--°C
Loading...
Listen to Article
2 min read
80%

লছ এঞ্জেলছ : প্ৰদান কৰা হ’ল বিশ্বৰ সংগীত জগতৰ সৰ্বোচ্চ সন্মান 'গ্ৰেমী এৱাৰ্ডছ’। আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত এক অনুষ্ঠানত চিৰ আকাংক্ষিত এই স্বীকৃতি প্ৰদান কৰা হ’ল সংগীত বিশ্বৰ কেইগৰাকীমান মহাতাৰকাক৷ ‘৬৩সংখ্যক গ্ৰেমী বঁটা’ প্ৰদান অনুষ্ঠানত ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হ’ল বিশ্ব বিখ্যাত সংগীতশিল্পী বিয়’ঞ্চেই।

আৰু পঢ়িব পাৰিব : কোকৰাঝাৰত জব্দ বৃহৎ পৰিমাণৰ গাঁজাঃ আটক ৩ সৰবৰাহকাৰী

সৰ্বাধিকসংখ্যক গ্ৰেমী লাভ কৰা মহিলা শিল্পীত পৰিণত হ’ল তাৰকাগৰাকী। বিয়’ঞ্চেই লাভ কৰিলে ২৮সংখ্যক গ্ৰেমী বঁটা। Alison Kraussৰ ৰেকৰ্ড ভংগ কৰি এই কৃতিত্বৰ অধিকাৰী হয় বিয়ঞ্চে। শিল্পীগৰাকীয়ে ‘ব্লেক পেৰেড’ৰ বাবে শ্ৰেষ্ঠ আৰ এণ্ড বি পাৰ্ফমেঞ্চৰ সুবাদতে লাভ কৰে এই স্বীকৃতি। তাৰ বাহিৰে আটাইতকৈ গুৰুত্বপূৰ্ণ আন তিনিটা স্বীকৃতি আগবঢ়োৱা হ’ল বিলী এলিছ, টাইলৰ ছুইফ্ট আৰু এইচ ই আৰ। এলিছে এভ্ৰিথিং আই ৱাণ্টেডৰ বাবে ছুইফ্টে লোকসংগীতৰ শ্ৰেষ্ঠ এলবামৰ বাবে আৰু এইচ ই আৰে বছৰটোৰ শ্ৰেষ্ঠ গীত ‘আই কাণ্ট ব্ৰিড’ৰ বাবে স্বীকৃতি লাভ কৰে।

এইবাৰৰ বঁটা প্ৰদান অনুষ্ঠানত মেগান থ্ৰী ষ্টালিয়নে তিনিটাকৈ গ্ৰেমী লাভ কৰি আটাইতকৈ বৃহৎ সফলতাৰ অধিকাৰী হয়। শ্ৰেষ্ঠ নৱাগত শিল্পী, শ্ৰেষ্ঠ ৰেপ সংগীত আৰু Savageৰ বাবে শ্ৰেষ্ঠ ৰেপ প্ৰদৰ্শনৰ স্বীকৃতি লাভ কৰে মেগান থ্ৰী ষ্টালিয়নে। ৭৩বছৰ বয়সত যোৱা বছৰ মৃত্যু হোৱা শিল্পী জন প্ৰাইনে শ্ৰেষ্ঠ ৰুটছ পাৰ্ফমেন্স আৰু বেষ্ট ৰুটছ ছংৰ বাবে স্বীকৃতি লাভ কৰে।

আৰু পঢ়িব পাৰিব : সাৱধান ! তিনিমাহৰ পাছত সৰ্বাধিক লোক ক’ভিড-১৯ আক্ৰান্ত…

একেদৰে চিত কোৰেয়াইও শ্ৰেষ্ঠ ‘ইমপ্ৰুভাইজড জেজ ছ’ল”ৰ বাবে মৰণোত্তৰভাৱে স্বীকৃতি লাভ কৰে। সংগীতৰ অস্কাৰখ্যাত ৬৩ সংখ্যক গ্ৰেমী বঁটাৰ ৰঙীন নিশাত প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াৰ বিখ্যাত ব্ৰেণ্ড বিটিএছে সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে, বিয়’ঞ্চেৰ ৯ বছৰীয়া কন্যা ব্লু আইভী কাৰ্টাৰেও মাতৃৰ পদাংক অনুসৰণ কৰি জীৱনৰ প্ৰথম গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ মিউজিক ভিডিঅ’ ‘ব্ৰাউন স্কীন গাৰ্ল’ৰ বাবে স্বীকৃতি লাভ কৰে বিয়ঞ্চেৰ কন্যাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ