--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰাকৃতিয়ে গঢ়ে প্ৰাকৃতিয়ে ভাঙে ! বতৰ তথা ঠাই ভেদে দুৰ্যোগ বেলেগ বেলেগ হয়।বাৰিষা কালত বান সমস্যাৰ বাবে অসমৰ জনসাধাৰণে বছৰ বছৰ ধৰি জীয়াতু ভুগি অহাৰ দৰে হিমাচল প্ৰদেশৰ জনসাধাৰণে বাৰিষা কালত ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ, বানপানীৰ দৰে  প্ৰাকৃতিক দুৰ্যোগৰ সন্মূখীন হৈ আহিছে। হিমাচল প্ৰদেশত যোৱা ২৭ জুনৰ পৰা বানপানীৰ লগতে ৫১ টা ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ডাৱৰ বিস্ফোৰণৰ লগতে বাৰিষাৰ ধৰাসাৰ বৰষুণে হিমাচল প্ৰদেশৰ জনসাধাৰণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ৰাজ্যখনত এতিয়ালৈকে ডাৱৰ বিস্ফোৰণ আৰু বানাক্ৰান্ত হৈ ৩১ জন লোকৰ মৃত্যু হৈছে। ৩৩ জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত ৮৩ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস প্ৰাপ্ত হোৱা লগতে ৩৮ টা ঘৰৰ কম-বেছি পৰিমাণে ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে। হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ আৰু বানৰ লগতে ৩৭টা ভূমিস্খলনৰ ঘটনাও পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক দুৰ্যোগে ৰাজ্য খনত বিস্তৰ ক্ষতিসাধন কৰিছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু বতাহ ধুমুহা পৰিলক্ষিত হৈছ্লি।ছিমলা বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে বৰষুণৰ বাবে ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে। দেওবাৰ আৰু সোমবাৰে ৰাজ্যত বতৰ পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনা প্ৰকট কৰিছে ছিমলা বতৰ বিজ্ঞান কেন্দ্ৰই। বুধবাৰে পুনৰবাৰ বতৰৰ সাল সলনি হ’ব আৰু ৰাজ্যৰ বিভিন্ ঠাই বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে।ৰাজ্য খনত ২৭ আৰু ২৮ আগষ্টতো ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন