--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিডৰ সংক্ৰমণ দেশত সামান্য নিয়ন্ত্ৰিত হ’লে ইয়াৰ নতুন প্ৰকাৰ অ'মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে৷ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে দেশৰ সকলো নাগৰিককে ক'ভিড প্ৰতিষেধক লোৱাৰ বাবে চৰকাৰে সজাগ কৰা চেষ্টা চলাই আছে যদিও কিছুমান ৰাজ্যৰ পৰিস্থিতিক লৈ আশ্বস্ত হ’ব পৰা নাই কেন্দ্ৰ৷ অ'মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱা তথা ক'ভিড টিকাকৰণৰ গতি লেহেমীয়া হোৱা ১০খন ৰাজ্যলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বহুমুখী বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ১০ খন ৰাজ্যত বিশেষজ্ঞৰ দল মোতায়েন কৰাৰ কথা ঘোষণা কৰে। এই ৰাজ্যকেইখন ক্ৰমে কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, মিজোৰাম, কৰ্ণাটক, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাব। লক্ষণীয় যে অ'মিক্রনত আক্রান্তৰ ৯১ শতাংশই হৈছে সম্পূর্ণ টিকাকৰণ কৰা লোক। ইয়াৰে ৬১ শতাংশ পুৰুষ আৰু ৩৯ শতাংশ মহিলা৷ অ’মিক্ৰন আক্ৰান্ত চিনাক্ত হোৱা ১৭খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী আৰু কর্ণাটকত সর্বাধিক আক্ৰান্ত চিনাক্ত হৈছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত ভাৰতত অ'মিক্ৰন ৰোগীৰ সংখ্যা ৪১৫লৈ বৃদ্ধি পায়। বৰ্তমানলৈকে মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক ১০৮ টা, দিল্লীত ৭৯ টা, গুজৰাটত ৪৩ টা, তেলেংগানাত ৩৮ টা, কেৰালাত ৩৭ টা আৰু তামিলনাডুত ৩৪ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। অ'মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত পুনৰ নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে। শনিবাৰৰে পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ'ব সান্ধ্য আইন। অ'মিক্রনৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি দিল্লীত বৰদিন আৰু নৱবর্ষ উদযাপন পার্টী নিষিদ্ধ কৰা হৈছে৷ মহাৰাষ্ট্রতো বৰদিন আৰু নৱবর্ষ ৫০ শতাংশৰ উপস্থিতিৰে আয়োজন কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, ২২ ডিচেম্বৰলৈকে বিশ্বৰ ১১০খন দেশলৈ অ'মিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ