--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি  শোৱনি কোঠাৰ লগত সংলগ্ন কৰি শৌচাগাৰ নিৰ্মাণ কৰিবলগীয়া হয়। তেন্তে সেয়া উত্তৰ-পশ্চিম অথবা দক্ষিণ-পূব দিশত নিৰ্মাণ কৰিব লাগে। ঘৰৰ কোঠাৰ ভিতৰত বিছনা আদি স্থাপন কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। 

বিছনা কমেও দেৱালৰ পৰা প্ৰায় তিনি ইঞ্চি দূৰত স্থাপন কৰিব লাগে। শোৱনি কোঠাৰ দক্ষিণ-পশ্চিম দিশত বিছনা আদি স্থাপন কৰিব লাগে। আলমাৰী অথবা আন শ্ব’কেচ আদি কোঠাৰ ভিতৰত ৰখাৰ উত্তম দিশ হৈছে ঘৰৰ দক্ষিণ-পশ্চিম দিশ। পঢ়া-শুনা কৰাৰ কোঠা নিৰ্মাণৰ উত্তম দিশ হৈছে উত্তৰ বা পশ্চিম দিশ। অতিথি আদি থাকিব পৰা কোঠা ঘৰৰ উত্তৰ- পশ্চিম দিশে সাজিলে ভাল। অসুস্থ হৈ পৰা লোকক ঘৰৰ উত্তৰ-পূব দিশৰ কোঠাত ৰাখিলে তেওঁ শীঘ্ৰে আৰোগ্য লাভ কৰে। 

মন্দিৰ আদি স্থাপন কৰাৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ-পূব দিশটোক নিৰ্বাচন কৰিব লাগে। এইক্ষেত্ৰত গৃহস্থই পূব বা উত্তৰমুৱা হৈ পূজা-অৰ্চনা আদি কৰিব পাৰে। এনেদৰে বিভিন্ন কামত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কোঠা আদি বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি সঠিক দিশত নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধি পায় আৰু গৃহস্থ সুস্বাস্থ্যৱান তথা ধনৱান হৈ পৰেকৰিব লাগে উত্তৰ-পূব দিশৰ পূব পিনে। মাটি যদি পশ্চিমমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ উত্তৰ-পশ্চিম দিশৰ পশ্চিম পিনে সাজিব লাগে। মাটি যদি দক্ষিণমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ দক্ষিণ-পূব দিশৰ দক্ষিণ  পিনে সাজিব লাগে । কেতিয়াও সীমাৰ দেৱালৰ দক্ষিণ-পূবৰ পুব দিশ, দক্ষিণ- পশ্চিমৰ পশ্চিম দিশ, উত্তৰ-পশ্চিমৰ উত্তৰ দিশ আৰু দক্ষিণ দিশে প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিব নালাগে । 

এনেবোৰ দিশত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহকন্দল অনবৰতে চলি থাকিব পাৰে । মাটি এডোখৰৰ মধ্যস্থলক ব্ৰহ্মস্থল বুলি কোৱা হয় । এই ব্ৰহ্মস্থল সদায় সুৰক্ষিত কৰি ৰাখিব লাগে৷ ব্ৰহ্মস্থলত কোনো ওজনযুক্ত বস্তু ৰাখিব নালাগে। তদুপৰি ব্ৰহ্মস্থলত কোনোধৰণৰ দেৱাল, স্তম্ভ আদি সাজিব নালাগে । ঘৰৰ বাৰাণ্ডা আদি নিৰ্মাণৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব অধিক। ঘৰৰ বাৰাণ্ডা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সদায় উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে। ঘৰৰ বাৰাণ্ডাত জোতা, চেণ্ডেল আদি ৰাখিবলৈ উত্তৰ-পশ্চিম দিশটো নিৰ্বাচন কৰিব লাগে। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত পানীৰ উৎস নিশ্চিত কৰাটো অতি প্রয়োজনীয় কথা। 

পানীৰ উৎস বিভিন্ন ধৰণৰ দমকল, নাদ আদি হ'ব পাৰে। এনেধৰণৰ দমকল, নাদ আদি ঘৰৰ উত্তৰ-পূব দিশত স্থাপন কৰিব লাগে। পানী ৰাখিবলৈ যদি টেংকীৰ প্ৰয়োজন হয় তেন্তে তেনে টেংকী ঘৰৰ উত্তৰ-পশ্চিম নাইবা দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। সাধাৰণতে প্ৰতিটো ঘৰতেই আলহী বহিব পৰা একোটা বিশেষ কোঠা থাকে। এনে কোঠা ঘৰৰ পূব বা উত্তৰ-পশ্চিম দিশত নিৰ্মাণ কৰিব লাগে। আলহী বহা ঘৰত গৃহস্থই বহা আসন পশ্চিম বা পূব পিনে ৰাখিব লাগে। আলহী বহিব পৰা আসন দক্ষিণ বা পশ্চিমপিনে স্থাপন কৰিব লাগে। ঘৰত শৌচাগাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব থাকে। শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ