--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই অগপত সৃষ্টি হৈছে ধুমুহাৰ৷ অগপৰ শীৰ্ষ নেতৃত্বৰ অহমিকা আৰু বিজেপিৰ ওচৰত নতজানু স্বভাৱে ক্ষুণ্ণ কৰি তুলিছে দলটোৰ তৃণমূলৰ কৰ্মীক৷

খচৰা প্ৰকাশৰ পাছৰে পৰা অগপত দেখা গৈছিল বিদ্ৰোহৰ উকমুকনি৷ সেই বিদ্ৰোহৰ জুইত ইন্ধন ঢালি আজি দলৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰিলে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই৷ অগপৰ সাধাৰণ সম্পাদক, কেন্দ্ৰীয় সমিতিৰ সদস্য পদৰ পৰা পদত্যাগ কৰি অগপ সভাপতি অতুল বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে হাজৰিকাই৷ 

সমষ্টি পুনৰ নিৰ্ধাৰণত লুপ্ত হৈছিল আমগুৰি সমষ্টি৷ ১৯৮৫ত সমষ্টিটোত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল প্ৰদীপ হাজৰিকা৷ ২০২১লৈ পাঁচবাৰৰ বিধায়ক হাজৰিকাই সমষ্টি পুনৰ নিৰ্ধাৰণত আমগুৰি সমষ্টিটো বিলুপ্ত হোৱাৰ পাছত বিদ্ৰোহৰ সূচনা কৰিছিল৷ 

আমগুৰি সমষ্টি কৰ্তন হোৱাত এতিয়া অগপৰ ভিতৰচ’ৰাত বিসম্বাদৰ সৃষ্টি হৈছে৷ প্ৰদীপ হাজৰিকাৰ পাছতেই অগপ জিলা সমিতিৰ উপ-সভাপতি আৰু সম্পাদকেও পদত্যাগ কৰিছে৷ শিৱসাগৰ জিলা সমিতিৰ বহু নেতা-কৰ্মীয়েও কৰিছে পদত্যাগ৷ 

বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অগপৰ সভাপতি অতুল বৰাই৷ অতুল বৰাই কয়, হাজৰিকাই আৱেগিক হোৱাটো স্বাভাৱিক কথা৷ আমগুৰিৰ সৈতে তেখেতৰ আৱেগ আছে৷ প্ৰদীপ হাজৰিকাৰ সৈতে আমি কথা পাতিম৷

অতুল বৰাই বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰিলেও প্ৰদীপ হাজৰিকাৰ পদত্যাগে বুজাই দিলে- অগপত বিদ্ৰোহ-বিসম্বাদে ধাৰণ কৰিছে চূড়ান্ত ৰূপ৷ পদত্যাগ পত্ৰত হাজৰিকাই লিখিছে- ‘আমগুৰি সমষ্টি মোৰ ৰাজনৈতিক জীৱনৰ এক কঠীয়াতলী আৰু মোৰ ৰাজনৈতিক যাত্ৰাপথৰ প্ৰেৰণাৰ উৎস৷ এক হিচাপে বৃহত্তৰ আমগুৰি আৰু আমগুৰি সমষ্টিবাসীৰ আশা-আকাংক্ষা পূৰণৰ সীমিত লক্ষ্যৰেই এটা সময়ত মই মোৰ ৰাজনৈতিক জীৱন পৰিক্ৰমা আৰম্ভ কৰিছিলোঁ৷ এইফালৰ পৰা বিধায়ক হৈ আৰু শাসনাধিষ্ঠিত দলৰ অংশীদাৰ হৈও অগপ দল আমগুৰিৰ দৰে এটা ঐতিহাসিক সমষ্টিৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়া ৰোধ কৰাত বিফল হোৱা আৰু নীৰৱ দৰ্শক হৈ ৰোৱা বুলি সমষ্টিবাসী সাধাৰণ নাগৰিক আৰু দলৰ তৃণমূল কৰ্মী সৰ্বস্তৰৰ পৰা আজি ধিক্কাৰ আহিছে৷’

ইয়াৰ পৰাই স্পষ্ট যে অগপৰ শীৰ্ষ নেতৃত্বৰ শিৰনত কৰা স্বভাৱৰ বাবেই আজি অগপৰ দায়িত্ব এৰিবলৈ বাধ্য হ’ল প্ৰতিষ্ঠালগ্নৰ এগৰাকী শীৰ্ষ নেতাই৷ আৰু এতিয়া অভিযোগ উঠিছে দুগৰাকী মন্ত্ৰীৰ হাতোৰাত বন্দী হৈ পৰিছে অগপৰ চাবিকাঠী৷ এতিয়া মুখ্যমন্ত্ৰীৰ মতেহে পৰিচালিত হয় অগপ৷ যি কথাই হতাশ কৰিছে তৃণমূলৰ কৰ্মীৰ লগতে একাংশ নেতাক৷ আৰু তাৰেই প্ৰতিফলন দেখা গ’ল প্ৰদীপ হাজৰিকাৰ পদত্যাগত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন