--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততেই সন্ত্ৰাসবাদৰ আতংকৰে আতংকিত হৈ থকা পাকিস্তানত পুনৰ সংঘটিত হৈছে দুটাকৈ সন্ত্ৰাসবাদী আক্ৰমনৰ। পাকিস্তানৰ সান্ত্ৰাসবাদী আক্ৰমণৰ ইতিহাসত আটাইতকৈ শিহৰণকাৰী আক্ৰমণৰ সন্মুখীন হৈছে পাকিস্তানী জনতা। দেশখনৰ দুখন পৃথক ঠাইত সংঘটিত হৈছে এই আক্ৰমণ।পাকিস্তানৰ দক্ষিণ-পশ্চিম অঞ্চল আৰু বেলুচিস্তান প্ৰদেশত যোৱা ৰাতি এই আক্ৰমণ সংঘটিত হৈছিল বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে।

বেলুচিস্তানৰ কুছাখাইল জিলাত সংঘটিত হোৱা আক্ৰমণত আক্ৰমণকাৰী দলে ২৩ জনকৈ যাত্ৰীক যান বাহনৰ পৰা বলপূৰ্বকভাৱে নমাই হত্যা কৰাৰ লগতে ঘটনাস্থলী ত্যাগ কৰাৰ আগতে দহখনতকৈ অধিক যান বাহনত অগ্নিসংযোগ কৰে।

দ্বিতীয় ঘটনাটো সংঘটিত হৈছে বেলুচিস্তানৰ কালাট জিলাত। প্ৰাপ্ত তথ্য অনুসৰি আক্ৰমণকাৰীয়ে সাধাৰণ জনতাক আক্ৰমণৰ লক্ষ্য কৰি লয়, ৯ জন লোকৰ মৃত্যু হয়। এই আক্ৰমণত চাৰিজন আৰক্ষী বিষয়াসহ ৫জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাই। পাকিস্তানৰ দক্ষিণ-পশ্চিম অঞ্চলত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণৰ বাবে অধিক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি জানিব পৰা গৈছে৷

শেহতীয়াকৈ ইৰাণৰ পাকিস্তান আৰু মাজৰ এটা ৰে’লপথসহ কুৱেটাৰ লগতে দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা এখন ৰে’ল দলং ধংস কৰে আক্ৰমণকাৰী দলে৷ আৰক্ষীৰ সূত্ৰ মতে ঘটনাস্থলীৰ ওচৰেত ছটাকৈ মৃতদেহ উদ্ধাৰ হৈছে,  মৃতদেহ কেইটা এই পৰ্যন্ত চিনাক্তকৰণ কৰিব পৰা  নাই বুলি আৰক্ষীয়ে সদৰি কৰিছে। পাকিস্তানৰ ইন্টেৰিঅ’ৰ মন্ত্ৰী মহছিন নাকভিয়ে এই আক্ৰমণক বৰ্বৰ অভিহিত কৰি এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ সৈতে জড়িত কোনোও হাত সাৰিব নোৱাৰে বুলি আশ্বাস প্ৰদান কৰিছে।

বেলুচ লিবাৰেচন আৰ্মীয়ে অঞ্চটোৰ বিভিন্ন ঠাইত নিৰাপত্তা বাহিনীক আক্ৰমণ চলোৱাৰ লগতে বিচ্ছিন্নতাবাদী সংগঠনটোৱে জনসাধৰণক ঘাইপথৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়াৰ পাছতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বেলুচ বিচ্ছিন্নতাবাদী শক্তি সমূহে পূব পঞ্জাবৰ সাধাৰণ জনতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ঘটনা ইয়াৰ পূৰ্বেও সংঘটিত হৈছে৷ বেলুচিস্তানৰ জনতাই বছৰ বছৰ ধৰি সৰু-সুৰা বিদ্ৰোহৰ সৈতে যুঁজ দি আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক