--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততেই সন্ত্ৰাসবাদৰ আতংকৰে আতংকিত হৈ থকা পাকিস্তানত পুনৰ সংঘটিত হৈছে দুটাকৈ সন্ত্ৰাসবাদী আক্ৰমনৰ। পাকিস্তানৰ সান্ত্ৰাসবাদী আক্ৰমণৰ ইতিহাসত আটাইতকৈ শিহৰণকাৰী আক্ৰমণৰ সন্মুখীন হৈছে পাকিস্তানী জনতা। দেশখনৰ দুখন পৃথক ঠাইত সংঘটিত হৈছে এই আক্ৰমণ।পাকিস্তানৰ দক্ষিণ-পশ্চিম অঞ্চল আৰু বেলুচিস্তান প্ৰদেশত যোৱা ৰাতি এই আক্ৰমণ সংঘটিত হৈছিল বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে।

বেলুচিস্তানৰ কুছাখাইল জিলাত সংঘটিত হোৱা আক্ৰমণত আক্ৰমণকাৰী দলে ২৩ জনকৈ যাত্ৰীক যান বাহনৰ পৰা বলপূৰ্বকভাৱে নমাই হত্যা কৰাৰ লগতে ঘটনাস্থলী ত্যাগ কৰাৰ আগতে দহখনতকৈ অধিক যান বাহনত অগ্নিসংযোগ কৰে।

দ্বিতীয় ঘটনাটো সংঘটিত হৈছে বেলুচিস্তানৰ কালাট জিলাত। প্ৰাপ্ত তথ্য অনুসৰি আক্ৰমণকাৰীয়ে সাধাৰণ জনতাক আক্ৰমণৰ লক্ষ্য কৰি লয়, ৯ জন লোকৰ মৃত্যু হয়। এই আক্ৰমণত চাৰিজন আৰক্ষী বিষয়াসহ ৫জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাই। পাকিস্তানৰ দক্ষিণ-পশ্চিম অঞ্চলত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণৰ বাবে অধিক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি জানিব পৰা গৈছে৷

শেহতীয়াকৈ ইৰাণৰ পাকিস্তান আৰু মাজৰ এটা ৰে’লপথসহ কুৱেটাৰ লগতে দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা এখন ৰে’ল দলং ধংস কৰে আক্ৰমণকাৰী দলে৷ আৰক্ষীৰ সূত্ৰ মতে ঘটনাস্থলীৰ ওচৰেত ছটাকৈ মৃতদেহ উদ্ধাৰ হৈছে,  মৃতদেহ কেইটা এই পৰ্যন্ত চিনাক্তকৰণ কৰিব পৰা  নাই বুলি আৰক্ষীয়ে সদৰি কৰিছে। পাকিস্তানৰ ইন্টেৰিঅ’ৰ মন্ত্ৰী মহছিন নাকভিয়ে এই আক্ৰমণক বৰ্বৰ অভিহিত কৰি এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ সৈতে জড়িত কোনোও হাত সাৰিব নোৱাৰে বুলি আশ্বাস প্ৰদান কৰিছে।

বেলুচ লিবাৰেচন আৰ্মীয়ে অঞ্চটোৰ বিভিন্ন ঠাইত নিৰাপত্তা বাহিনীক আক্ৰমণ চলোৱাৰ লগতে বিচ্ছিন্নতাবাদী সংগঠনটোৱে জনসাধৰণক ঘাইপথৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়াৰ পাছতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বেলুচ বিচ্ছিন্নতাবাদী শক্তি সমূহে পূব পঞ্জাবৰ সাধাৰণ জনতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ঘটনা ইয়াৰ পূৰ্বেও সংঘটিত হৈছে৷ বেলুচিস্তানৰ জনতাই বছৰ বছৰ ধৰি সৰু-সুৰা বিদ্ৰোহৰ সৈতে যুঁজ দি আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ