--°C
Loading...
Listen to Article
2 min read
80%

বেইজিং : এইবাৰ বুদ্ধৰ ৰূপত ড’নাল্ড ট্ৰাম্প। বু্দ্ধৰ ভংগিমাৰে বহি থকা ড’নাল্ড ট্ৰাম্পৰ মূৰ্তিয়ে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। চীনত এই মূৰ্তিৰ ব্যাপক সমাদৰো দেখিবলৈ পোৱা গৈছে। চীনৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰা এই মূৰ্তিক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত গোলকীয় সংবাদ মাধ্যমৰ শিৰোনামৰ পৰা আঁতৰ হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে এই মূৰ্তিৰ জৰিয়তে।

আৰু পঢ়িব পাৰিব : এমাহতে ৫ লাখক চাকৰি দিব কংগ্ৰেছে : প্ৰচাৰ অভিযান আৰম্ভ

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিত্বৰ সৈতে কোনো সম্পৰ্ক নাই বুলি ক’ব পৰা এটা ভংগিমাত এই মূৰ্তিটোত দেখা গৈছে ট্ৰাম্পক। মূৰ্তিটোত বুদ্ধৰ চিৰপৰিচিত ভংগিমাত মূৰ তল কৰি, প্ৰশান্তিত চকু মুদি, হাত দুখন উৰুৰ ওপৰত থৈ বহি থকা দেখা গৈছে ট্ৰাম্পক। বগা ৰঙৰ এই মূৰ্তিটোৱে যথেষ্ট আমোদ দিছে চীনৰ ক্ৰেতাসকলক।

আৰু পঢ়িব পাৰিব : এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত কেমিকেলযুক্ত শুকান মাছ! জনস্বাস্থ্যৰ প্ৰতি ভাবুকি

চীনৰ ই-কমাৰ্চ ছাইট ‘টাওবাও’ত এই মূৰ্তিটো বিক্ৰীৰ বাবে ৰখা হৈছে আৰু ইয়াৰে ডাঙৰ আকৃতিৰ মূৰ্তিটোৰ দাম ৩,৯৯৯ য়ুৱান অৰ্থাৎ ৪৪,৭০৭টকা ধাৰ্য কৰা হৈছে। সৰু আকৃতিৰ মূৰ্তিটোৰ দাম হৈছে ১১,১৬৮টকা। ট্ৰাম্পৰ চৰ্চিত শ্লোগান ‘মেক আমেৰিকা গ্ৰেট এগেইন’ৰ আৰ্হিৰে দেশখনৰ ফুজিয়ান প্ৰদেশৰ বিক্ৰেতাগৰাকীয়ে ‘মেক ইঅ’ৰ কোম্পানী গ্ৰেট এগেইন’ বাৰ্তা দিব বিচাৰিছে বুলি গ্লোবেল টাইমছত প্ৰকাশ পাইছে। কোম্পানীটোৱে এনে ১০০টা মূৰ্তি নিৰ্মাণ কৰিছে আৰু ইয়াৰে কেইবাডজন ইতিমধ্যে বিক্ৰী হৈ গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ