ডিজিটেল ডেস্ক: বাৰাণসীৰ গলিয়ে-গলিয়ে বৰ্তমান এক বিশেষ সন্ধান চলিছে। হাতত প’ষ্টাৰ লৈ পৰিয়ালৰ লোকসকল ঘূৰি ফুৰিছে, সোধ-পোছ কৰিছে আৰু ঘোষণা কৰিছে নগদ পুৰস্কাৰ। অৱশ্যে এয়া কোনো হেৰোৱা মানুহৰ সন্ধান নহয়—সন্ধান চলিছে বিগত ১০ বছৰ ধৰি ঘৰখনৰ সদস্য হৈ থকা এটা মৰমৰ ভাটৌ চৰাইৰ।
ঘটনাটো বাৰাণসীৰ দাৰানগৰ অঞ্চলত সংঘটিত হৈছে। অৰবিন্দ মৌৰ্যৰ পৰিয়ালে প্ৰায় ১০ বছৰ পূৰ্বে এটা ভাটৌ পুহিছিল আৰু নাম দিছিল ‘এলেক্স’। সুদীৰ্ঘ এটা দশক ধৰি এলেক্স কেৱল এটা পোহনীয়া চৰাই হৈ থকা নাছিল, ই পৰিয়ালটোৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ আৰু ঘৰখনৰ হাঁহি-আনন্দৰ কাৰণ হৈ পৰিছিল।
কিন্তু যোৱা ১৬ নৱেম্বৰত ঘৰখনত টাইলছ লগোৱাৰ কাম চলি থকাৰ সময়তে এক অঘটন ঘটে। মেচিন চলোৱাৰ প্ৰচণ্ড শব্দত ভয় খাই এলেক্সে হঠাৎ উৰা মাৰে। লগে লগে পৰিয়ালৰ লোকে ওচৰ-পাজৰে বিচাৰ-খোচাৰ আৰম্ভ কৰে, চুবুৰীয়াৰ ঘৰত সোধে। কিন্তু ক’তো কোনো সন্ধান নাপাই অৱশেষত সমগ্ৰ অঞ্চলতে প’ষ্টাৰ লগোৱাৰ সিদ্ধান্ত লয়।
বৰ্তমান অৰবিন্দ মৌৰ্য, তেওঁৰ পুত্ৰ আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে বাৰাণসীৰ বিভিন্ন অঞ্চলত ঘূৰি ঘূৰি প’ষ্টাৰ লগাই আছে। সেই প’ষ্টাৰসমূহত এলেক্সৰ ফটোৰ লগতে তাক বিচাৰি উলিয়াই দিয়া ব্যক্তিক ১১ হাজাৰ টকাৰ নগদ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰা হৈছে।
এই কাহিনীৰ আন এক আৱেগিক দিশ হ’ল মৌৰ্য পৰিয়ালৰ পোহনীয়া কুকুৰটো। দিনটোৰ বেছিভাগ সময় কুকুৰটো এলেক্সৰ লগতেই থাকিছিল। এলেক্স নোহোৱা হোৱাৰ পিছত কুকুৰটোও বৰ বিষণ্ণ হৈ পৰিছে।
এলেক্সৰ গৰাকীয়ে, এলেক্স থাকোঁতে ঘৰখন সদায় উলাহ-মালহেৰে ভৰি থাকিছিল। এতিয়া তাৰ অনুপস্থিতিত গোটেই ঘৰখনত যেন নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে। পৰিয়ালৰ কাৰো কামত মন বহা নাই; আনকি দুখ আৰু চিন্তাত পৰিয়ালটোত নিয়মীয়া আহাৰ ৰন্ধা-বঢ়াও প্ৰায় বন্ধ হৈ পৰাৰ দৰে অৱস্থা হৈছে।
অৰবিন্দ মৌৰ্যই জনায় যে ইয়াৰ পূৰ্বে ২০১৯ চনতো এলেক্স এবাৰ ঘৰৰ পৰা উৰি গৈছিল। তেতিয়া বহুত বিচাৰ-খোচাৰৰ অন্তত বাৰাণসীৰ খজুৰী অঞ্চলত তাক উদ্ধাৰ কৰা হৈছিল আৰু বিচাৰি উলিওৱা জনক ৫,১০০ টকাৰ পুৰস্কাৰ দিয়া হৈছিল।
এইবাৰ ১১ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। অৰবিন্দ মৌৰ্যই কয় যে, যদি ১১ হাজাৰ টকাৰ পুৰস্কাৰতো এলেক্স উভতি নাহে, তেন্তে পুৰস্কাৰৰ ধন ২১ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব আৰু লগতে বিশেষ উপহাৰো দিয়া হ’ব।
প’ষ্টাৰ, পুৰস্কাৰ আৰু অগাধ আশাক সাৰথি কৰি মৌৰ্য পৰিয়ালটোৱে চলাই গৈছে সন্ধান—কাৰোবাৰ ঘৰৰ চালত বা কোনো গছৰ ডালত হয়তো আকৌ এদিন শুনা যাব এলেক্সৰ মাত, আৰু পুনৰ জীপাল হৈ উঠিব মৌৰ্য পৰিয়ালৰ ঘৰখন।