--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰাকৃতিয়ে গঢ়ে প্ৰাকৃতিয়ে ভাঙে ! বতৰ তথা ঠাই ভেদে দুৰ্যোগ বেলেগ বেলেগ হয়।বাৰিষা কালত বান সমস্যাৰ বাবে অসমৰ জনসাধাৰণে বছৰ বছৰ ধৰি জীয়াতু ভুগি অহাৰ দৰে হিমাচল প্ৰদেশৰ জনসাধাৰণে বাৰিষা কালত ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ, বানপানীৰ দৰে  প্ৰাকৃতিক দুৰ্যোগৰ সন্মূখীন হৈ আহিছে। হিমাচল প্ৰদেশত যোৱা ২৭ জুনৰ পৰা বানপানীৰ লগতে ৫১ টা ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ডাৱৰ বিস্ফোৰণৰ লগতে বাৰিষাৰ ধৰাসাৰ বৰষুণে হিমাচল প্ৰদেশৰ জনসাধাৰণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ৰাজ্যখনত এতিয়ালৈকে ডাৱৰ বিস্ফোৰণ আৰু বানাক্ৰান্ত হৈ ৩১ জন লোকৰ মৃত্যু হৈছে। ৩৩ জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত ৮৩ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস প্ৰাপ্ত হোৱা লগতে ৩৮ টা ঘৰৰ কম-বেছি পৰিমাণে ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে। হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ আৰু বানৰ লগতে ৩৭টা ভূমিস্খলনৰ ঘটনাও পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক দুৰ্যোগে ৰাজ্য খনত বিস্তৰ ক্ষতিসাধন কৰিছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু বতাহ ধুমুহা পৰিলক্ষিত হৈছ্লি।ছিমলা বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে বৰষুণৰ বাবে ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে। দেওবাৰ আৰু সোমবাৰে ৰাজ্যত বতৰ পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনা প্ৰকট কৰিছে ছিমলা বতৰ বিজ্ঞান কেন্দ্ৰই। বুধবাৰে পুনৰবাৰ বতৰৰ সাল সলনি হ’ব আৰু ৰাজ্যৰ বিভিন্ ঠাই বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে।ৰাজ্য খনত ২৭ আৰু ২৮ আগষ্টতো ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন