--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা দামী স্মাৰ্টফোনৰ লালসাত স্বামীয়ে বিক্ৰী কৰিলে পত্নীক। বিয়াৰ মাত্ৰ দুমাহৰ পাছতেই এই নিকৃষ্ট কাণ্ড কৰিলে স্বামীয়ে। ওড়িশাৰ এজন ১৭ বছৰীয়া কিশোৰে ছ'চিয়েল মিডিয়াত চিনাকি হৈছিল ওড়িশাৰে এজনী ২৪ বছৰীয়া যুৱতীৰ সৈতে। প্ৰথমে বন্ধুত্ব তাৰপাছত দুয়োৰে মাজত গঢ় লৈ উঠিল দুৰ্ঘোৰ প্ৰেম। দুয়োৰে প্ৰেম ইমানেই তুংগত উঠিল যে পৰিয়ালৰ লোকে পৰম্পৰাগত ৰীতি-নীতিৰে দুয়োৰে বিয়া পাতি দিবলৈ বাধ্য হ'ল। ১৭ বছৰীয়া দৰাই ২৪ বছৰীয়া কইনাক লগত লৈ ঘৰলৈ আহিল। দুদিন মান সুখেৰে যোৱাৰ পাছত আৰ্থিক সমস্যাই দেখা দিলে দুয়োৰে সংসাৰত। পতিয়ে পত্নীক ক'লে ''আমি দুয়ো একলগে কাম কৰিব লাগিব। অকলে মই নোৱাৰোঁ।'' পত্নীয়েও ভাবিলে ''হয় ঠিকেই এই আৰ্থিক সংকটৰ মাজত মই হাত সাবটি বহি থাকিলে হ'বনে, ময়ো হাতে-কামে লগাই ভাল।''

তেওঁলোক গ'ল ৰাজস্থানলৈ। তাৰে এটা ইটা ভাটাত দুই পতি-পত্নীয়ে কাম কৰিবলৈ ধৰিলে। এনেদৰে দুমাহ যোৱাৰ পিছত মৰমী পত্নীক কিশোৰ পতিয়ে ৰাজস্থানৰ বাৰা জিলাৰ এজন ৫৫ বছৰীয়া ব্যক্তিক বিক্ৰী কৰি দিয়ে। পত্নীক বিক্ৰী কৰি পতিয়ে পালে ২ লাখ টকা। এই বৃহৎ পৰিমাণৰ টকা হাতত পৰাৰ পাছতেই ফূৰ্তিত ক'ব নোৱাৰা হ'ল পতি। প্ৰথমে তেওঁ খোৱা-বোৱাত বহু খৰচ কৰিলে, তাৰপাছত কিনিলে এটা দামী স্মাৰ্টফোন। ঘৰ তথা পত্নীৰ পৰিয়ালক তেওঁ জনালে যে পত্নী ক'ৰবালৈ পলাই গ'ল। কিন্তু পত্নীৰ পৰিয়ালে এই কথা বিশ্বাস নকৰি থানাত এখন এজাহাৰ দাখিল কৰে।

আৰু পঢ়কঃ ফৈজাবাদ ৰে’ল ষ্টেছনৰ নাম সলনি; এইবাৰ কি নতুন নাম দিলে যোগী চৰকাৰে?

এজাহাৰৰ ভিত্তিত ওড়িশা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। যুৱতীগৰাকীক উদ্ধাৰৰ বাবে ওড়িশা আৰক্ষী ৰাওনা হয় ৰাজস্থানলৈ। যুৱতীক উদ্ধাৰ কৰাৰ সময়ত আৰক্ষী বহু সমস্যাত পৰে কাৰণ তেওঁক যিয়ে কিনিছিলে সেই লোকজনৰ গাঁওবাসীয়ে যুৱতীজনীক লগত লৈ যোৱাত আৰক্ষীক বাধা প্ৰদান কৰে। ৫৫ বছৰীয়া লোকজনে কয় যে, ''মই দস্তুৰমত ২ লাখ টকা দি এইগৰাকী যুৱতীক ক্ৰয় কৰিছোঁ। কিয় মই তেওঁক আৰক্ষীৰ লগত যাব দিম। মোৰ টকা মই পানীত পৰিবলৈ নিদিওঁ।'' অৱশেষত আৰক্ষীয়ে সকলো বাধা নেওচি যুৱতীগৰাকীক উদ্ধাৰ কৰে। ওড়িশা আৰক্ষীয়ে যুৱতীগৰাকী কাৰ সৈতে থাকিব বিচাৰে বুলি সুধোতে ওড়িশাৰ মা-দেউতাৰ ওচৰলৈ যাব বিচাৰো বুলি কয় আৰু কেতিয়াও স্বামীৰ ওচৰলৈ ঘূৰি নোযাৱাৰ কথা কয়। বৰ্তমান আৰক্ষীৰ জিম্মাত স্বামী আৰু ৫৫ বছৰীয়া লোকজন। দুয়োৰে বিৰু্দ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক