--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই অগপত সৃষ্টি হৈছে ধুমুহাৰ৷ অগপৰ শীৰ্ষ নেতৃত্বৰ অহমিকা আৰু বিজেপিৰ ওচৰত নতজানু স্বভাৱে ক্ষুণ্ণ কৰি তুলিছে দলটোৰ তৃণমূলৰ কৰ্মীক৷

খচৰা প্ৰকাশৰ পাছৰে পৰা অগপত দেখা গৈছিল বিদ্ৰোহৰ উকমুকনি৷ সেই বিদ্ৰোহৰ জুইত ইন্ধন ঢালি আজি দলৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰিলে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই৷ অগপৰ সাধাৰণ সম্পাদক, কেন্দ্ৰীয় সমিতিৰ সদস্য পদৰ পৰা পদত্যাগ কৰি অগপ সভাপতি অতুল বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে হাজৰিকাই৷ 

সমষ্টি পুনৰ নিৰ্ধাৰণত লুপ্ত হৈছিল আমগুৰি সমষ্টি৷ ১৯৮৫ত সমষ্টিটোত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল প্ৰদীপ হাজৰিকা৷ ২০২১লৈ পাঁচবাৰৰ বিধায়ক হাজৰিকাই সমষ্টি পুনৰ নিৰ্ধাৰণত আমগুৰি সমষ্টিটো বিলুপ্ত হোৱাৰ পাছত বিদ্ৰোহৰ সূচনা কৰিছিল৷ 

আমগুৰি সমষ্টি কৰ্তন হোৱাত এতিয়া অগপৰ ভিতৰচ’ৰাত বিসম্বাদৰ সৃষ্টি হৈছে৷ প্ৰদীপ হাজৰিকাৰ পাছতেই অগপ জিলা সমিতিৰ উপ-সভাপতি আৰু সম্পাদকেও পদত্যাগ কৰিছে৷ শিৱসাগৰ জিলা সমিতিৰ বহু নেতা-কৰ্মীয়েও কৰিছে পদত্যাগ৷ 

বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অগপৰ সভাপতি অতুল বৰাই৷ অতুল বৰাই কয়, হাজৰিকাই আৱেগিক হোৱাটো স্বাভাৱিক কথা৷ আমগুৰিৰ সৈতে তেখেতৰ আৱেগ আছে৷ প্ৰদীপ হাজৰিকাৰ সৈতে আমি কথা পাতিম৷

অতুল বৰাই বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰিলেও প্ৰদীপ হাজৰিকাৰ পদত্যাগে বুজাই দিলে- অগপত বিদ্ৰোহ-বিসম্বাদে ধাৰণ কৰিছে চূড়ান্ত ৰূপ৷ পদত্যাগ পত্ৰত হাজৰিকাই লিখিছে- ‘আমগুৰি সমষ্টি মোৰ ৰাজনৈতিক জীৱনৰ এক কঠীয়াতলী আৰু মোৰ ৰাজনৈতিক যাত্ৰাপথৰ প্ৰেৰণাৰ উৎস৷ এক হিচাপে বৃহত্তৰ আমগুৰি আৰু আমগুৰি সমষ্টিবাসীৰ আশা-আকাংক্ষা পূৰণৰ সীমিত লক্ষ্যৰেই এটা সময়ত মই মোৰ ৰাজনৈতিক জীৱন পৰিক্ৰমা আৰম্ভ কৰিছিলোঁ৷ এইফালৰ পৰা বিধায়ক হৈ আৰু শাসনাধিষ্ঠিত দলৰ অংশীদাৰ হৈও অগপ দল আমগুৰিৰ দৰে এটা ঐতিহাসিক সমষ্টিৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়া ৰোধ কৰাত বিফল হোৱা আৰু নীৰৱ দৰ্শক হৈ ৰোৱা বুলি সমষ্টিবাসী সাধাৰণ নাগৰিক আৰু দলৰ তৃণমূল কৰ্মী সৰ্বস্তৰৰ পৰা আজি ধিক্কাৰ আহিছে৷’

ইয়াৰ পৰাই স্পষ্ট যে অগপৰ শীৰ্ষ নেতৃত্বৰ শিৰনত কৰা স্বভাৱৰ বাবেই আজি অগপৰ দায়িত্ব এৰিবলৈ বাধ্য হ’ল প্ৰতিষ্ঠালগ্নৰ এগৰাকী শীৰ্ষ নেতাই৷ আৰু এতিয়া অভিযোগ উঠিছে দুগৰাকী মন্ত্ৰীৰ হাতোৰাত বন্দী হৈ পৰিছে অগপৰ চাবিকাঠী৷ এতিয়া মুখ্যমন্ত্ৰীৰ মতেহে পৰিচালিত হয় অগপ৷ যি কথাই হতাশ কৰিছে তৃণমূলৰ কৰ্মীৰ লগতে একাংশ নেতাক৷ আৰু তাৰেই প্ৰতিফলন দেখা গ’ল প্ৰদীপ হাজৰিকাৰ পদত্যাগত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ