকৰ ঘটনা। কানাডাৰ অ’ণ্টাৰিঅ’ চহৰত এটা ভাৰতীয় পৰিয়ালৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। নিজ বাসগৃহত জীৱন্তে অগ্নিদগ্ধ হয় ৩ সদস্য। ৰহস্যজনকভাৱে বাসগৃহত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা। ৭ মাৰ্চৰ ঘটনা ৰহস্যজনকভাৱে পোহৰলৈ আহে ১৫ মাৰ্চতহে। কানাডা আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অগ্নিকাণ্ডৰ সময়ত বাসগৃহতে আছিল পৰিয়ালটোৰ ৩ সদস্য। 

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভয়ংকৰ অগ্নিকাণ্ডটোত জ্বলি ভস্মীভূত হয় সমগ্ৰ বাসগৃহটো। কোনো দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে ঘৰটোত অগ্নিকাণ্ড কৰাৰ সন্দেহ আৰক্ষীৰ। অৱশ্যে ঘটনাৰ আঁৰত কি কাৰণ নিহিত হৈ আছে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই আৰক্ষীৰ তদন্তত। বিগত ১৫ বছৰ ধৰি কানাডাত স্থায়ীভাৱে আছিল ভাৰতীয় মূলৰ পৰিয়ালটো। ইপিনে, এনেদৰে ৰহস্যজনক অগ্নিকাণ্ডত ৩ জনকৈ ভাৰতীয় লোকৰ মৃত্যুৰ ঘটনাই দেশখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ। কানাডাত বাস কৰি থকা ভাৰতীয় লোকসকলৰ মাজত বিয়পি পৰিছে শংকা। শেহতীয়াকৈ কানাডা–আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে ইউৰোপৰ একাংশ দেশত বৃদ্ধি পাইছে ভাৰতীয় লোকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। কিছুদিনৰ পৰা নিতৌ বিদেশৰ পৰা আহিছে ভাৰতীয় লোকৰ হত্যাৰ খবৰ। 

অলপতে আমেৰিকাৰ কেলিয়াফ’ৰ্ণিয়াত এটা বাসগৃহৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ৪ ভাৰতীয়ৰ মৃতদেহ। চলিত বছৰত এইপৰ্যন্ত আমেৰিকাত হত্যাৰ বলি হৈছে ইজনৰ পাছত সিজন ভাৰতীয় লোক। বিগত দিনসমূহত এইসমূহ ইউৰোপীয় দেশত ভাৰতীয় লোকৰ প্ৰতি বৃদ্ধি পাইছে অসহিষ্ণুতা। যাৰ বাবে বাৰে বাৰে কানাডা–আমেৰিকাকে ধৰি দেশসমূহত নিৰ্যাতনৰ বলি হৈছে ভাৰতীয় লোক। শেহতীয়াকৈ কানাডাত ভাৰতবিৰোধী কাৰ্যকলাপ বৃদ্ধি পোৱাৰো অভিযোগ উত্থাপন হৈছে। বিশেষকৈ দেশখনত ক্ৰমাৎ বৃদ্ধি পাইছে খালিস্তানপন্থীৰ তৎপৰতা। বিভিন্ন সময়ত হিন্দু দেৱ–দেৱতাৰ মন্দিৰত আক্ৰমণ সংঘটিত কৰিছে খালিস্তানীয়ে। সমানেই হিন্দু ধৰ্মাৱলম্বী লোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে খালিস্তানীয়ে। দেশখনত অব্যাহত থকা এনে কাৰ্যকলাপৰ মাজতে পুনৰ পোহৰলৈ আহিল একেটা পৰিয়ালৰে ৩ সদস্যৰ মৃত্যুৰ ঘটনা। যাক লৈ শংকিত হৈ পৰিছে দেশখনত বসবাস কৰা ভাৰতীয় লোকসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক