--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ তালিবানী সন্ত্ৰাসে চৰম পৰ্যায়লৈ অগ্ৰসৰ হৈছে আফগানিস্তান। শিশু,বৃদ্ধা কোনো সাৰি যোৱা নাই তালিবানী সন্ত্ৰাসৰ পৰা। সংবাদ মাধ্যমৰ ওপৰতো শূণ্যসহনশীল নীতি গ্ৰহণ কৰিছে তালিবানে। শেহতীয়াকৈ এগৰাকী মহিলা সাংবাদিকৰ ওপৰত সৰব হৈ পৰিছে সংগঠনটোৱে। তালিবানী সন্ত্ৰাসৰ পৰা আত্মৰক্ষাৰ বাবে পলায়ন কৰিছে মহিলা সাংবাদিকগৰাকীয়ে। ব্ৰিটিছ সংবাদ মাধ্যমত নাম প্ৰকাশত অনিচ্ছুক ২২ বছৰীয়া মহিলা সাংবাদিকগৰাকীয়ে সদৰী কৰা অনুসৰি, তালিবানী যোদ্ধাসকলে বিগত সপ্তাহত তেওঁক বিচাৰি মহিলাগৰাকীৰ ঘৰলৈ গৈছিল। ঘটনাৰ আগজাননী পোৱাৰ লগে লগে যুৱতীগৰাকীয়ে বোৰ্খা পিন্ধি পলায়ন কৰে।


পলায়নৰ কাৰণ জানিব বিচৰাত তেওঁ কয়, ‘ পলায়নৰ কোনো পৰিকল্পনা মোৰ নাছিল। কিন্তু আমাৰ গোটেই প্ৰদেশটো তালিবানে ইতিমধ্যে দখল কৰিছে। কেৱল বিমানবন্দৰটো চৰকাৰী বাহিনীৰ হাতত আছে। যিহেতু মই ২২ বছৰীয়া যুৱতী আৰু তালিবানে আফগান যুৱতীসকলক বন্দী কৰি তেওঁলোকৰ যোদ্ধাসকলৰ সৈতে বিয়াত বহিবলৈ বাধ্য কৰে। ইয়াৰোপৰি মই তাত নিৰাপত্তাহীনতাত ভুগছিলো। যিহেতু মই এজন যুৱ সাংবাদিক। তালিবানে মোৰ সৈতে জড়িত সহকৰ্মীসকলকো বিচাৰি ফুৰিছে। গতিকে, মই পলায়নৰ সিদ্ধান্ত লওঁ।’


ইফালে, কিছুদিন পূৰ্বে আফগানিস্তানত এগৰাকী যুৱতীয়ে বোৰ্খা পৰিধান নকৰাৰ বাবে গুলীয়াই হত্যা কৰাৰ অভিযোগো উত্থাপিত হোৱা দেখা গৈছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰই সৈন্য প্ৰত্যাহাৰৰ পাছত এক জাননীত তালিবানে মহিলাসকলক পুৰুষ অভিভাৱক অবিহনে অকলে ঘৰ এৰি যাবলৈ বাধা প্ৰদান কৰিছিল আৰু মহিলা বিবাহৰ বাবে যৌতুক প্ৰথা ওভতাই লোৱাৰ কথাও ঘোষণা কৰিছিল। তালিবানে আনকি স্থানীয় ইমামসকলক তালিবানী সদস্যসকলৰ বাবে ১৫ৰ পৰা ৪৫ বছৰ বয়সৰ অবিবাহিত আৰু বিধৱা মহিলাৰ এখন তালিকা বিচাৰিছে।
আফগানিস্তানত সংঘটিত শেহতীয়া এই ঘটনাবোৰে ৯০ৰ দশকৰ বৰ্বৰ তালিবানী শাসনৰ কথা সোঁৱৰাই দিছে। ১৯৯৬-২০০১ চনলৈ আফগানিস্তানত তালিবানী শাসন চলিছিল। সেই সময়ত চুৰিকাৰ্যত জড়িতসকলৰ অংগচ্ছেদ কৰা হৈছিল, শিলগুটি নিক্ষেপেৰে হত্যা কৰা হৈছিল, আনকি মহিলাসকলৰ ওপৰতো বৃহৎ প্ৰতিবন্ধকতা আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য মোতায়েন কৰাৰ আগমুহূৰ্তলৈকে তালিবানে এই আইনসমূহ জাৰী ৰাখিছিল। সেই সময়ত, মহিলাসকলক কেৱল স্বদেশত নিযুক্তি দিয়াই নহয় তেওঁলোকক পুৰুষ আত্মীয় অবিহনে ঘৰৰ বাহিৰলৈ যাবলৈও অনুমতি দিয়া নহৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ