--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী শিবিৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ জাননী প্ৰেৰণ কৰা সন্দৰ্ভত বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি পুৰীৰ সাংসদ সম্বিত পাত্ৰই কয় যে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ আনি জাট সম্প্ৰদায়ক অপমান কৰিছে৷ কিন্তু জাটসকলে কেতিয়াও পৰি নিদিয়ে বুলি কংগ্ৰেছে নাজানে বুলি বিৰোধী শিবিৰক কটাক্ষ কৰে৷

ৰাজ্যসভাত জগদীপ ধনখৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱৰ সৈতে জাটসকলৰ সন্মান জড়িত হৈ আছে বুলি উল্লেখ কৰে৷ বিজেপি সাংসদ সম্বিত পাত্ৰই সংবাদমেলত কয় যে কংগ্ৰেছে কেতিয়াও কৃষক আৰু জাট সম্প্ৰদায়ক অপমান কৰিবলৈ সুযোগ নেৰে। গান্ধী পৰিয়ালৰ নিৰ্দেশত ধনখৰৰ বিৰুদ্ধে এই প্ৰস্তাৱ অনা হৈছে বুলি বিজেপি সাংসদ গৰাকীয়ে অভিযোগ উত্থাপন কৰে৷

বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সমেবোধন কৰি লগতে কয় যে কংগ্ৰেছে অ’বিচিৰ প্ৰধানমন্ত্ৰীক সকলো সময়তে অপমান কৰি আহিছে। কংগ্ৰেছ নেতাসকলে জনজাতীয় সমাজৰ দ্ৰৌপদী মুৰ্মুক বহুবাৰ অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু এতিয়া কৃষকৰ সন্তান জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা হৈছে বুলি উল্লেখ কৰে৷ লগতে কয় যে জাট সম্প্ৰদায়ৰ লোকসকলে সদায় সততাৰে কাম কৰে৷জনসাধাৰণে কৃষকৰ সন্তানৰ এই অপমানৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে৷ 

সাংসদৰাকীয়ে আৰু কয় যে যিহেতু বিৰোধী পক্ষৰ হাতত প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে এই জাননী অৰ্থহীন আৰু ইয়াৰ পিছতো এই প্ৰস্তাৱ অনাটোৱে জাটসকলক অপমানৰ বাবে এই প্ৰস্তাৱ অনা হৈছে বুলিও অভিযোগ কৰিছে। উপ-ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন এইয়াই প্ৰথম বুলিও উল্লেখ কৰে৷ তেওঁৰ বিৰুদ্ধে 

ইফালে জগদীপ ধনখৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে ধনখৰৰ কাৰ্যপন্থাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।বিৰোধী দলসমূহে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈ পৰিছে বুলি উল্লেখ কৰে৷ 

উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবলৈ ৰাজ্যসভা আৰু লোকসভা দুয়োখনতে এক তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন।

সম্প্ৰতি ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনতে এন ডি এৰ একক সংখ্যাগৰিষ্ঠতা আছে৷ তেনে পৰিস্থিতিত বিৰোধীৰ এই অনাস্থা প্ৰস্তাৱ কিমানদূৰ ফলপ্ৰসু হয় সেয়া লক্ষনীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ