--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিডৰ সংক্ৰমণ দেশত সামান্য নিয়ন্ত্ৰিত হ’লে ইয়াৰ নতুন প্ৰকাৰ অ'মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে৷ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে দেশৰ সকলো নাগৰিককে ক'ভিড প্ৰতিষেধক লোৱাৰ বাবে চৰকাৰে সজাগ কৰা চেষ্টা চলাই আছে যদিও কিছুমান ৰাজ্যৰ পৰিস্থিতিক লৈ আশ্বস্ত হ’ব পৰা নাই কেন্দ্ৰ৷ অ'মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱা তথা ক'ভিড টিকাকৰণৰ গতি লেহেমীয়া হোৱা ১০খন ৰাজ্যলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বহুমুখী বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ১০ খন ৰাজ্যত বিশেষজ্ঞৰ দল মোতায়েন কৰাৰ কথা ঘোষণা কৰে। এই ৰাজ্যকেইখন ক্ৰমে কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, মিজোৰাম, কৰ্ণাটক, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাব। লক্ষণীয় যে অ'মিক্রনত আক্রান্তৰ ৯১ শতাংশই হৈছে সম্পূর্ণ টিকাকৰণ কৰা লোক। ইয়াৰে ৬১ শতাংশ পুৰুষ আৰু ৩৯ শতাংশ মহিলা৷ অ’মিক্ৰন আক্ৰান্ত চিনাক্ত হোৱা ১৭খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী আৰু কর্ণাটকত সর্বাধিক আক্ৰান্ত চিনাক্ত হৈছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত ভাৰতত অ'মিক্ৰন ৰোগীৰ সংখ্যা ৪১৫লৈ বৃদ্ধি পায়। বৰ্তমানলৈকে মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক ১০৮ টা, দিল্লীত ৭৯ টা, গুজৰাটত ৪৩ টা, তেলেংগানাত ৩৮ টা, কেৰালাত ৩৭ টা আৰু তামিলনাডুত ৩৪ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। অ'মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত পুনৰ নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে। শনিবাৰৰে পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ'ব সান্ধ্য আইন। অ'মিক্রনৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি দিল্লীত বৰদিন আৰু নৱবর্ষ উদযাপন পার্টী নিষিদ্ধ কৰা হৈছে৷ মহাৰাষ্ট্রতো বৰদিন আৰু নৱবর্ষ ৫০ শতাংশৰ উপস্থিতিৰে আয়োজন কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, ২২ ডিচেম্বৰলৈকে বিশ্বৰ ১১০খন দেশলৈ অ'মিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
'অপাৰেশ্যন সিন্দূৰ' শেষ হোৱা নাই, সন্ত্রাসবাদীক সমর্থন দি থাকিলে পৰিণাম বিষম হ'ব: ৰাজনাথ সিং
এইবাৰ নিষিদ্ধ গো-মাংস উদ্ধাৰ কামৰূপৰ মদন কামদেৱ দেৱালয়ৰ সমীপত
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত