--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজধানী চহৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। দেশ খনৰ লগ নেৰা হৈছে অপৰাধ মূলক ঘটনাই।এইবাৰ পোহৰলৈ আহিছে শিশু অপৰাধৰ ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি উত্তৰপূব দিল্লীৰ দয়ালপুৰ মাদ্ৰাছাত অধ্যয়নৰত পাঁচ বছৰীয়া শিশুৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। 

আৰক্ষীৰ সূত্ৰই জনোৱা মতে এই হত্যাকাণ্ডৰ অপৰাধত তিনিগৰাকী নাবালক ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ছাত্ৰ তিনিজনে  মাদ্ৰাছাৰ পাঠদান বন্ধ কৰিবৰ বাবে ছাত্ৰজনক নিৰ্মমভাৱে হত্যা কৰিছিল,যাতে কেইদিনমানৰ বাবে মাদ্ৰাছাৰ পাঠদান ল’ব লগা নহয় । মৃত শিশুটোৰ ডিঙি, পেট আৰু কঁকালত আঘাত পৰিলক্ষিত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।শুকুৰবাৰে নিশা প্ৰায় ৯.৫২ বজাত আৰক্ষীয়ে ব্ৰজপুৰী মাদ্ৰাছাৰ ঘটনা সন্দৰ্ভত খবৰ লাভ কৰিছিল।শনিবাৰে  এই হত্যাকাণ্ডৰ খবৰ ৰাজহুৱা কৰে আৰক্ষীয়ে।মৰণোত্তৰ পৰীক্ষাৰ পাছত ঘটনাৰ সবিশেষ তথ্য জানিব পৰা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। গোচৰ  সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। পৰিয়ালৰ লোকে সদৰি কৰা মতে, শিশুটিৰ মাতৃ এগৰাকী বন কৰা মহিলা পিতৃ উত্তৰ প্ৰদেশত কাম কৰে মাহেকত এবাৰ সন্তানৰ ওচৰলৈ আহে। মৃত সন্তানৰ বাদে আৰু দুটা সন্তান মাকৰ লগত থাকে।
 
মাদ্ৰাছা খন প্ৰায় ২৫০ জন ল’ৰাই শিক্ষা গ্ৰহণ কৰে।১৫০ গৰাকী মূলতঃ উত্তৰ প্ৰদেশৰ আৰু বাকীসকল শিক্ষাৰ্থী দিল্লীৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এন.চি.আৰ.বিৰ চি.আই.আই. প্ৰতিবেদনৰ তথ্য মতে ২০১৩ আৰু ২০২২ চনৰ ভিতৰত কিশোৰ অপৰাধৰ সংখ্যা ৪৩,৫০৬ ৰ পৰা ৩০,৫৫৫ লৈ হ্ৰাস পাইছিল। বিগত দহ বছৰত শিশু অপৰাধৰ হাৰ ৩০% হ্ৰাস পাইছে।তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ