--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ চুবুৰীয়া দেশৰ পৰা আশ্ৰয় বিচাৰি অহা লোকে নতুন সংকট সৃষ্টি কৰিব নেকি দেশত? চুবুৰীয়া ভালেমান দেশত সৃষ্টি হোৱা অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ভাৰতলৈ সোঁত বৈছে শৰনাৰ্থীৰ। ভাৰত চুবুৰীয়া দেশবোৰৰ পৰা অহা শৰনাৰ্থীৰ বাবে নিৰাপদ আশ্ৰয়ত পৰিণত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ম্যানমাৰ, আফগানিস্তানৰ দৰে যুদ্ধজৰ্জৰ তথা অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ দেশৰপৰা ভাৰতলৈ সোঁত ব’বলৈ ধৰিছে আশ্ৰয় প্ৰত্যাশীৰ। শেহতীয়া এটা সমীক্ষাত প্ৰকাশ পাইছে যে, ভাৰতত এতিয়া অতি কমেও ৪ লাখ শৰনাৰ্থী আছে। এইসকল লোকৰ ভালেসংখ্যকক চিনাক্ত কৰাটো সম্ভৱ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ থকা ৪ লাখ শৰানাৰ্থীৰ ভিতৰত ২,৩৮,২২২জনক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ পঞ্জীয়নো কৰা হৈছে। বাকীসকল এই আঁওতাৰ বাহিৰতে ৰৈ গৈছে। শেহতীয়া এটা সমীক্ষাত প্ৰকাশ পাইছে যে, ২০২১চনত প্ৰায় ২০হাজাৰ লোকে ভাৰতত আশ্ৰয় বিচাৰিছিল। এই সকলৰ ভিতৰত ১৮ হাজাৰ আহিছিল ম্যানমাৰৰ পৰা। ম্যানমাৰ চিন সম্প্ৰদায়ৰ সৰহসংখ্যক লোক এইসকলৰ ভিতৰত আছে। কেৱল এয়াই নহয় এক বুজন পৰিমাণৰ আফগান শৰনাৰ্থীয়েও ২০২১ চনত ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছে।


উল্লেখ্য যে, ৪,৫৫৭জন আফগান লোকে ভাৰতত ‘লং টাৰ্ম ভিছা’ গ্ৰহণ কৰি বসবাস কৰি আছে। এই তথ্যসমূহ প্ৰকাশ কৰিছে ৰাইটছ এণ্ড ৰিস্ক এনালাইছিছ গ্ৰুপ (RRAG) নামৰ বেচৰকাৰী সংস্থাটোৱে। নতুন দিল্লীৰ এই সংস্থাটোৰ অধ্যয়নত দেশৰ শৰানাৰ্থী সম্পৰ্কীয় ভালেমান তথ্য প্ৰকাশ পাইছে। তেওঁলোকে প্ৰকাশ কৰা তথ্য মতে, ভাৰতত শ্ৰীলংকাৰ পৰা অহা, ম্যানমাৰ, আফগানিস্তানৰ পৰা অহা শৰনাৰ্থীৰ লগতে ইউনাইটেড নেচনছ হাই কমিচনাৰ ফৰ ৰিফিউজীজ-এ স্বীকৃতি দিয়া চাৰি লক্ষাধিক শৰানাৰ্থী আছে। ইয়াৰ ভিতৰত ২,৩৮,২২২জন শৰানাৰ্থীহে পঞ্জীয়নভুক্ত হৈ আছে।

ইফালে, চুবুৰীয়া দেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱাৰ অজুহাতেৰে ৩১,৩১৩জন শৰনাৰ্থীয়ে লং টাৰ্ম ভিছা আঁচনিৰ জৰিয়তে দেশত আশ্ৰয় গ্ৰহণ কৰি আছে। আনহাতে দেশত ১লাখ ২৩হাজাৰ অচিনাক্ত চিন আৰু ৰহিঙীয়া শৰনাৰ্থী আছে বুলিও প্ৰতিবেদনখনত কোৱা হৈছে। ২০২১চনত কমেও ৪১৪জম শৰনাৰ্থী মূলতঃ ম্যানমাৰৰ পৰা অহা শৰনাৰ্থী ৩৫৪জন শৰনাৰ্থীক দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভাৰতত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পাছত চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ শৰনাৰ্থীৰ সোঁত অধিক তীব্ৰ হোৱাৰ আশংকা আছে। RRAGৰ অধ্যয়নত এই ইংগিত পোৱা গৈছে। এই প্ৰক্ৰিয়া অব্যাহত থাকিলে শৰনাৰ্থীৰ বোজা দেশৰ কাৰণে আন এটা সংকটৰ কাৰণ হৈ উঠিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা