ডিজিটেল ডেস্ক: বলীউডৰ বলিষ্ঠ অভিনেতা নানা পাটেকাৰ আৰু নাই। ৭৫ বছৰ বয়সত গোৱাৰ ডোনা পাউলাস্থিত নিজ বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে প্ৰতিভাশালী অভিনেতাগৰাকীয়ে। হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ জগতৰ অন্যতম শক্তিশালী তথা জনপ্ৰিয় অভিনেতা নানা পাটেকাৰৰ আকস্মিক মৃত্যুত শোকস্তব্ধ দেশবাসী।
তথ্য অনুসৰি গোৱাৰ বাসগৃহত তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছত তৎক্ষণাৎ মণিপাল হাস্পতাললৈ লৈ যোৱা হয়। হাস্পতালৰ চিকিৎসকে তেওঁক বচাবলৈ প্ৰায় ৪৫ মিনিট ধৰি CPR প্ৰদান কৰে যদিও সকলো চেষ্টা ব্যৰ্থ কৰি তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। এই আকস্মিক মৃত্যুৰ ঘটনা সন্দৰ্ভত এটি মেডিকো-লিগেল কেছ ৰুজু কৰা হৈছে আৰু নিয়মমাফিক মৰণোত্তৰ পৰীক্ষাও সম্পন্ন কৰা হ’ব।
১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰৰ মুৰুড-জঞ্জিৰাত জন্মগ্ৰহণ কৰা নানা পাটেকাৰৰ প্ৰকৃত নাম আছিল বিশ্বনাথ পাটেকাৰ। প্ৰায় পাঁচ দশকজোৰা দীঘলীয়া অভিনয় জীৱনত তেওঁ হিন্দী আৰু মাৰাঠী চিনেমাৰ বহুকেইটা স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল। স্বকীয় সংলাপ কোৱাৰ শৈলী আৰু অভিনয়েৰে তেওঁ দৰ্শকৰ মনত এক সুকীয়া আসন দখল কৰিছিল।
১৯৭৮ চনত ‘গমন’ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা নানা পাটেকাৰে পিচলৈ পিঠি উভতি চাব লগা হোৱা নাছিল। তেওঁৰ অভিনয় প্ৰতিভাযুক্ত কেইখনমান বিখ্যাত ছবি হ’ল—‘ছালাম বম্বে’,‘পৰিন্দা’, ‘ক্ৰান্তিবীৰ’, ‘অগ্নিসাক্ষী’, ৰাজু বন গয়া জেণ্টেলমেন, ‘খামোশী: দ্য মিউজিকেল’,‘আব তক ছাপ্পান’,‘ৱেলকাম’ আদি।
দৰ্শকৰ হৃদয়ত স্থান দখল কৰাৰ লগতে সমালোচকৰ দ্বাৰাও সমাদৃত হৈছিল নানা পাটেকাৰৰ অভিনয়। বিশেষকৈ ‘ক্ৰান্তিবীৰ’, ‘পৰিন্দা’ আৰু ‘অগ্নিসাক্ষী’ ছবিৰ অনবদ্য অভিনয়ৰ বাবে তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ২০১৩ চনত তেওঁক দেশৰ অন্যতম প্ৰধান সন্মান ‘পদ্মশ্ৰী’ৰে বিভূষিত কৰা হয়। কেৱল অভিনয়তেই সীমাবদ্ধ নাথাকি তেওঁ পৰিচালক আৰু লেখক হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিছিল। ১৯৯১ চনত মুক্তি পোৱা ‘প্ৰহাৰ: দ্য ফাইনেল এটেক’ ছবিখন তেওঁ নিজেই পৰিচালনা কৰিছিল।
নাম, টকা-পইচা, যশস্যাৰে জীৱন ভৰি থকাৰ পাছতো নানা পাটেকাৰে অতি সাধাৰণভাৱে জীৱন কটাইছিল আৰু উপাৰ্জনৰ প্ৰায়খিনি অংশ তেওঁ দুখীয়া-নিচলা মানুহৰ মাজত বিলাই দিছিল। সমাজৰ নানা কথাতো সবলভাৱে মাত মাতি আহিছিল অভিনেতাগৰাকীয়ে।
চিনেমাৰ লগতে দীৰ্ঘদিন ধৰি থিয়েটাৰ আৰু নাট্যজগতৰ সৈতেও ওতপ্রোতভাৱে জড়িত আছিল নানা পাটেকাৰ। তেওঁৰ এই আকস্মিক বিয়োগত সমগ্ৰ বলীউডৰ লগতে অলেখ অনুৰাগীৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।