--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : দেশৰ ৰাজনীতিত এতিয়া এতিয়া স্নায়ুযুঁজৰ নতুন পৰম্পৰা আৰম্ভ হৈছে। বিৰোধী দলৰ নেতাৰ স্নায়ুচাপ বৃদ্ধিৰ বাবে শাসকে গ্ৰহণ কৰি আহিছে বিভিন্ন কৌশল। কেন্দ্ৰত শাসনাধীন হৈ থকা বিজেপি বিভিন্ন সময়ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাবোৰক ব্যৱহাৰ কৰি বিভিন্ন বিৰোধী দলৰ নেতাক কাবু কৰাৰ কৌশল গ্ৰহণ কৰাৰ অভিযোগ উঠি আহিছে। নিৰ্বাচনী যুঁজ জিনাৰ কৌশল হিচাপে এনে স্নায়ুচাপ সৃষ্টিৰ প্ৰয়াস বিজেপিয়ে কৰাৰ অভিযোগ উঠে। কেন্দ্ৰৰ সৈতে মুকলি সংঘাতত লিপ্ত হোৱা পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ ওপৰত চাপ সৃষ্টিৰ বাবেও বিজেপিয়ে বিভিন্ন তদন্তকাৰী সংস্থাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

এইবাৰ অনুৰূপ কৌশল ব্যৱহাৰ কৰিছে পশ্চিমবংগ চৰকাৰে। এইবাৰ ৰাজ্যখনৰ বিজেপি নেতা তথা মমতা বেনাৰ্জীৰ পূৰ্বৰ সহযোগী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে জাৰি কৰা হৈছে চমন। ২০১৮ চনৰ এটা গোচৰত বংগ আৰক্ষীয়ে চমন জাৰি কৰিছে অধিকাৰীলৈ। এজন নিৰাপত্তাৰক্ষীৰ মৃত্যুৰ গোচৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত তেওঁলৈ জাৰি কৰা হৈছে চমন। গুলীবিদ্ধ হৈ লোকজনৰ মৃত্যু হৈছিল। সোমবাৰে অধিকাৰীৰ ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

আৰক্ষীৰ এই বিশেষ শাখাই লোকজনৰ মৃত্যু আত্মহত্যা আছিল নে আন কোনো লোক এই মৃত্যুৰে জড়িত আছিল তাৰ তদন্ত কৰিব। মন কৰিবলগীয়া যে, তৃণমূলৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক ইডিয়ে চমন জাৰি কৰাৰ পাছতে পশ্চিমবংগ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নক’লেও চলে যে, শোধ-প্ৰতিশোধৰ এই ৰাজনীতি দল দুটা তথা চৰকাৰ দুখনৰ মাজৰ স্নায়ুযুঁজৰে নামান্তৰ। উল্লেখ্য যে, কয়লা স্মাগলিঙৰ সৈতে সম্পৰ্কীত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত অভিষেক বেনাৰ্জীক ৬ ছেপ্টেম্বৰত ইডিৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। তেওঁৰ পত্নীলৈও চমন জাৰি কৰিছিল ইডি-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ