--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কানাডাত পোহৰলৈ আহিল আন এক চাঞ্চল্যকৰ ঘটনা। কানাডাৰ অ’ণ্টাৰিঅ’ চহৰত এটা ভাৰতীয় পৰিয়ালৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। নিজ বাসগৃহত জীৱন্তে অগ্নিদগ্ধ হয় ৩ সদস্য। ৰহস্যজনকভাৱে বাসগৃহত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা। ৭ মাৰ্চৰ ঘটনা ৰহস্যজনকভাৱে পোহৰলৈ আহে ১৫ মাৰ্চতহে। কানাডা আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অগ্নিকাণ্ডৰ সময়ত বাসগৃহতে আছিল পৰিয়ালটোৰ ৩ সদস্য। 

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভয়ংকৰ অগ্নিকাণ্ডটোত জ্বলি ভস্মীভূত হয় সমগ্ৰ বাসগৃহটো। কোনো দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে ঘৰটোত অগ্নিকাণ্ড কৰাৰ সন্দেহ আৰক্ষীৰ। অৱশ্যে ঘটনাৰ আঁৰত কি কাৰণ নিহিত হৈ আছে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই আৰক্ষীৰ তদন্তত। বিগত ১৫ বছৰ ধৰি কানাডাত স্থায়ীভাৱে আছিল ভাৰতীয় মূলৰ পৰিয়ালটো। ইপিনে, এনেদৰে ৰহস্যজনক অগ্নিকাণ্ডত ৩ জনকৈ ভাৰতীয় লোকৰ মৃত্যুৰ ঘটনাই দেশখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ। কানাডাত বাস কৰি থকা ভাৰতীয় লোকসকলৰ মাজত বিয়পি পৰিছে শংকা। শেহতীয়াকৈ কানাডা–আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে ইউৰোপৰ একাংশ দেশত বৃদ্ধি পাইছে ভাৰতীয় লোকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। কিছুদিনৰ পৰা নিতৌ বিদেশৰ পৰা আহিছে ভাৰতীয় লোকৰ হত্যাৰ খবৰ। 

অলপতে আমেৰিকাৰ কেলিয়াফ’ৰ্ণিয়াত এটা বাসগৃহৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ৪ ভাৰতীয়ৰ মৃতদেহ। চলিত বছৰত এইপৰ্যন্ত আমেৰিকাত হত্যাৰ বলি হৈছে ইজনৰ পাছত সিজন ভাৰতীয় লোক। বিগত দিনসমূহত এইসমূহ ইউৰোপীয় দেশত ভাৰতীয় লোকৰ প্ৰতি বৃদ্ধি পাইছে অসহিষ্ণুতা। যাৰ বাবে বাৰে বাৰে কানাডা–আমেৰিকাকে ধৰি দেশসমূহত নিৰ্যাতনৰ বলি হৈছে ভাৰতীয় লোক। শেহতীয়াকৈ কানাডাত ভাৰতবিৰোধী কাৰ্যকলাপ বৃদ্ধি পোৱাৰো অভিযোগ উত্থাপন হৈছে। বিশেষকৈ দেশখনত ক্ৰমাৎ বৃদ্ধি পাইছে খালিস্তানপন্থীৰ তৎপৰতা। বিভিন্ন সময়ত হিন্দু দেৱ–দেৱতাৰ মন্দিৰত আক্ৰমণ সংঘটিত কৰিছে খালিস্তানীয়ে। সমানেই হিন্দু ধৰ্মাৱলম্বী লোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে খালিস্তানীয়ে। দেশখনত অব্যাহত থকা এনে কাৰ্যকলাপৰ মাজতে পুনৰ পোহৰলৈ আহিল একেটা পৰিয়ালৰে ৩ সদস্যৰ মৃত্যুৰ ঘটনা। যাক লৈ শংকিত হৈ পৰিছে দেশখনত বসবাস কৰা ভাৰতীয় লোকসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই