ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ 'মেক ইন ইণ্ডিয়া' অভিযান কেৱল শ্ল'গানতে আবদ্ধ থকাৰ তথ্য পোহৰলৈ আহিছে। ভাৰতীয় উদ্যোগ খণ্ড বৰ্তমান চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত গভীৰভাৱে নিৰ্ভৰশীল হৈ পৰিছে। যিয়ে দেশৰ অর্থনীতিলৈ এটা বৃহৎ প্রত্যাহ্বান কঢ়িয়াই আনিছে। গোলকীয় বাণিজ্য গৱেষণা পদক্ষেপ (জি টি আৰ আই)ৰ শেহতীয়া তথ্য অনুসৰি, ভাৰতৰ মুঠ ঔদ্যোগিক আমদানিৰ ৩০ শতাংশতকৈ অধিক অংশ বৰ্তমান সময়ত চীনৰ পৰা আহে।
সংস্থাটোৰ প্ৰতিবেদনৰ তথ্য মতে, ভাৰতীয় উদ্যোগতকৈ চীনা কোম্পানীসমূহক সুবিধা দি যদিহে এই গতিত চীনা সামগ্রী ভাৰতে আমদানি অব্যাহত ৰাখে তেনেহ'লে দুয়োখন দেশৰ মাজৰ বাণিজ্যক ঘাটিবৃদ্ধি হৈ ১৩৪ বিলিয়ন ডলাৰ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে বর্তমান সময়ত ভাৰতীয় ঔদ্যোগিক কাৰখানসমূহে উৎপাদন কৰা ইলেক্ট্রনিকছ, টেলিকম সঁজুলি, যন্ত্রপাতি, ফার্মাচিউটিকেল উপাদান আৰু ৰায়াসনিক পদাৰ্থৰ দৰে প্ৰায় ১০০ বিধতকৈ অধিক অতি প্রয়োজনীয় সামগ্ৰীৰ বাবে চীনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। ভাৰতে চীনৰ পৰা স্মার্টফ'ন, সৌৰশক্তিৰ সঁজুলিৰ দৰে সামগ্ৰীৰ আমদানি হ্রাস কৰাত সফলতা লাভ কৰিছে যদিও সেইবোৰ তৈয়াৰ কৰিবলৈ আৱশ্যক হোৱা সৰু-বৰ সঁজুলি এতিয়াও চীনৰ পৰা ক্ৰয় কৰি আছে।
উল্লেখযোগ্য যে ভাৰতে চীনলৈ যিমান পৰিমাণৰ সামগ্ৰী ৰপ্তানি কৰে, তাৰ তুলনাত ৬-৭গুণ অধিক মূল্যৰ চীনৰ পৰা আমদানি কৰে। চীনৰ বজাৰত থকা বিভিন্ন শুল্ক বা অন্যান্য প্রতিবন্ধকতাৰ বাবে ভাৰতীয় কোম্পানীবোৰে দেশখনত ব্যৱসায় বিস্তাৰ কৰিব পৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ মেক ইন ইণ্ডিয়া অভিযানক শক্তিশালী কৰাৰ বাবে ভাৰতে নিজৰ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰিব লাগিব আৰু লগতে আন দেশবোৰৰ সৈতেও যোগান শৃংখলা গঢ়ি তোলাটো অত্যন্ত জৰুৰী হৈ পৰিছে।
উৎস: দৈনিক জনমভূমি