--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পুনৰ ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত৷ ৰাজস্থানৰ ভাৰত-পাকিস্তান সীমান্তৰ জেইছালমেৰত শুকুৰবাৰে সন্ধিয়া মাজ আকাশতে বায়ুসেনাৰ মিগ-২১ বাইছন ভাঙি পৰাৰ ফলত বিমানখনৰ পাইলটগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে চলিত বৰ্ষত পঞ্চমবাৰৰ বাবে মিগ বিমান দু্ৰ্ঘটনাগ্ৰস্ত হৈছে।

নিশা ৮বাজি ৩০ মিনিটত প্ৰশিক্ষণ চলি থকাৰ সময়তে ৱেষ্টাৰ্ণ ছেক্টৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাত উইং কমাণ্ডাৰ হৰ্ষিত সিনহাৰ মৃত্যু ঘটিছে। এই ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে বুলি বায়ুসেনাই এক বিবৃতিযোগে প্ৰকাশ কৰিছে৷ এই দুৰ্ঘটনাক লৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ লগতে ৰাজ্যখনৰ ৰাজ্যপালেও শোক ব্যক্ত কৰে৷

উল্লেখ্য যে, মিগ-২১ ছিৰিজৰ শেহতীয়া প্ৰযুক্তিৰ বিমান হৈছে বাইছন। ভাৰতীয় বায়ুসেনাই মিগ-২১ বাইছন যুদ্ধবিমানৰ চাৰিটা স্কোৱাড্ৰেন পৰিচালনা কৰে। প্ৰশিক্ষণকালতে এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়া মিগ বিমানৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি আশংকাই দেখা দিছে। এতিয়ালৈকে প্ৰায় চাৰিশ মিগ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। তদুপৰি, বিগত ছয় দশকত কমেও দুশ গৰাকী পাইলটৰ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা