--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ চুবুৰীয়া দেশৰ পৰা আশ্ৰয় বিচাৰি অহা লোকে নতুন সংকট সৃষ্টি কৰিব নেকি দেশত? চুবুৰীয়া ভালেমান দেশত সৃষ্টি হোৱা অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ভাৰতলৈ সোঁত বৈছে শৰনাৰ্থীৰ। ভাৰত চুবুৰীয়া দেশবোৰৰ পৰা অহা শৰনাৰ্থীৰ বাবে নিৰাপদ আশ্ৰয়ত পৰিণত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ম্যানমাৰ, আফগানিস্তানৰ দৰে যুদ্ধজৰ্জৰ তথা অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ দেশৰপৰা ভাৰতলৈ সোঁত ব’বলৈ ধৰিছে আশ্ৰয় প্ৰত্যাশীৰ। শেহতীয়া এটা সমীক্ষাত প্ৰকাশ পাইছে যে, ভাৰতত এতিয়া অতি কমেও ৪ লাখ শৰনাৰ্থী আছে। এইসকল লোকৰ ভালেসংখ্যকক চিনাক্ত কৰাটো সম্ভৱ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ থকা ৪ লাখ শৰানাৰ্থীৰ ভিতৰত ২,৩৮,২২২জনক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ পঞ্জীয়নো কৰা হৈছে। বাকীসকল এই আঁওতাৰ বাহিৰতে ৰৈ গৈছে। শেহতীয়া এটা সমীক্ষাত প্ৰকাশ পাইছে যে, ২০২১চনত প্ৰায় ২০হাজাৰ লোকে ভাৰতত আশ্ৰয় বিচাৰিছিল। এই সকলৰ ভিতৰত ১৮ হাজাৰ আহিছিল ম্যানমাৰৰ পৰা। ম্যানমাৰ চিন সম্প্ৰদায়ৰ সৰহসংখ্যক লোক এইসকলৰ ভিতৰত আছে। কেৱল এয়াই নহয় এক বুজন পৰিমাণৰ আফগান শৰনাৰ্থীয়েও ২০২১ চনত ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছে।


উল্লেখ্য যে, ৪,৫৫৭জন আফগান লোকে ভাৰতত ‘লং টাৰ্ম ভিছা’ গ্ৰহণ কৰি বসবাস কৰি আছে। এই তথ্যসমূহ প্ৰকাশ কৰিছে ৰাইটছ এণ্ড ৰিস্ক এনালাইছিছ গ্ৰুপ (RRAG) নামৰ বেচৰকাৰী সংস্থাটোৱে। নতুন দিল্লীৰ এই সংস্থাটোৰ অধ্যয়নত দেশৰ শৰানাৰ্থী সম্পৰ্কীয় ভালেমান তথ্য প্ৰকাশ পাইছে। তেওঁলোকে প্ৰকাশ কৰা তথ্য মতে, ভাৰতত শ্ৰীলংকাৰ পৰা অহা, ম্যানমাৰ, আফগানিস্তানৰ পৰা অহা শৰনাৰ্থীৰ লগতে ইউনাইটেড নেচনছ হাই কমিচনাৰ ফৰ ৰিফিউজীজ-এ স্বীকৃতি দিয়া চাৰি লক্ষাধিক শৰানাৰ্থী আছে। ইয়াৰ ভিতৰত ২,৩৮,২২২জন শৰানাৰ্থীহে পঞ্জীয়নভুক্ত হৈ আছে।

ইফালে, চুবুৰীয়া দেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱাৰ অজুহাতেৰে ৩১,৩১৩জন শৰনাৰ্থীয়ে লং টাৰ্ম ভিছা আঁচনিৰ জৰিয়তে দেশত আশ্ৰয় গ্ৰহণ কৰি আছে। আনহাতে দেশত ১লাখ ২৩হাজাৰ অচিনাক্ত চিন আৰু ৰহিঙীয়া শৰনাৰ্থী আছে বুলিও প্ৰতিবেদনখনত কোৱা হৈছে। ২০২১চনত কমেও ৪১৪জম শৰনাৰ্থী মূলতঃ ম্যানমাৰৰ পৰা অহা শৰনাৰ্থী ৩৫৪জন শৰনাৰ্থীক দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভাৰতত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পাছত চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ শৰনাৰ্থীৰ সোঁত অধিক তীব্ৰ হোৱাৰ আশংকা আছে। RRAGৰ অধ্যয়নত এই ইংগিত পোৱা গৈছে। এই প্ৰক্ৰিয়া অব্যাহত থাকিলে শৰনাৰ্থীৰ বোজা দেশৰ কাৰণে আন এটা সংকটৰ কাৰণ হৈ উঠিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ