--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : দেশৰ ৰাজনীতিত এতিয়া এতিয়া স্নায়ুযুঁজৰ নতুন পৰম্পৰা আৰম্ভ হৈছে। বিৰোধী দলৰ নেতাৰ স্নায়ুচাপ বৃদ্ধিৰ বাবে শাসকে গ্ৰহণ কৰি আহিছে বিভিন্ন কৌশল। কেন্দ্ৰত শাসনাধীন হৈ থকা বিজেপি বিভিন্ন সময়ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাবোৰক ব্যৱহাৰ কৰি বিভিন্ন বিৰোধী দলৰ নেতাক কাবু কৰাৰ কৌশল গ্ৰহণ কৰাৰ অভিযোগ উঠি আহিছে। নিৰ্বাচনী যুঁজ জিনাৰ কৌশল হিচাপে এনে স্নায়ুচাপ সৃষ্টিৰ প্ৰয়াস বিজেপিয়ে কৰাৰ অভিযোগ উঠে। কেন্দ্ৰৰ সৈতে মুকলি সংঘাতত লিপ্ত হোৱা পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ ওপৰত চাপ সৃষ্টিৰ বাবেও বিজেপিয়ে বিভিন্ন তদন্তকাৰী সংস্থাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

এইবাৰ অনুৰূপ কৌশল ব্যৱহাৰ কৰিছে পশ্চিমবংগ চৰকাৰে। এইবাৰ ৰাজ্যখনৰ বিজেপি নেতা তথা মমতা বেনাৰ্জীৰ পূৰ্বৰ সহযোগী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে জাৰি কৰা হৈছে চমন। ২০১৮ চনৰ এটা গোচৰত বংগ আৰক্ষীয়ে চমন জাৰি কৰিছে অধিকাৰীলৈ। এজন নিৰাপত্তাৰক্ষীৰ মৃত্যুৰ গোচৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত তেওঁলৈ জাৰি কৰা হৈছে চমন। গুলীবিদ্ধ হৈ লোকজনৰ মৃত্যু হৈছিল। সোমবাৰে অধিকাৰীৰ ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

আৰক্ষীৰ এই বিশেষ শাখাই লোকজনৰ মৃত্যু আত্মহত্যা আছিল নে আন কোনো লোক এই মৃত্যুৰে জড়িত আছিল তাৰ তদন্ত কৰিব। মন কৰিবলগীয়া যে, তৃণমূলৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক ইডিয়ে চমন জাৰি কৰাৰ পাছতে পশ্চিমবংগ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নক’লেও চলে যে, শোধ-প্ৰতিশোধৰ এই ৰাজনীতি দল দুটা তথা চৰকাৰ দুখনৰ মাজৰ স্নায়ুযুঁজৰে নামান্তৰ। উল্লেখ্য যে, কয়লা স্মাগলিঙৰ সৈতে সম্পৰ্কীত ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত অভিষেক বেনাৰ্জীক ৬ ছেপ্টেম্বৰত ইডিৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। তেওঁৰ পত্নীলৈও চমন জাৰি কৰিছিল ইডি-এ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু