--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : আমেৰিকাতো অব্যাহত আছে ক’ভিড সংক্ৰমণ। এনে পৰিপ্ৰেক্ষিতত ইয়াৰো মোকাবিলা কৰিবলৈ দেশখনে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই মহামাৰীৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে প্ৰতিষেধক গ্ৰহণেই একমাত্ৰ অস্ত্ৰ হিচাপে চিহ্নিত হৈছে। দুপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিলেই এজন লোকৰ সম্পূৰ্ণ টিকাকৰণ কৰা বুলি ধৰা হয় যদিও শেহতীয়াকৈ একাধিক দেশে প্ৰতিষেধকৰ তৃতীয় পালি বুষ্টাৰ হিচাপে দিয়াৰ পদক্ষেপো গ্ৰহণ কৰিছে।

প্ৰথমে ইজৰাইল আৰু এতিয়া আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে। কালি আমেৰিকাই অতিৰিক্ত এপালি ক’ভিড প্ৰতিষেধক প্ৰদানত অনুমোদন জনায়। প্ৰতিৰোধ ক্ষমতা কম থকা লোকক এই অতিৰিক্ত পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব দেশখনে। দেশখনত ক’ভিডৰ ডেল্টা সংক্ৰমণৰ সৈতে যুঁজ চলি থকাৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেচন’ (এফডিএ)-এ ফাইজাৰ বায়’টেক আৰু মডেৰ্না ভেকচিনৰ তৃতীয় পালি প্ৰদান কৰাৰ বাবে জৰুৰী অনুমোদন প্ৰদান কৰিছে। এফ ডি এৰ আয়ুক্ত জেনেট উডককে এক বিজ্ঞপ্তিৰ জৰিয়তে এইকথা সদৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ