--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পুনৰ ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত৷ ৰাজস্থানৰ ভাৰত-পাকিস্তান সীমান্তৰ জেইছালমেৰত শুকুৰবাৰে সন্ধিয়া মাজ আকাশতে বায়ুসেনাৰ মিগ-২১ বাইছন ভাঙি পৰাৰ ফলত বিমানখনৰ পাইলটগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে চলিত বৰ্ষত পঞ্চমবাৰৰ বাবে মিগ বিমান দু্ৰ্ঘটনাগ্ৰস্ত হৈছে।

নিশা ৮বাজি ৩০ মিনিটত প্ৰশিক্ষণ চলি থকাৰ সময়তে ৱেষ্টাৰ্ণ ছেক্টৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাত উইং কমাণ্ডাৰ হৰ্ষিত সিনহাৰ মৃত্যু ঘটিছে। এই ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে বুলি বায়ুসেনাই এক বিবৃতিযোগে প্ৰকাশ কৰিছে৷ এই দুৰ্ঘটনাক লৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ লগতে ৰাজ্যখনৰ ৰাজ্যপালেও শোক ব্যক্ত কৰে৷

উল্লেখ্য যে, মিগ-২১ ছিৰিজৰ শেহতীয়া প্ৰযুক্তিৰ বিমান হৈছে বাইছন। ভাৰতীয় বায়ুসেনাই মিগ-২১ বাইছন যুদ্ধবিমানৰ চাৰিটা স্কোৱাড্ৰেন পৰিচালনা কৰে। প্ৰশিক্ষণকালতে এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়া মিগ বিমানৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি আশংকাই দেখা দিছে। এতিয়ালৈকে প্ৰায় চাৰিশ মিগ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। তদুপৰি, বিগত ছয় দশকত কমেও দুশ গৰাকী পাইলটৰ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন